ETV Bharat / state

পুনৰ সংকটত নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা; নতুন গোচৰ ৰুজু - ASSAM POLICE

লখিমপুৰৰ নাওবৈচাৰ এটা নিৰক্ষৰ পৰিয়ালৰ ভূমি ৰৌণক আলী হাজৰিকাই ভুৱা নথি প্ৰস্তুত কৰি দখল কৰাৰ অভিযোগ উঠিছে ।

suspended DIG Raunak Ali Hazarika
নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 6:59 AM IST

গুৱাহাটী : ৰৌণক আলী হাজৰিকা । খাকী পোছাকত দাগ লগোৱা এজন আই পি এছ বিষয়া । অৱশ্যে বৰ্তমান নিলম্বিত । আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণ, বিনা অনুমতিত বিদেশ ভ্রমণকে ধৰি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিবলগীয়া হোৱা অসম আৰক্ষীৰ এইজন নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা এইবাৰ আন এক নতুন সংকটত পৰিছে ।

আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ চলি থকাৰ সময়তে এইবাৰ তেওঁৰ বিৰুদ্ধে ভূমি দখলৰ এক নতুন গোচৰ ৰুজু হৈছে । বিতৰ্কিত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ নাওবৈচাত ভুৱা নথি প্ৰস্তুত কৰি ৩৪ বিঘা ভূমি দখল কৰাৰ অভিযোগত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত নতুন গোচৰ ৰুজু হৈছে ।

উল্লেখ্য যে একাংশ ভূ-মাফিয়াক লৈ নিলম্বিত আৰক্ষী বিষয়াজনে উক্ত ভূমিখিনি জালিয়াতিৰে হস্তগত কৰাৰ উপৰি ভুক্তভোগীক স্থানীয় আৰক্ষীৰ জৰিয়তে গোচৰ উঠাই ল'বলৈ ভাবুকিও দিছিল ।

suspended DIG Raunak Ali Hazarika
নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা (ETV Bharat Assam)

লখিমপুৰৰ নাওবৈচাৰ এটা নিৰক্ষৰ পৰিয়ালৰ ভূমিখিনি ৰৌণক আলী হাজৰিকাই ভুৱা নথি প্ৰস্তুত কৰি দখল কৰাৰ অভিযোগ উঠিছে । পৰিয়ালটোৰ নিৰক্ষৰতাৰ সুযোগ লৈ বিষয়াজনে ভূ-মাফিয়াৰ জৰিয়তে ভূমিখিনি নিজৰ নামত নামজাৰি কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী নথিত পৰিয়ালটোৱে ভূমিখিনি বিক্ৰী কৰা বুলি দেখুওৱা হৈছে ।

নিজৰ ভূমিখিনি হেৰুওৱাৰ পাছত ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় চিলনীবাৰী থানাৰ আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে শীর্ষ বিষয়াজনক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰিছে । ইতিমধ্যে পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ওচৰত অভিযোগ দিয়াৰ কথা সদৰী কৰিছে ।

পৰিয়ালটোৱে ভূমিখিনি কাকো বিক্ৰী কৰা নাই বুলি সদৰী কৰাৰ লগতে আৰক্ষী বিষয়াজনে প্ৰস্তুত কৰা নথিত মূলগৰাকী পৰিয়ালৰ সলনি অন্য লোকে বিক্ৰী কৰা বুলিও দেখুওৱা হৈছে । আনহাতে, যি ভূমি দখল কৰা হৈছে তালৈ গ'লে পৰিয়ালটোক হত্যা কৰাৰ ভাবুকি দিয়া বুলিও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ কৰে পৰিয়ালটোৱে ।

উল্লেখ্য যে, আয়ৰ সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ডি আই জি ৰৌণক আলী হাজৰিকাক । তেওঁৰ পত্নীকো গ্ৰেপ্তাৰ কৰা হৈছিল । লক্ষণীয় বিষয় যে আৰক্ষী বিষয়া হিচাপে বিদেশ ভ্ৰমণ কৰাৰ বাবে গৃহ বিভাগৰ অনুমতি ল'ব লাগে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ তেওঁ ১০ বাৰতকৈ অধিক বিদেশ ভ্ৰমণ কৰিছিল ।

বিদেশ ভ্ৰমণৰ অধিকাংশই আৰবৰ দেশ হোৱাত তেওঁ দেশৰ গোপন তথ্য সৰবৰাহ কৰাৰ সন্দেহো কৰা হৈছিল । আনকি তেওঁৰ বেংক একাউণ্টত কম সময়ৰ ভিতৰতে ৪ কোটি টকাৰ লেনদেন হোৱা কথাটোৱেও তেওঁৰ প্ৰতি সন্দেহ ঘনীভূত কৰিছিল । গ্ৰেপ্তাৰ হৈ দীঘলীয়া সময় কাৰাবাস খটাৰ পাছত তেওঁ সম্প্ৰতি কাৰামুক্ত হৈছে । অৱশ্যে তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ।

লগতে পঢ়ক :সভাপতি হ'বলৈ এজন প্ৰকৃত সাহিত্যিক হ'ব লাগে: ড৹ নগেন শইকীয়া
লগতে পঢ়ক :ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰুদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.