ETV Bharat / state

এলায়েন্সৰ ধৰ্ম কংগ্ৰেছতকৈ কোনেও বেছিকৈ নাজানে : ভূপেন কুমাৰ বৰাৰ কৌশলী যুক্তি - Assembly bypolls 2024

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 5:02 PM IST

Assembly bypolls 2024: সমাগত অসমৰ বিধানসভাৰ উপ-নিৰ্বাচন । কিন্তু উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কোৱাৰ লগে লগে বিৰোধী ঐক্য মঞ্চত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এলায়েন্সৰ ধৰ্মৰ প্ৰসংগ দাঙি ধৰে ।

Assembly bypolls 2024
এলায়েন্সৰ ধৰ্ম কংগ্ৰেছতকৈ কোনেও বেছিকৈ নাজানে (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুলাই : কংগ্ৰেছক বিৰোধী দলসমূহৰ সমৰ্থন লাগে কিন্তু আসন এৰি নিদিয়ে । এই কথা পাকে-প্ৰকাৰে বুজাব বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । ৫ টা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ ইংগিত দিয়াৰ পিচতে বিৰোধী ঐক্য মঞ্চত ক্ষোভৰ উদগীৰণ হৈছে । বিৰোধী ঐক্য মঞ্চত থকা দলসমূহে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিন্তু তাৰ পাচতো ভূপেন কুমাৰ বৰাই ক'ব বিচাৰে যে এলায়েন্সৰ ধৰ্ম কংগ্ৰেছতকৈ কোনেও বেছিকৈ নাজানে ।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত ভূপেন কুমাৰ বৰাই 'ইণ্ডি' এলায়েন্সৰ প্ৰেক্ষাপটত বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী প্ৰসংগৰে কয় যে এলায়েন্সত থাকিলেই সকলো দলে নিৰ্বাচনত অৱতীৰ্ণ নহয় । বৰাই নিৰ্বাচনী ইতিহাসৰ কথা কৈ বিৰোধীৰ সমৰ্থনত অকলে নিৰ্বাচন খেলাৰ কথাটোকে পৰোক্ষভাৱে দাঙি ধৰে ।

বৰাই কয় যে বিৰোধী ঐক্য মঞ্চত থকা দলসমূহক লৈয়ে ২০২৬ ৰ নিৰ্বাচন খেলাটো নিশ্চিত । কিন্তু আজিৰ তাৰিখত কোনেও ঘৰত হাত-সাৱটি বহি থাকিলে নহ'ব । দলসমূহে নিজৰ শক্তি বৃদ্ধিৰ বাবে কাম কৰিব লাগিব । কাম নকৰি কেৱল বিধানসভাত পাঁচটা টিকট দিয়ক বুলি ক'লে নহ'ব । দলসমূহে নিজৰ পৰিসৰ বৃদ্ধি তথা সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে কাম কৰিব লাগিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে ।

উপ-নিৰ্বাচনৰ প্ৰসংগত বৰাই কয় যে ইণ্ডিয়া ব্লকত ২৬ টা দল আছে । মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ২৬ টা দলে টিকট নাপায় । তাত শিৱসেনা, এন চি পি আৰু কংগ্ৰেছে টিকট পাব । কথাটো সকলোৱে বুজি পাব লাগিব বুলি তেওঁ উল্লেখ কৰে । বিৰোধী ঐক্য মঞ্চ এনেকুৱা নহয় যে প্ৰত্যেকটো দলৰে বিহালীত সংগঠন আছে । তাত চি পি আই এম এলৰ সংগঠন আছে । যাৰ বাবে চি পি আই এম এলৰ সৈতে কথা পতা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

বঙাইগাঁৱত বৰপেটা লোকসভা নিৰ্বাচনৰ ভোট চালেই গম পোৱা যায় যে তাত বিৰোধী ঐক্য মঞ্চৰ কাৰ প্ৰভুত্ব আছে । চিদলীত ক্ৰমে বি পি এফ, ইউ পি পি এল আৰু কংগ্ৰেছৰ প্ৰভাৱ আছে । চতুৰ্থ স্থানত তাত কোনো নাই বুলি ভূপেন কুমাৰ বৰাই দাবী কৰে । প্ৰসংগ ক্ৰমে বৰাই কয় যে হিমাচল প্ৰদেশৰ ৪ খন আসনৰ উপ-নিৰ্বাচনত কংগ্ৰেছে খেলিছে । তাত ৪ টা দলে ৪ খন আসন ভাগ কৰি লোৱা নাই ।

ইতিহাসৰ কথা সদৰী কৰি বৰাই কয় যে এলায়েন্সৰ ধৰ্ম কংগ্ৰেছত কৈ কোনেও বেছিকৈ নাজানে । এলায়েন্সৰ ধৰ্ম কোনেও কংগ্ৰেছক শিকাব নালাগে । কংগ্ৰেছে এলায়েন্সৰ ধৰ্ম পালন কৰিব বুলি সদৰী কৰি বৰাই কয় যে এনেকুৱা প্ৰৱণতা হ'ব নালাগে যে টিভিত ওলাবৰ বাবে তেওঁক গালি পাৰিব লাগে । ভূপেন কুমাৰ বৰা আৰু কংগ্ৰেছক গালি পাৰিলে টিভিত ওলাব পাৰিব বুলি ভাবি ল'ব নালাগে বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে মুখ্যমন্ত্রীৰ প্ৰসংগত বৰাই কয় যে এইজনেই গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ যায় বুলি কৈছিল । মুখ্যমন্ত্রীয়ে চিন্তিত হৈ হিন্দু-মুছলামনৰ কথা কোৱা নাই । মুখ্যমন্ত্রীয়ে বান-খহনীয়াৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বাবেই হিন্দু-মুছলমানৰ প্ৰসংগ কৈছে বুলি ভূপেন কুমাৰ বৰাই অভিযোগ কৰে । তেওঁৰ মতে মুখ্যমন্ত্ৰীগৰাকী নিবনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ । বিভিন্ন ক্ষেত্রত ব্যৰ্থ । ৮ জন মানুহ আনিবৰ বাবে বিজেপিয়ে ৫ জনক গুলীয়াই মাৰিলে বুলিও কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে । আনহাতে এই কথাবোৰ তল পেলাবৰ বাবে মুখ্যমন্ত্রীয়ে হিন্দু-মুছলমানৰ কথা কৈ আছে আৰু মুখ্যমন্ত্রীয়ে এতিয়া নিজৰ দুৰ্নীতি ঢাকিব নোৱৰা হৈছে বুলিও বৰাই দাবী কৰে ।

লগতে পঢ়ক :দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য - Opposition unity Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.