ETV Bharat / state

পৰশুৰাম কুণ্ডত পিচলি পৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াৰ এতিয়াও নাই শুংসূত্ৰ - NF RAILWAYS OFFICER MISSING

লোহিত নদীত সন্ধানহীন হৈছিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াগৰাকী । পৰশুৰাম কুণ্ডত হঠাতে পিচলি পৰিছিল পানীত । এতিয়াও নাই কোনো সন্ধান ৷

NF Railways officer missing
উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া সন্ধানহীন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 10:34 AM IST

তিনিচুকীয়া: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ সন্ধানত তৃতীয় দিনাও অৰুণাচল প্ৰদেশৰ লোহিত নদীত অভিযান চলোৱা হয় যদিও লাভ কৰা নাই কোনো শুংসূত্ৰ । ঘটনাস্থলীত তিনিখনকৈ হেলিকপ্টাৰ আৰু ড্ৰোণৰ জৰিয়তে ৰে’লৱে বিষয়াগৰাকীৰ সন্ধানত অভিযান চলাই যদিও ঘটনা সংঘটিত হোৱাৰ তৃতীয় দিনাও লাভ কৰা নাই কোনো তথ্য ।

দেওবাৰে দিনৰভাগত অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত পিচলি পৰি সন্ধানহীন হৈছিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰী ৷ উক্ত ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ৰে'ল বিভাগৰ তিনিচুকীয়া মণ্ডলৰ লগতে দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় । ঘটনা অনুসৰি, এন এফ ৰে'লৱেৰ মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীয়ে যোৱা ২২ নৱেম্বৰত পত্নীসহ তিনিচুকীয়ালৈ আহি বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি শুকুৰবাৰৰ নিশা আন আন বিষয়াবৰ্গৰ সৈতে তিনিচুকীয়াতে ৰে’লৱেৰ দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰে ।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া সন্ধানহীন (ETV Bharat Assam)

তাৰ পাছত সুৰক্ষা বিষয়াগৰাকী শনিবাৰে পুৱাই পাছিঘাটলৈ বুলি ৰাওনা হয় । দেওবাৰে ডাম্বুক হৈ পত্নীসহ পৰশুৰাম কুণ্ডলৈ গৈ তাতে লোহিত নদীৰ পানীত ভৰি পিচলি পত্নীৰ সন্মুখতে সন্ধানহীন হয় চৌধুৰী ।

পুৱা ৪ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত অভিযান

এই ঘটনাৰ খবৰ বিয়পি পৰা লগে লগে তিনিচুকীয়া মণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক উত্তম প্ৰকাশ, জ্য়েষ্ঠ মাণ্ডলিক অভিযন্তা অংকিত গুপ্তা আৰু মাণ্ডলিক কাৰ্মিক বিষয়া গোপাল মণ্ডল ঘটনাস্থলীত উপস্থিত হৈ অৰুণাচল আৰক্ষী, ৰে'লৱে আৰক্ষী, এন ডি আৰ এফৰে উদ্ধাৰ অভিযানত নামি পৰে ৷ পৰৱৰ্তী সময়ত লোহিত নদী খৰস্ৰোতা হোৱা বাবে অৰুণাচল প্ৰদেশৰ লোহিত নদীৰ লগতে অসমৰ ধলা, শদিয়াৰ প্ৰশাসন তথা স্থানীয় লোকৰ স’তেও যোগাযোগ কৰা বুলি উল্লেখ কৰে ৰে’লৱে বিভাগে । অবিৰতভাৱে এন ডি আৰ এফে পুৱা ৪ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত অভিযান চলাই আছে ।

লগতে পঢ়ক:পত্নীৰ সন্মুখতেই লোহিত নদীত সন্ধানহীন এন এফ ৰে'লৱেৰ মুখ্য সুৰক্ষা বিষয়া

গুৰিয়াই নাৱৰ পৰা পেলাই দিয়া মনোজৰ নিথৰ দেহ উপঙিল মাতমৰাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.