ETV Bharat / state

১৪ জুলাইৰ পৰা বন্ধ পৰুৱা চাৰিআলি-মিছন চাৰিআলিলৈ ৰাষ্ট্ৰীয় ঘাইপথ - Traffic restrictions imposed

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:51 PM IST

Traffic restrictions imposed in Tezpur: তেজপুৰ তথা তথা তেজপুৰ হৈ বিভিন্ন স্থানলৈ যাতায়ত কৰা লোকসকলৰ বাবে এক বিশেষ খবৰ । এতিয়াৰ পৰা নগাঁৱৰ দিশৰ পৰা ঢেকিয়াজুলি বা বালিপৰা, অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যাবলৈ আপুনি তেজপুৰ চহৰ নোচোৱাকৈ যাব নোৱাৰিব । তেজপুৰ মিছন চাৰিআলিত নিৰ্মাণ হৈ থকা ফ্লাইঅভাৰৰ দুয়ো কাষে অস্থায়ী চাৰ্ভিছ ৰোড নিৰ্মাণৰ বাবে প্ৰশাসনৰ এই নিৰ্দেশনা ।

National highway from Parua Chariali to Mission Chariali closed from July 14
১৪ জুলাইৰ পৰা বন্ধ পৰুৱা চাৰিআলি-মিছন চাৰিআলিলৈ ৰাষ্ট্ৰীয় ঘাইপথ (ETV Bharat Assam)

তেজপুৰ, ১২ জুলাই: এতিয়াৰে পৰা নগাঁৱৰ দিশৰ পৰা ঢেকিয়াজুলি বা বালিপৰা, অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যাবলৈ আপুনি তেজপুৰ চহৰ নোচোৱাকৈ যাব নোৱাৰিব । ১৪ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ তেজপুৰ পৰুৱা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ ৩৭(A) ৰাষ্ট্ৰীয় ঘাইপথছোৱা বন্ধ থাকিব পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ।

কিয় বন্ধ হব পৰুৱা-মিছন চাৰিআলি পথ:

তেজপুৰ মিছন চাৰিআলিত নিৰ্মাণ হৈ থকা ফ্লাইঅভাৰৰ দুয়ো কাষে অস্থায়ী চাৰ্ভিছ ৰোড নিৰ্মাণৰ বাবে প্ৰশাসনৰ এই নিৰ্দেশনা । এই সময়ছোৱাত গধুৰ যান বাহনসমূহ দোলাবাৰীৰ পৰা জামুগুৰি হৈ মিছন চাৰিআলিলৈ আহিব । ঠিক সেইদৰে ঢেকিয়াজুলি, ৰঙাপাৰাৰ পৰা যাবলগীয়া গধুৰ যান-বাহনৰ চলাচল তেজপুৰ চহৰৰ মাজগাঁও হৈ পৰুৱা চাৰিআলিত ৩৭ (A) ত সংযোগ হ'ব । আনহাতে লঘু যান-বাহন পৰুৱাৰ পৰা ধনোৱা নগৰ হৈ মাজগাঁৱেদি মিছন চাৰিআলিলৈ আহিব ।

কেনেকৈ যাব লখিমপুৰ-ধেমাজিলৈ :

সাধাৰণতে কলিয়াবৰৰ পৰা ৩৭(A) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কলীয়াভোমোৰা দলং পাৰ হৈ তেজপুৰ মিছন চাৰিআলি হৈ বালিপৰা সংযোগ কৰি লখিমপুৰ আৰু ধেমাজি জিলালৈ যাত্ৰীবাহী যান-বাহনৰ চলাচল হয় । দোলাবাৰীৰ পৰা চকীঘাট দলং হৈ বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজিলৈ যাবলৈ তেজপুৰ সংযোগ নোহোৱা বাহনসমূহৰ চলাচল আৰম্ভ কৰে । এতিয়া তেজপুৰৰ মিছন চাৰিআলি সংযোগ কৰি যাবলগীয়া হ'লে তেজপুৰ চহৰৰ মাজেদি যাব লাগিব ।

তেজপুৰ পৰুৱা চাৰিআলিৰ পৰা মাজগাঁও হৈ সেই বাহনসমূহৰ চলাচল অহা দেওবাৰৰ পৰা আৰম্ভ হ'ব । কিন্ত এই ঠাইসমূহৰ পৰা গুৱাহাটী নগাওঁ যোৰহাট জিলালৈ যাবলৈ তেজপুৰলৈ নহাকৈ চকীঘাট দলং হৈ দোলাবাৰী হৈ ৰাষ্ট্ৰীয় ঘাইপথ 37 (A) হৈ যাব পাৰিব ।

টাৱাং-বালিপৰা:

কলিয়াবৰৰ পৰা 37(A) ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যাত্ৰীবাহী বাহন বা লঘু যান-বাহন পৰুৱা চাৰিআলিৰ পৰা তেজপুৰ চহৰৰ বা একেই মাজগাঁও হৈ মিচন চাৰিআলিৰেই যাব লাগিব । কিন্ত গধুৰ যান-বাহন চলাচল কৰিব লাগিব চকীঘাট দলং হৈ । জামুগুৰিৰ পৰা পুনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বালিপৰাৰ পৰা টাৱাং, ভালুকপুং, ব'মদিলা আৰু ডিৰাং আদি ঠাইলৈ যাব লাগিব । কিন্ত এই ঠাইৰ পৰা গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু নগাঁৱলৈ যাবলৈ চকীঘাট দলং হৈ যাব পাৰিব ।

উল্লেখযোগ্য যে, মিছন চাৰিআলিত নিৰ্মাণ হৈ থকা ফ্লাই অভাৰখনৰ তলত দুয়ো কাষে চাৰ্ভিছ ৰোড নিৰ্মাণ নকৰাকৈয়ে কাম চলাই থকাত যান-বাহনৰ চলাচলৰ বাবে এক বৃহৎ সমস্যাৰ সৃষ্টি হৈছে । এই পথ বন্ধ হৈ থকাৰ সময়ত মাজগাঁও পথত আন এক ভয়ানক যানজঁটৰ সৃষ্টি হ'ব । অৱশ্যে বৰ্তমান উক্ত অঞ্চলত থকা কেবাখনো শিক্ষানুষ্ঠানৰ গ্ৰীষ্মকালীন বন্ধৰ চলি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অসুবিধা নহ'লেও যদিহে গ্ৰীষ্মকালীন বন্ধৰ পূৰ্বেই চাৰ্ভিছ ৰোডৰ কাম সম্পূৰ্ণ নহয় ই আন এক জটিল সমস্যাৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক: তেজপুৰত অবৈধ নিৰ্মাণত প্ৰশাসনে চলালে বুলড'জাৰ - Eviction at Tezpur

সলনি হ’ল 104 বছৰ পুৰণি বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত - Barpeta Satra Kirtanghar Repairing

মহানগৰীৰ লখৰা-নেপালী মন্দিৰ পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা - NEW GUIDELINES FOR GUWAHATI PUBLIC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.