ETV Bharat / state

দুখন গ্ৰীষ্মকালীন বিশেষ ৰে'লৰ সময়সীমাৰ সম্প্ৰসাৰণ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ - North Eastern Frontier Railway

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:42 PM IST

North Eastern Frontier Railway: ৰে'ল যাত্ৰাৰ সময়ত অবাঞ্চিত ভিৰৰ বাবে টিকটৰ পৰা বঞ্চিত হ'ব নালাগে আপুনি । উত্তৰ-পূৱ ৰে'লৱেই কৰিছে দুখন গ্ৰীষ্মকালীন বিশেষ ৰে'লৰ সময়সীমাৰ সম্প্ৰসাৰণ । উত্তৰ পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই এক প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা ।

North Eastern Railway extends deadline for two summer special trains
দুখন গ্ৰীষ্মকালীন বিশেষ ৰে'লৰ সময়সীমাৰ সম্প্ৰসাৰণ উত্তৰ-পূৱ ৰে'লৱেৰ (Google)

তেজপুৰ,৬ জুন: আপুনি ৰে'লত যাত্ৰা কৰে নেকি ? এই যাত্ৰাৰ সময়ত অবাঞ্চিত ভিৰৰ বাবে আপুনি যাত্ৰাৰ টিকট পোৱাৰ পৰা বঞ্চিত হৈছিল যদিও এতিয়া আৰু চিন্তা কৰিব নালাগে । কাৰণ উত্তৰ-পূৱ ৰে'লৱে আৰম্ভ কৰিছে দুখন গ্ৰীষ্মকালীন বিশেষ ৰে'লৰ সময়সীমাৰ সম্প্ৰসাৰণ । উত্তৰ-পূৱ ৰে'লৱেৰ যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে, ৰে'ল নং. ০৬১০৩/০৬১০৪ (নাগেৰকইল জংচন–ডিব্ৰুগড়–নাগেৰকইল জংচন) আৰু ৰে'ল নং-০৬১০৫/০৬১০৬ (নাগেৰকইল জংচন–ডিব্ৰুগড়–নাগেৰকইল জংচন) উভয় দিশত একেলগে প্ৰত্যেকৰে দুটাকৈ ট্ৰিপৰ বাবে এই সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

উত্তৰ পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই এক প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা । এই ৰে'লসমূহৰ সেৱাৰ দিন, সময় আৰু ষ্ট'পেজৰ সময়ৰ সৈতে চলাচল কৰিব । লগতে, উত্তৰ পূব সীমান্ত ৰে'লৱেয়ে ৭ জুন, তাৰিখে গুৱাহাটী আৰু হাওৰাৰ মাজত এখন ৱান ৱে' গ্ৰীষ্মকালীন বিশেষ ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি, ৰেল নং-০৬১০৩ (নাগেৰকইল জংচন–ডিব্ৰুগড়) বিশেষ ৰে'লখন ৭ জুনৰ পৰা ২১ জুন, ২০২৪ লৈ প্ৰতি শুকুৰবাৰলৈ সম্প্ৰসাৰিত কৰা হৈছে ।

উভতনি যাত্ৰাৰ দিশত, ৰে'ল নং-০৬১০৪ (ডিব্ৰুগড়–নাগেৰকইল জংচন) বিশেষ ৰে'লখন প্ৰতি বুধবাৰে ১২ জুনৰ পৰা ২৬ জুন, ২০২৪ লৈ সম্প্ৰসাৰিত কৰা হৈছে । ৰে'ল নং-০৬১০৫ (নাগেৰকইল জংচন–ডিব্ৰুগড়) বিশেষ ৰে'লখন ১৪ জুনৰ পৰা ২৮ জুন, ২০২৪ লৈ প্ৰতি শুকুৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে । উভতনি যাত্ৰাৰ দিশত, ৰে'ল নং-০৬১০৬ (ডিব্ৰুগড়– নাগেৰকইল জংচন) বিশেষ ৰে'লখন প্ৰতি বুধবাৰে ১৯ জুনৰ পৰা ০৩ জুলাই, ২০২৪ লৈ সম্প্ৰসাৰিত কৰা হৈছে ।

এই ৰে'লসমূহৰ সেৱাৰ সম্প্ৰসাৰণে সেই পথসমূহত অন্যান্য ৰে'লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলক লাভান্বিত কৰিব । তদুপৰি, ৰে'ল নং ০৫৬৮০ (গুৱাহাটী - হাওড়া) ৱান ৱে' বিশেষ ৰে'লখন শুকুৰবাৰে ৭ জুন, ২০২৪ তাৰিখে পুৱা ৫:৫০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি শনিবাৰে পুৱা ৩:০০ বজাত হাওৰাত গৈ উপস্থিত হ'ব । এই ৱান ৱে' বিশেষ ৰে'লখনত যাত্ৰীসকলৰ সুবিধাৰ বাবে ২১ টা দবা থাকিব ।

যাত্ৰাৰ সময়ত ৰে'লখন গোৱালপাৰা টাউন, নিউ বঙাইগাঁও নিউ জলপাইগুৰি, মালদা টাউন আৰু বৰ্ধমান আদি ষ্টেচন হৈ চলাচল কৰিব । এই ৰে'লসমূহৰ ষ্ট'পেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে । যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে ।

লগতে পঢ়ক: লামডিং-শিলচৰ পাহাৰ লাইনত সূচল ৰে'ল সেৱা - TRAIN SERVICES RESUME

বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা - North East Fronier Railway

তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - NF Railways Cancelled Trains

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.