ETV Bharat / state

এফালে একত্ৰীকৰণ, আনফালে ৰাজ্যৰ ৫১ শতাংশ বিদ্যালয়তে নাই ইণ্টাৰনেট সংযোগ

Assam Govt school education : অসমৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ । খোদ শিক্ষা মন্ত্ৰীৰ তথ্যতে প্ৰকাশ ৰাজ্যখনৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ শোচনীয় ৰূপ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assam Govt School Education
ৰাজ্যৰ ৫১ শতাংশ বিদ্যালয়তে নাই ইণ্টাৰনেট সংযোগ (ETV Bharat Assam)

গুৱাহাটী, ৮ অক্টোবৰ : অসমত দ্ৰুতগতিত বিদ্যালয় একত্ৰীকৰণ হৈছে যদিও ৰাজ্যৰ বৃহৎসংখ্যক বিদ্যালয়ত নাই ন্যূনতম সা-সুবিধা । প্ৰতিদিনে বিজ্ঞান-প্ৰযুক্তি নিৰ্ভৰশীল হৈ পৰা সমাজ ব্যৱস্থাত ইণ্টাৰনেটবিহীন জীৱন সাম্প্ৰতিক সময়ত কল্পনাতীত । কিন্তু অসমত বিদ্যালয় খণ্ডত ৰাজ্য চৰকাৰে একত্ৰীকৰণৰ যোগেদি বৃহৎসংখ্যক বিদ্যালয় বিলুপ্তিকৰণ কৰাৰ বিপৰীতে ৰাজ্যৰ ইণ্টাৰনেট সেৱা সংযোগী বিদ্যালয়ৰ সংখ্যা জানিলে আপোনাৰ চকু কপালত উঠিব ।

চৰকাৰী তথ্য অনুসৰি, ৰাজ্যৰ মুঠ ২২,৫৮৮ খন বিদ্যালয়তে নাই ইণ্টাৰনেট সংযোগ । UDISE+ 2023-24 জৰীপৰ তথ্য অনুযায়ী, ৰাজ্যৰ মুঠ ২২,৫৮৮ খন নিম্ন, উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইণ্টাৰনেট সংযোগ নাই । অসম বিধানসভাত যোৱা আগষ্ট মাহত শিক্ষা মন্ত্ৰী ৰমোজ পেগুৱে দাঙি ধৰা তথ্য এয়া ।

Assam Govt School Education
শিক্ষা বিভাগৰ তথ্যত প্ৰকাশ ৰাজ্যৰ বিদ্যালয়সমূহৰ শোচনীয় অৱস্থা (ETV Bharat Assam)

ৰাজ্যৰ সৰ্বমুঠ ৪৪,৫৬৪ খন নিম্ন, উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ২২,৫৮৮ খন বিদ্যালয়তে ইণ্টাৰনেট সেৱা সংযোগ নথকা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । ৰাজ্যৰ ৫১.২৮ শতাংশ বিদ্যালয়তে নাই ইণ্টাৰনেট সংযোগ । ইয়াৰ বিপৰীতে বিধানসভাৰ মজিয়াত ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে দিয়া শেহতীয়া তথ্য অনুসৰি, মুঠ ৬১ খন নিম্ন, উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ ৷

আনহাতে, ৰাজ্যৰ প্ৰায় আধাসংখ্যক বিদ্যালয়ত ইণ্টাৰনেট নথকা আৰু বিদ্যালয় একত্ৰীকৰণৰ বিপৰীতে শিক্ষক-কৰ্মচাৰী আৰু আন্তঃগাঁথনিৰ সা-সুবিধা নথকা প্ৰসংগত বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰকাশ কৰিছে উদ্বিগ্নতা । এই প্ৰসংগত ই টিভি ভাৰত অসমক বিধায়কগৰাকীয়ে কয়, “ইণ্টাৰনেট সাম্প্ৰতিক সময়ৰ এক অতি প্ৰয়োজনীয় সুবিধা । কিন্তু ইণ্টাৰনেট দূৰৰে কথা, ন্যূনতম সুবিধাখিনি দিয়াতো ৰাজ্যৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ৷”

বিদ্যালয়সমূহত ইণ্টাৰনেট সেৱাতো দূৰৈৰ কথা, ন্যূনতম সা-সুবিধাখিনিও নথকা বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে । বিধায়ক গগৈয়ে কয়, “বিদ্যালয় একত্ৰীকৰণ হ’ল ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সংকোচন । আমি নব্বৈৰ দশকৰ পৰা কৈ আহিছিলোঁ যে নব্য উদাৰবাদ নীতিয়ে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক বন্ধ কৰি পেলাব আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক মানুহৰ মাজলৈলৈ আনিব ৷ এনেকৈ ক্ৰমাগতভাৱে আমাৰ শিক্ষা ব্যৱস্থাটোৰ খৰচ জনতাৰ ওপৰত এৰি দিব । চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী খৰচ কমাই কমাই আনি শেষত নাইকিয়া কৰি পেলাব ৷”

"একত্ৰীকৰণৰ জড়িয়তে অসমত বিজেপি চৰকাৰে ১১ হাজাৰখন বিদ্যালয় বন্ধ কৰি পেলালে ৷ থাকি যোৱা বিদ্যালয়বিলাকৰো আন্তঃগাঁথনি নাই বুলিলেও হয় । কেৱল আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিতে ২৫০ খন বিদ্যালয়ত পানী পৰে ৷ বিদ্যালয়সমূহত ন্যূনতম সা-সুবিধাসমূহেই নাই ৷ ইণ্টাৰনেট বিদ্যালয় এখনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ আজিৰ সময়ত ইণ্টাৰনেট সেৱা বিদ্যালয় শিক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷ কিন্তু তাতকৈয়ো যিবোৰ গুৰুত্বপূৰ্ণ কাম, যেনে বিদ্যালয়খনত পানী পৰে, সেইবোৰেই সমাধান হোৱা নাই ৷ কম্পিউটাৰৰ শেহতীয়া ভাৰ্চন থকা বিদ্যালয়লৈ অভিভাৱকে সন্তানক পঠিয়াব নে পানী পৰা চৰকাৰী বিদ্যালয়লৈ পঠিয়াব ? বিদ্যালয়সমূহত ডেস্ক-বেন্সেই নাই ৷” এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷

“বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক শৈক্ষিক কামৰ উপৰি ইমান বেলেগ কামত লগোৱা হয় যে গুণগত শিক্ষা প্ৰদান কৰাটো প্ৰত্যহ্বান হৈ উঠিছে । এইদৰেই বিদ্যালয় শিক্ষা ব্যৱস্থাটো লাহে লাহে ব্যক্তিগতকৰণৰ দিশে লৈ গৈছে আমাৰ চৰকাৰে ৷” লগতে এইবুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৷

ৰাজ্যত শিক্ষক-কর্মচাৰীৰ 38,660 টা পদ খালী

অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত জনোৱা অনুসৰি, প্রাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত অনুমোদিত শিক্ষক-কর্মচাৰীৰ পদৰ সংখ্যা হ'ল ক্রমে ৬৩,৩৩৫ টা, ২৭,২৬৩ টা আৰু ৪,৪৭৬ টা । ইয়াৰ উপৰি প্রাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত ৩১ মার্চ, ২০২৪ লৈ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত খালী থকা শিক্ষক-কর্মচাৰীৰ পদৰ সংখ্যা হ'ল ক্রমে ৩,৮০০ টা, ১,৭৫০ টা আৰু ৪৬৯ টা । আনহাতে, ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক-কর্মচাৰীৰ পদ ৯৬,১৭০ টা আৰু খালী হৈ থকা সৰ্বমুঠ পদ ৩২,৬৪১ টা ।

অসমৰ শিক্ষা বিভাগৰ তথ্য অনুসৰি, অসমত নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয় আৰু উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত এতিয়াও খালী হৈ থকা মুঠ শিক্ষক-কৰ্মচাৰীৰ পদ হ’ল 38,660 টা ।

প্ৰাথমিক শিক্ষাতেই মুঠ ৫,৩২৯ খন বিদ্যালয় একত্ৰীকৰণ

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা সদৰী কৰা তথ্য অনুসৰি, অসমত ইতিমধ্যে নিম্ন প্রাথমিকৰ লগত নিম্ন প্রাথমিক ২,৬৪৩ খন, উচ্চ প্রাথমিকৰ লগত উচ্চ প্রাথমিকৰ ১২০ খন আৰু নিম্ন প্রাথমিকৰ লগত উচ্চ প্রাথমিক ২,৫৬৬ খন, মুঠ ৫,৩২৯ খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে । যোৱা ২৯ আগষ্টত অসম চৰকাৰে বিধানসভাত দাঙি ধৰা তথ্য এয়া ।

উল্লেখ্য যে অসম চৰকাৰৰ Office Memorandum No. ASE. 481/2016/164, dated 03.08.2021 মর্মে বিদ্যালয়সমূহ একত্রীকৰণৰ ব্যকৰা হয় । এই একত্রীকৰণ ব্যৱস্থাৰ অধীনত মাধ্যমিক শিক্ষাৰ পৰা ২০২১ চনৰ পৰা ২০২৪ চনলৈ একত্ৰীকৰণ কৰা হয় । এই একত্ৰীকৰণ ব্যৱস্থাৰে একেটা চৌহদত থকা বা নিকটৱর্তী বিদ্যালয়সমূহ, য’ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থাকে, তেনেবোৰ বিদ্যালয় একত্ৰীকৰণ কৰা হয় । এই ব্যৱস্থাৰ ফলত ছাত্ৰ-ছাত্রীসকলে উন্নতমানৰ গুণগত শিক্ষা লাভ কৰে আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাতৰ ভাৰসাম্য বজাই ৰাখে বুলি দাবী জনাই আহিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক :পৰিস্থিতি ভয়াৱহ ! ৩৩ লক্ষাধিক নিবনুৱাৰ তালিকাত ৭ লক্ষাধিক স্নাতক, লক্ষাধিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নাম
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সপোনৰ আন্তৰ্জাতিক মানৰ ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.