জোনাই, 18 মাৰ্চ: "অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ যোগীসকলক বিভিন্ন সময়ত চৰকাৰে সমস্যা সমাধানৰ নামত বঞ্চিত কৰি আহিছে । সাংস্কৃতিক, ৰাজনৈতিক, শৈক্ষিক সকলো ক্ষেত্ৰতে জনগোষ্ঠীটোক কেৱল উপেক্ষিত কৰি আহিছে" এই অভিযোগ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথৰ ।
নাথে পুনৰ কয়, "নাথ যোগী জনগোষ্ঠীয়ে হিন্দু ধৰ্মক ৰক্ষণাবেক্ষণ দিছিল । কিন্তু স্বাধীনতাৰ 75 বছৰৰ পাছতো কোনো এখন চৰকাৰে নাথ যোগীসকলৰ সমস্যাৰ স্থায়ী সমাধান নকৰিলে । সংৰক্ষিত শ্ৰেণীৰ নাগৰিক হোৱাৰ পাছতো অসমৰ বিভিন্ন ঠাইত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ভূমি অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ উপৰিও কিছু কিছু লোকক ডি ভোটাৰ সজোৱাৰ চেষ্টা কৰা হৈছে । 42 লাখ থকা জনগোষ্ঠীৰ এজন লোককো সমাগত লোকসভা নিৰ্বাচনত কোনো এটা দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰে ৷ ইয়াৰ বাবেই আমি 2026 চনত নিজা ৰাজনৈতিক দল গঠন কৰিম ।"
লোকসভা নিৰ্বাচনৰ পূৰ্বে নাথ যোগীসকলৰ সমস্যা সমাধান কৰাৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত স্বায়ত্বশাসন প্ৰদান নকৰিলে নিৰ্বাচনত অসমৰ নাথ যোগী অধ্যুষিত অঞ্চলত ভোট দিয়াৰ পৰা জনগোষ্ঠীটো বিৰত থাকিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিলাপথাৰৰ দক্ষিণ ভৈৰৱপুৰত অনুষ্ঠিত হয় অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ ত্ৰি-বাৰ্ষিক অধিৱেশন ৷
এই অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি এইদৰেই নিজৰ ক্ষোভ ব্যক্ত কৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথে । অধিৱেশনৰ মুকলি সভাত জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনৰ লোক উপস্থিত থাকে ।
লগতে পঢ়ক: জোনাইত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতা