ETV Bharat / state

ৰজাঘৰীয়াৰ উন্নয়নৰ জয়গান, ইফালে স্বাস্থ্যখণ্ডৰ ফোপোঁলা স্বৰূপ - ANTI RABIES INJECTION

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:56 PM IST

No anti rabies injections in Sivasagar Civil Hospital : এটা এন্টি ৰেবিজ ড’জৰ কাৰণেই চিকিৎসালয়লৈ তাত-বাতি কৰিবলগীয়া হৈছে ৰোগীয়ে ৷ চৰকাৰক কটাক্ষ ৰোগীৰ অভিভাৱকৰ ৷

rabies injection
ৰজাঘৰীয়াৰ উন্নয়নৰ জয়গান, ইফালে স্বাস্থ্যখণ্ডৰ ফোপোঁলা স্বৰূপ (ETV BHARAT ASSAM)

শিৱসাগৰ, 11 জুন : "চৰকাৰে ডাঙৰ ডাঙৰ কথা আৰু ফুলজাৰি মাৰোতেই গৈছে ৷ কিন্তু কামত একো নাই ৷ যোৱা 5 দিন ধৰি আমি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অহা-যোৱা কৰি আছো ৷ কিন্তু তাৰ পিচতো আমাক চিকিৎসালয় কৰ্তৃপক্ষই এন্টি ৰেবিজ ইনজেকশ্যন আনি দিব নোৱাৰিলে ৷" কেমেৰাৰ সন্মুখত ৰোগীৰ গুৰুতৰ অভিযোগ ৷

এই ঘটনা হৈছে শিৱসাগৰ জিলাৰ ৷ জিলাখনৰ চৰকাৰী চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত যোৱা 4-5 দিন ধৰি এটাও এন্টি ৰেবিজ বেজী, টিটেনাছ বেজী, ছিৰিঞ্জ নথকাত হাহাকাৰ লাগিছে জনসাধাৰণৰ মাজত ৷

উল্লেখ্য যে, শিৱসাগৰ অসামৰিক চিকিৎসালয়, খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বানমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, শিৱসাগৰ আদৰ্শ চিকিৎসালয়কে ধৰি কোনো চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত বিগত কেইদিনমানৰ পৰা উপলব্ধ হোৱা নাই এই গুৰুত্বপূৰ্ণ বেজীসমূহ ৷ ফলত কুকুৰ-মেকুৰী তথা জীৱ-জন্তুৱে কামোৰা, আঁচোৰা বহু লোক চিকিৎসালয়লৈ গৈ বিমুখ হৈ উভতিবলগীয়া হৈছে । অনাগত সময়ত চিকিৎসালয়সমূহত এই বেজীসমূহ কেতিয়া উপলব্ধ হ'ব তাৰো কোনো নিশ্চয়তা নাই ৷

লক্ষণীয় যে, কুকুৰ-মেকুৰী বা আন জীৱ-জন্তুৱে মানুহক কামুৰিলে 24 ঘন্টাৰ ভিতৰত এন্টি ৰেবিজ বেজীৰ প্ৰথমটো ড'জ লোৱাৰ উপৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত বাকী তিনিটা ড’জ ল’ব লাগে । বৰ্তমান চৰকাৰী চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰসমূহত এই বেজীৰ নাটনিয়ে দেখা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে । ফলত এতিয়া চৰকাৰী চিকিৎসালয়লৈ অহা দুখীয়া ৰাইজে নিজৰ ধন ভৰি এই বেজী ল’বলৈ বাধ্য হৈছে ৷

উল্লেখনীয় যে, বিগত সময়ত ৰাজ্যৰ জনসভা তথা নিৰ্বাচনী প্ৰচাৰত ৰাজ্যৰ মন্ত্ৰী-নেতাসকলে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বিভিন্ন ভাষণ দি আহিছিল ৷ কিন্তু এই বাতৰিয়ে ইয়াৰ ওলোটা ছবিহে দেখুৱাইছে ৷

লগতে পঢ়ক: ধোঁৱাচাঙত উন্নয়ন; লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ দল-সংগঠনৰ - Allegation of corruption

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.