ETV Bharat / state

কাজিৰঙাত পঞ্চতাৰকা হোটেল: নিজাববীয়া গোচৰ ৰুজু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ - Five star hotel in Kaziranga - FIVE STAR HOTEL IN KAZIRANGA

National Green Tribunal: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাজ গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিনৰ পাছতেই সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত ৷ কি এই সিদ্ধান্ত, চাওক এই প্ৰতিবেদনত ৷

National Green Tribunal
পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 7:29 AM IST

কাজিৰঙা, ৭ আগষ্ট: ৰাইজৰ প্ৰতিবাদক ভেঙুচালি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাজ গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিনৰ পাছতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়ধিকৰণে নিজাববীয়া গোচৰ ৰুজু কৰিছে ৷

পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তি (ETV Bharat Assam)

আনকি কাজিৰঙাত কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি সোমবাৰে লোকসভাত দেশৰ বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে স্পষ্ট কৰে ৷

আটছাৰ প্ৰতিবাদ:

উল্লেখ্য যে, কাজিৰঙাত চাহ গছ উভালি আৰু চাহ জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা চলোৱাৰ বিৰুদ্ধে ইতিমধ্যেই প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠন তথা ৰাইজে ৷ শেহতীয়াকৈ বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীৰ বহুকেইটা পৰিয়ালে বসবাস কৰি থকা ভূমিত উচ্ছেদ চলাই অসম চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ যো-জা চলোৱাৰ বিৰুদ্ধে ৰাইজৰ সহযোগত আটছাই প্ৰতিবাদ কৰোতে চৰকাৰী বাহিনী জঁপিয়াই পৰি বহুজনক আহত কৰিছিল ৷

তাৰ পাছতেই কাজিৰঙাত চাহ গছ উভালি আৰু বাগিছাৰ লোকক উচ্ছেদ কৰি কোনো কাৰণতেই পঞ্চতাৰকা হোটেল কৰিবলৈ দিয়া নহ’ব বুলি সমগ্ৰ অসমতে আটছাই সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷

জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব:

বৃহত্তৰ কাজিৰঙা ভূমি আৰু সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেৰ নেতৃত্বত ভুক্তভোগী একাংশ লোকে বহুদিনৰ পৰা পঞ্চতাৰকা হোটেলৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি আহিছে ৷ ইয়াৰ সমান্তৰালভাৱে জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ, সম্পাদক জহিৰুদ্দিন আহমেদ, মুখপাত্ৰ প্ৰবীণ পেগুৱে কাজিৰঙাৰ পঞ্চতাৰকা হোটেল কৰিবলৈ লোৱা স্থান বন্যপ্ৰাণীৰ বিশেষকৈ বনৰীয়া হাতীৰ বিচৰণ ভূমি বুলি উল্লেখ কৰিছিল ৷

এই পঞ্চতাৰকা হোটেল নিৰ্মাণে কাজিৰঙাৰ বহুকেইটা পৰিয়াললৈ অমানিশা নমাই অনাৰ লগতে জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰিছে ৷

ICOMOS ৰ পত্ৰকো চৰকাৰে নিদিলে গুৰুত্ব:

প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মা, অপূৰ্ব বল্লৱ গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, মুবিনা আখতাৰ আদিকে প্ৰমুখ্য কৰি বহুকেইগৰাকীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণত পোনপটীয়া বিৰোধিতা কৰি আহিছে ৷ এই নিৰ্মাণে কেৱল দুখীয়া জনগণৰ প্ৰতি অন্যায় কৰাই নহয়, জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি স্পষ্ট কৰিছে ৷ ইয়াৰ পাছতেই ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰামৰ্শদাতা সংস্থা ICOMOS য়ে ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি স্পষ্ট কৰিছিল যে, প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ লোৱা স্থান বনৰীয়া হাতীৰ বিচৰণভূমি ৷

আনকি, ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱা উচিত বুলিও ICOMOS য়ে ৰাজ্যৰ পৰ্যটন বিভাগক পত্ৰৰ যোগেদি জনায় ৷

তাজ গ্ৰুপৰ স’তে চৰকাৰৰ বুজাবুজি চুক্তি:

জৈৱ বৈচিত্ৰ সংৰক্ষণত ল'বলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত ল’বলৈ আহ্বান জনাই পঞ্চতাৰকা হোটেল নহৈ বৰং কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা, বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ, স্থানীয় লোকৰ অংশগ্ৰহণ আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মাণৰ পোষকতা কৰে ICOMOS য়ে ৷ কিন্তু লক্ষণীয়ভাৱে সেই সমগ্ৰ প্ৰতিবাদ, ইউনেস্ক'ৰ পৰামৰ্শদাতা সংস্থাৰ পত্ৰক কোনো গুৰুত্ব প্ৰদান নকৰি যোৱা ৩ আগষ্টত তাজ গ্ৰুপৰ স’তে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷

National Green Tribunal
পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তি (ETV Bharat Assam)

লগতে পঢ়ক: আটছাৰ প্ৰতিবাদত কঁপিছে ৰাজ্য : বিভিন্ন ঠাইত জ্বলিল বৰমূৰীয়াৰ পুত্তলিকা - Proposed luxury hotels in Kaziranga

মুখ্যমন্ত্ৰীগৰাকীয়ে জনগণ তথা বিভিন্ন দল-সংগঠনৰ দাবীক গুৰুত্ব নিদিলেও সোমবাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ১০৪৯/২০২৪ নম্বৰত এক নিজাববীয়া গোচৰ ৰুজু কৰিছে ৷ ইয়াৰ পাছতেই কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত ৫ আগষ্টৰ দিনটো এটা ঐতিহাসিক দিন হৈ ৰ’ব বুলি মত প্ৰকাশ কৰি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিজাববীয়া গোচৰ তৰাৰ সিদ্ধান্তক আদৰণি জনাই জীপাল কৃষক-শ্ৰমিক সংঘই ৷

সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহে এক বিবৃতিযোগে কয়, "জৈৱ-বৈচিত্ৰ ধ্বংস কৰি কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কু-অভিসন্ধিক নিঃশেষ কৰাৰ বাবে আজি আদালতে এক নতুন মাত্ৰা প্ৰদান কৰে"৷

আনহাতে, কাজিৰঙাৰ ইংলে পথাৰৰ থলুৱা জনসাধাৰণৰ ভূমি অধিকাৰ বিষয়টোত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ বাবে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক কৃতজ্ঞতা জনাই বৃহত্তৰ কাজিৰঙা ভূমি আৰু সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেই ৷

প্ৰণৱ দলেই এক বিবৃতিত উল্লেখ কৰে যে, পথাৰ এলেকাত নিৰ্মাণকাৰ্য অনতিপলমে বন্ধ কৰি তাৰ পৰা আৰক্ষী বাহিনী আঁতৰাই পেলাওক চৰকাৰে ৷ তেওঁ লগতে কয়, "স্থানীয় বিধায়কৰ দ্বাৰা কৃষি ভূমি ৰূপান্তৰিত কৰাৰ কাৰ্যৰ বাবে দোষাৰোপ কৰাৰ লগতে চৰকাৰে জোৰ-জবৰদস্তিৰে দখল কৰা ৰাইজৰ ভূমি অনতিপলমে ৰাইজক উভতাই দিব লাগে ৷ আনহাতে, স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এই গোচৰৰ অধীনত ততাতৈয়াকৈ গোচৰ ৰুজু কৰিব লাগে"৷

লগতে পঢ়ক:কাজিৰঙাত টাটাৰ পঞ্চতাৰকা হোটেল : প্ৰতিবাদৰ মাজতে দিছপুৰত বুজাবুজিৰ চুক্তি - Five star hotel in Kaziranga

বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত বৃহৎ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত নিষেধাঞ্জা আছে : ড৹ সঞ্জীৱ কুমাৰ বৰকাকতি - Five star hotel in Kaziranga

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.