ETV Bharat / state

বিভিন্ন বিষয়ত চৰকাৰক সমালোচনা কৰি ৰোষত পৰিল ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি - Novelist Juri Bora Borgohain - NOVELIST JURI BORA BORGOHAIN

Juri Bora Borgohain: বিভিন্ন বিষয়ত চৰকাৰক সমালোচনা কৰি ৰোষত পৰিছে ৰাজ্যৰ বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি । ১৯ তাৰিখৰ ভিতৰত আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিক । যড়যন্ত্ৰ কৰি কণ্ঠ ৰোধ কৰিব নোৱাৰে বুলি মন্তব্য ঔপন্যাসিকগৰাকীৰ ।

Police summons novelist Juri Bora Borgohain for criticising the government
সমালোচনা কৰি চৰকাৰৰ ৰোষত পৰিল ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:59 PM IST

সমালোচনা কৰি চৰকাৰৰ ৰোষত পৰিল ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি (ETV Bharat Assam)

ডিব্ৰুগড়, ১৪ মে': কেইবাখনো জনপ্ৰিয় উপন্যাস লিখি সাহিত্যজগত সমৃদ্ধ কৰা বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ এটা ফেচবুক প'ষ্টে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । বিশিষ্ট সাহিত্যিকগৰাকীয়ে এটা দিনৰ পুৰ্বে নিজে ফেচবুকত লিখিছিল "এইমাত্ৰ চিকিৎসাৰ দ্বায়িত্বক লৈ চৰকাৰক সমালোচনা কৰিলোঁ । আধাঘণ্টাত ফোন আহিল । মই এখন থানাত হাজিৰ হ'ব লাগে । কাৰণ বহুদিন আগতে নিষ্ঠুৰ হত্যাৰ বলি হোৱা এগৰাকী মৃত, কণমানিৰ ফটো সামাজিক মাধ্যমত দিছিলোঁ ।"

এই ফেচবুক প'ষ্টৰ পাছতে ৰাজ্যত প্ৰতিক্ৰিয়া আৰম্ভ । চৰকাৰক বিভিন্ন বিষয়ত তীব্ৰ সমালোচনা কৰি থকা বিশিষ্ট ঔপন্যাসিকগৰাকী এইবাৰ চৰকাৰৰ ৰোষত পৰিছে । সকলোৱে অনুমান কৰিছে চৰকাৰৰ বিৰুদ্ধে সময়ে সময়ে সমালোচনা কৰি অহা বাবেই এইবাৰ আৰক্ষীৰ মেৰপাকত সোমাই পৰিছে ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি ।

কেইবাদিনো ধৰি ৰাজ্যৰ বাহিৰত থকা বিশিষ্ট সাহিত্যিকগৰাকী মঙলবাৰে ডিব্ৰুগড়ৰ বিমাবন্দৰত আহি উপস্থিত হোৱা পাছতেই এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । জনপ্ৰিয় ঔপন্যাসিকগৰাকীক ২০২২ চনৰ মাৰ্ঘেৰিটাৰ এটি অঞ্চলৰ এটি শিশুৰ মৃত ছবি ছ'চিয়েল মিডিয়াত আপলোড কৰা বাবেই ঔপন্যাসিকগৰাকীক মাৰ্ঘেৰিটা আৰক্ষী থানাই তলব কৰা বুলি সংবাদ মাধ্যমত আগত উল্লেখ কৰে ।

১৯ তাৰিখৰ ভিতৰত আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে । নন্দিনী, নাংফা, ভোক, আপোনজনৰ ঠিকনা, লিডলাম, আদিকে ধৰি বহুকেইখন জনপ্ৰিয় গ্ৰন্থ আৰু উপন্যাসৰ স্ৰষ্টা এইগৰাকী ঔপন্যাসিকক এনেদৰে আৰক্ষী প্ৰশাসনে তলব কৰা ঘটনাই এতিয়া অসমৰ বৌদ্ধিক জগতত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে ।

লগতে পঢ়ক: Pranjal Moran Missing Case: প্ৰাঞ্জল মৰাণৰ সন্ধানৰ দাবীত জুৰী বৰা বৰগোহাঞিৰ একক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.