ETV Bharat / state

উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ ই এমৰ বিৰুদ্ধে তিনি যুৱকক হত্যাৰ চেষ্টাৰ অভিযোগ - NCAC EM ACCUSED OF KILLING YOUTHS

উমৰাংচ' নোবাদী লংকুক্ৰ গাঁৱৰ তিনি যুৱকক হত্যাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিঙৰ বিৰুদ্ধে ।

NCAC EM accused of threating to killed youths
তিনি যুৱকক হত্যাৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2024, 5:41 PM IST

হাফলং : বুধবাৰে দুপৰীয়াৰ ভাগত ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচ' নোৱাদী লংকুক্ৰ গাঁৱত গাঁওবাসীৰ ওপৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ তিনিগৰাকী যুৱকে বৃহস্পতিবাৰে হাফলং থানাত ই এম মনজিত নাইডিঙৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰ দাখিল কৰি হাফলং থানাৰ বাহিৰত তিনিগৰাকী যুৱকে সাংবাদিকৰ আগতে কয়, "বুধবাৰে দুপৰীয়া 2 মান বজাত উমৰাংচ' লংকুক্ৰ গাঁৱত আহি উপস্থিত হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিং । তেওঁ গাঁৱত জে পি লক্ষ্মী চিমেণ্ট উদ্যোগ স্থাপন আৰু মাইনিঙৰ বাবে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । তেতিয়া খবৰ পাই আমি তাত উপস্থিত হোৱাত মনজিৎ নাইডিঙে আমাৰ ওপৰত আক্ৰমণ চলাই মাৰপিট কৰে । মনজিৎ নাইডিঙে তেওঁৰ পি এছ অ'ৰ বন্দুক লৈ গুলী চলায় ।"

তিনি যুৱকক হত্যাৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)

যুৱককেইগৰাকীয়ে লগতে কয়, "উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিঙৰ লগতে বন বিভাগৰ ৰেঞ্জাৰ ধনমাই থাওচেন আৰু মনজিৎ নাইডিঙৰ পি এছ অ' হিমন্ত থাওচেনে আমাক প্ৰাণেমৰাৰ চেষ্টা কৰে আৰু আমাক মাৰি মাটিত পুতি থোৱাৰ ভাবুকি দিয়ে । যদি এমাহৰ ভিতৰত আমি চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে ভূমি নিদিওঁ তেনেহ'লে আমাক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি দিয়ে ।"

সাংবাদিকৰ আগত তিনি অভিযোগকাৰী যুৱকে কয়, "বুধবাৰে যেতিয়া মনজিৎ নাইডিং গাঁৱত উপস্থিত হৈ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেতিয়া আমি তাত উপস্থিতি হওঁ । তাৰ পিছত মনজিৎ নাইডিঙে আমাক কয় কাৰ নিৰ্দেশত আমি ইয়ালৈ আহিছো । এই প্ৰশ্ন সুধি আমাক প্ৰচণ্ড মাৰপিট কৰে ।"

যুৱককেইগৰাকীয়ে লগতে কয়, "মনজিৎ নাইডিঙে জনাইছিল বৰ্তমান এই ভূমি দিয়াৰ বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পি আই এল দাখিল কৰা হৈছে । এতিয়ালৈকে এই পি আই এলৰ শুনানি হোৱা নাই । এই অৱস্থাত কিয় তেওঁলোকে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে এই প্ৰশ্ন কৰাৰ লগে লগে আমাক প্ৰচণ্ডভাৱে মাৰপিট কৰি হত্যাৰ ভাবুকি দিয়ে ।

আনহাতে, অভিযোগকাৰীয়ে কয়, "আমাৰ আৰু আমাৰ পৰিয়ালৰ কোনো সদস্যৰ যদি কিবা হয় তেনেহ'লে তাৰ বাবে দায়ী হ'ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিং ।

লগতে পঢ়ক :জয়ন্ত মল্লবৰুৱাই ললিপপ খুৱালে নেকি অমিয় কান্তি দাসক ?
লগতে পঢ়ক :পলিথিনেৰে মেৰিয়াই ৰাজথপত মৃতদেহ চোঁচৰালে আৰক্ষীয়ে; তদন্তৰ নিৰ্দেশ ডিজিপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.