ETV Bharat / state

ডাম্পাৰৰ খুন্দাত নগাঁৱত নিহত ভগ্নী, আহত ভাতৃ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 11:50 AM IST

Accident in Nagaon : নগাঁৱত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য । ডাম্পাৰৰ অতপালিৰ বাবেই শোকাৱহ দুৰ্ঘটনাত পতিত একে পৰিয়ালৰ দুই ভাতৃ-ভগ্নী । ডাম্পাৰৰ খুন্দাত নিহত ভগ্নী, আহত জ্যেষ্ঠ ভাতৃ ।

Accident in Nagaon
নগাঁৱত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য
ডাম্পাৰৰ খুন্দাত নগাঁৱত নিহত ভগ্নী আহত ককায়েক

নগাঁও, 14 ফেব্ৰুৱাৰী : নগাঁৱত সম্প্ৰতি অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য । নগাঁও পৰিবহন নিগমৰ নীৰৱতাৰ সুযোগ লৈ নগাঁৱৰ বিভিন্ন প্ৰান্তত তীব্ৰবেগী ডাম্পাৰৰ অতপালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ পথচাৰী । মঙলবাৰে বিয়লি তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই মঙলবাৰে এক শোকাবহ পথ দুৰ্ঘটনাত পতিত হয় একে পৰিয়ালৰ দুই ভাতৃ ভগ্নী ।

নগাঁৱৰ জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও ধিং গড়কাপ্তানি পথৰ মেৰাতলাত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন তীব্ৰবেগী ডাম্পাৰে এখন মটৰচাইকেলক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা । AS 02A G 7502 নম্বৰৰ বাইকেৰে নিজৰ ভনীয়েকক লগত লৈ টুকটুকীৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত বাইকখনৰ পিচফালৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই ডাম্পাৰখনে ৷ ফলত এগৰাকী মহিলা থিতাতে মৃত্যু হয় ৷

জানিব পৰা মতে, টুকটুকী ৰৌমাৰীৰ পৰা ককায়েক আৰু ভনীয়েকে নগাঁৱৰ দিশে গৈ থকা অৱস্থাত নগাঁৱৰ মেৰাতলাত এখন ডাম্পাৰে পিচফালৰ পৰা খুন্দা মাৰে । ককায়েকৰ সৈতে গৈ থকা ভনীয়েকৰ মূৰৰ ওপৰেৰে ডাম্পাৰখন পাৰ হৈ যোৱাত থিতাতে নিহত হয় মহিলাগৰাকীৰ । লগতে বাইকখনৰ চালক জনো গুৰুতৰভাবে আহত হয় ৷

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে ঘটনা স্থলীৰ পৰা পলায়ন কৰে ৷ পিচত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে নিহত মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে আহত লোকজনকো চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বাতৰি যুগুত কৰা পৰলৈকে নগাঁৱৰ এখন চিকিৎসালয়ত জ্যেষ্ঠ ভাতৃক ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা বুলিও জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, এই বাতৰি প্ৰস্তুত কৰালৈকে নিহত মহিলাগৰাকীৰ লগতে আহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও দুয়ো ককায়েক ভনীয়েক আছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত পতিত বাইক চালক আৰু আৰোহি টুকটুকী ৰৌমাৰীৰ বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : তীব্ৰবেগী বাহনৰ খুন্দাত চিলাপথাৰত থিতাতে নিহত ভাতৃ-ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.