ETV Bharat / state

ধিংকাণ্ডৰ আত্মসমৰ্পণকাৰী দুই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ হাতত আছে তথ্য-প্ৰমাণ - Dhing Minor rape case

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 10:12 PM IST

Dhing Minor rape incident: নগাঁও জিলাৰ ধিঙত সংঘটিত নাবালিকা ধৰ্ষণৰ গোচৰৰ দুই অভিযুক্তই শুকুৰবাৰে আত্মসমৰ্পণ কৰে ৷ এই দুই অভিযুক্তৰ বিৰুদ্ধে তথ্য-প্ৰমাণ থকা বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকে ৷ দুই অভিযুক্তক জেৰা অব্যাহত ৷

Dhing Minor rape incident
ধিংকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ (ETV Bharat)

নগাঁও, 6 ছেপ্টেম্বৰ: কেৱল নগাঁও জিলাই নহয়, সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ধিংকাণ্ডৰ দুই অভিযুক্তই আত্মসমৰ্পণ কৰাৰ পাছত মুখ খুলিছে নগাঁও আৰক্ষীয়ে । শুকুৰবাৰে বিয়লি ধিঙৰ কিশোৰী ধর্ষণকাণ্ডৰ দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ৷ অসম সংখ্যলঘু সংগ্ৰাম পৰিষদৰ তৎপৰতাত দুই অভিযুক্তই আত্মসমৰ্পণ কৰা বুলি দাবী কৰিছিল সংখ্যালঘু সংগ্ৰাম পৰিষদে ।

পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি সংগঠনটোৰ সহযোগতে দুই অভিযুক্তই আত্মসমৰ্পণ কৰাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । অৱশ্যে দুই অভিযুক্তক বিচাৰি নগাঁও আৰক্ষীয়েও পৰিয়ালৰ সৈতে যোগাযোগ কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

ধিঙত কিশোৰী ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ এটা দিনৰ ভিতৰতেই তফাজ্জুল ইছলাম নামৰ এক অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । ঘটনাৰ সময়ত তফাজ্জুলৰ সৈতে আত্মসমৰ্পণ কৰা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিন একেখন বাইকতে থকাৰ প্ৰমাণ লাভ কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলোৱা অনুসন্ধানত লাভ কৰা সকলো তথ্য প্ৰমাণ আদালতত দাখিল কৰা বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

উল্লেখযোগ্য যে, শুকুৰবাৰে বিয়লি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এই ঘটনাৰ আন এজন অভিযুক্ত তফাজ্জুলক গ্ৰেপ্তাৰৰ পিছতে নিশা ঘটনাস্থলী পৰ্যবেক্ষণৰ বাবে লৈ যোৱা হৈছিল ৷ সেই সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জপিওৱা অভিযুক্তজনৰ সলিল সমাধি ঘটে ৷ নগাঁও জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে ধিংকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰু অপৰাধীক কঠোৰতম শাস্তি বিহাৰ দাবী তুলিছিল বিভিন্নজনে ৷

লগতে পঢ়ক: ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ - Dhing Minor rape case

আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case

আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.