ETV Bharat / state

আৰক্ষীৰ জালত সাত কোটি টকা লুটি নিয়া ৮ চাইবাৰ অপৰাধী - Cyber crime in Nagaon

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:42 PM IST

Cyber criminals arrested in Nagaon: মধ্য অসমত সক্ৰিয় চাইবাৰ অপৰাধী চক্ৰ । জালিয়াতিৰে এক্সিছ বেংকৰ পৰা লুট সাত কোটি টকা । চাইবাৰ অপৰাধীৰ সন্ধানত নগাঁও আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৮ জনকৈ চাইবাৰ অপৰাধী ৷

Cyber criminals arrested in Nagaon
আৰক্ষীৰ জালত সাত কোটি টকা লুটি নিয়া ৮ চাইবাৰ অপৰাধী (ETV Bharat Assam)

নগাঁও, ১২ আগষ্ট: মধ্য অসমত যেন ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধ । এইবাৰ অনলাইন এপ ব্যৱহাৰ কৰি নথি-পত্ৰ জালিয়াতিৰে কেইবাকোটি টকা চাইবাৰ অপৰাধীয়ে লুট কৰাৰ তথ্য পোহৰলৈ আহিছে নগাঁৱত । এটা চাইবাৰ অপৰাধী চক্ৰই বিভিন্নজনৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আদি নথিৰ সৈতে আন কোনো লোকৰ ফটো সংলগ্ন কৰি এক্সিছ বেংকত একাউণ্ট খোলাৰ পাচত অনলাইন এপ ব্যৱহাৰ কৰি বেংকৰ পৰা ঋণ লয় ।

ভুৱা ঠিকনাৰে এক্সিছ বেংকৰ পৰা কোটি কোটি টকা ঋণ লোৱাৰ পাছত ঋণ পৰিশোধৰ বাবে কোনো সঠিক ঠিকনাই বিচাৰি নোপোৱা হৈছে বেংক কৰ্তৃপক্ষ । যাৰ বাবে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বেংক কৰ্তৃপক্ষ অৱশেষত কাষ চাপে নগাঁও আৰক্ষীৰ । এক্সিছ বেংকৰ নগাঁও শাখাৰ তৰফৰ পৰা নগাঁও আৰক্ষীক ঘটনা সন্দৰ্ভৰ অৱগত কৰাৰ পাচতেই অনুসন্ধান আৰম্ভ কৰে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: চাইবাৰ অপৰাধীৰ ঘাটিত পৰিণত হৈছে নেকি মধ্য অসম ? দিল্লী আৰক্ষীৰ অভিযান - Cyber Crime

নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে আৰম্ভ কৰে চাইবাৰ অপৰাধী চক্ৰটোৰ সন্ধানত অভিযান । অভিযানত অনলাইনৰ সহায়ত জালিয়াতিৰে বেংকৰ পৰা সাত কোটি টকা লুটি নিয়া চাইবাৰ অপৰাধী চক্ৰৰ এটাৰ কেইবাজনো সদস্যক জালত পেলাবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

এক্সিছ বেংকৰ পৰা নগাঁও আৰক্ষীয়ে লাভ কৰা কিছু তথ্যৰ ওপৰতেই ভিত্তি কৰি নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰা অভিযানত দেওবাৰে প্ৰথমে চাৰিটাকৈ চাইবাৰ অপৰাধীক আটক কৰে । ধৃত চাৰি অভিযুক্ত চাইবাৰ অপৰাধীৰ স্বীকাৰোক্তিৰ ভিত্তিত পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে অভিযান চলাই মুঠ আঠটাকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: মিছন চাইবাৰ অপৰাধী : পুনৰ 12 টা অপৰাধীক গ্ৰেপ্তাৰ - cyber criminal in morigaon

আটক কৰা অভিযুক্ত চাইবাৰ অপৰাধীকেইটাক দেওবাৰে নিশা জেৰাৰ অন্তত সোমবাৰে আটাইকে গ্ৰেপ্তাৰ কৰা বুলি জনাইছে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই । নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীকেইটা ক্ৰমে ওমৰ ফাৰুক, মহিদুল ইছলাম, ফিৰোজ খান শিকদাৰ, ইমদাদুল ইছলাম, মুছাৰক হুছেইন, দিলদাৰ হুছেইন, জেহিৰুল ইছলাম আৰু চাহিল খান । গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীকেইটা ধিং অঞ্চলৰ বুলিও জানিব পৰা গৈছে ।

সোমবাৰে অভিযুক্ত চাইবাৰ অপৰাধীকেইটাক আদালতত হাজিৰ কৰাৰ অন্তত অধিক তথ্যৰ সন্ধানত পুনৰ সাত দিনৰ নিজৰ জিম্মাত বিচাৰি নগাঁও আৰক্ষীয়ে আদালতত আবেদন জনায় ৷ ইয়াৰ পাচতেই আদালতে আটাইকেইটাক সাত দিনৰ জিম্মাত দিয়া বুলি জানিবলৈ দিছে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ।

লগতে পঢ়ক: আপোনাৰ নামতো ভুৱা পান-আধাৰ কাৰ্ড বনাই প্ৰৱঞ্চকে কৰিব পাৰে সৰ্বস্বান্ত ! - Cyber criminals arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.