ETV Bharat / state

অনা অসমীয়া প্ৰহাৰত আহত অসমীয়া যুৱক, আটক পিতা-পুত্ৰ - Assamese Non Assamese - ASSAMESE NON ASSAMESE

Delivery Boy: ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱকক সামান্য় কথাতেই কৰিলে প্ৰহাৰ । ডেলিভাৰী দিবলৈ যাওতে ল’বলৈ অস্বীকাৰ কৰাত উঠিল খং । তাৰ পিচতেই ঘটিল ঘটনাটো ।

Delivery Boy beaten
পুনৰ বহিৰাগতৰ আক্ৰমণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 1:57 PM IST

তিনিচুকীয়া, ৪ ছেপ্টেম্বৰ: ৰাজ্য়ত অনাঅসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে পুনৰ বহিৰাগতৰ আক্ৰমণত আহত হ'ল এজন খিলঞ্জীয়া যুৱক । ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱক এজনক সামান্য় কথাতেই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে বহিৰাগত পৰিয়াল এটাৰ পিতা-পুত্ৰই । যুৱকজনে ডেলিভাৰী দিবলৈ যাওতেই সংঘটিত হয় এই ঘটনাটো । এইবাৰ ঘটনাৰ স্থান তিনিচুকীয়া ।

পুনৰ বহিৰাগতৰ আক্ৰমণ (ETV Bharat Assam)

উত্থাপিত অভিযোগ মতে, ডেলিভাৰী বয় হিচাপে কৰ্মৰত কাকপথাৰৰ ৰঞ্জন মৰাণ নামৰ যুৱকজনক ডেলিভাৰী দিবলৈ যাওতে চলিহানগৰত বহিৰাগত পিতা-পুত্ৰই প্ৰহাৰ কৰে ৷ ইয়াৰ পিচতেই যুৱকজনে উক্ত ঘটনাৰ বিষয়ে তেওঁ কৰ্মৰত কোম্পানীটোৰ বিষয়াক অৱগত কৰে । পৰৱৰ্তী সময়ত অভিযুক্ত পিতা-পুত্ৰৰ বিৰুদ্ধে তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাত যুৱকজনৰ লগতে ডেলিভাৰী কোম্পানীয়ে দাখিল কৰে এজাহাৰ।

আটক দুই অভিযুক্ত :

ভুক্তভোগী ৰঞ্জন মৰাণে পিচত এই ঘটনাটো আছুৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ নেতাক অৱগত কৰে । দুখনকৈ এজাহাৰৰ লগতে আছু, মৰাণ ছাত্ৰ সন্থাৰ হেঁচাত অৱশেষত আৰক্ষীয়ে আটক কৰে পিতা-পুত্ৰক ৷ ধৃত দুই অভিযুক্ত হৈছে ক্ৰমে ৰাহুল পাছোৱান আৰু বিনোদ পাছোৱান ৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে গোপন কেমেৰাত বন্দী হোৱা সমগ্ৰ দৃশ্য সংগ্ৰহ কৰি নামিছে ঘটনাৰ তদন্তত ৷

  • ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ ভাষ্য় :

উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে কয়, "মই ডেলিভাৰী দিবলৈ যাওতে যুৱকজনে ল’বলৈ অস্বীকাৰ কৰে ৷ তেওঁ তেতিয়া অৰ্ডাৰটো কেঞ্চেল কৰিব কোৱাত মই ক'লো যে কেঞ্চেল কৰিবলৈ অ'টিপিৰ প্ৰয়োজন । অ'টিপি বিচৰাৰ পাছতে পিতা-পুত্ৰই মোক বেয়াকৈ প্ৰহাৰ কৰে ৷ লগতে যুৱকজনৰ মাতৃয়েও প্ৰহাৰ কৰাত উৎসাহ দিয়ে ।"

ইফালে, উক্ত ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্ত পিতা-পুত্ৰক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগে দাবী জনাইছে ৷ অন্যথা যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থকা বুলি সংগঠন দুটাই সকীয়াই দিছে ।

লগতে পঢ়ক:খিলঞ্জীয়াক কিয় প্ৰহাৰ কৰিলে বহিৰাগত ব্য়ৱসায়ীয়ে ? - Protest against Non Assamese

আমাক গ্ৰেপ্তাৰ কৰিলেও উজনিৰ পৰা মিঞা যাবই লাগিব : টাইপাৰ সভাপতিক আটক - Miya Muslims Controversy

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.