ETV Bharat / state

স্বাধীনতা দিৱস উদযাপনক লৈ নগাঁও জিলা প্ৰশাসনৰ বিশেষ বৈঠক - INDEPENDENCE DAY 2024

Nagaon District Administration : সমাগত 15 আগষ্ট অৰ্থাৎ দেশৰ স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনক লৈ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপৰ সভাপতিত্বত সোমবাৰে এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ সভাত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল, চাওক বিতং খবৰ...

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:30 PM IST

INDEPENDENCE DAY 2024
বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত (ETV Bharat Assam)

নগাঁও, 8 জুলাই : নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে আগন্তুক স্বাধীনতা দিৱস উদযাপনক লৈ জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপৰ সভাপতিত্বত এখনি বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত নগাঁও জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰিও আৰক্ষী-প্ৰশাসন, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

INDEPENDENCE DAY 2024
বৈঠকৰ স্থান : জিলা আয়ুক্তৰ কাৰ্যালয় (ETV Bharat Assam)

এই বৈঠকত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ সভাত অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞাই পূৰ্বৰ কাৰ্য বিবৰণীখন পাঠ কৰি গৃহীত সিদ্ধান্তসমূহৰ সম্পৰ্কে আলোচনা কৰে ৷ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে 15 আগষ্টত পালন কৰিবলগীয়া স্বাধীনতা দিৱসটিত সকলো বিষয়া আৰু কৰ্মচাৰীক তেওঁলোকৰ ওপৰত ন্যস্ত কৰা নিজা নিজা দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় ৷ লগতে তেওঁ নিৰ্ধাৰিত সময়ৰ পূৰ্বে কামসমূহ সম্পাদন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

INDEPENDENCE DAY 2024
স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক (ETV Bharat Assam)

উল্লেখযোগ্য যে, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন প্ৰতিযোগিতা যেনে- ৰচনা, চিত্ৰাংকন, কুইজ আদিৰ বিষয়েও জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সদৰী কৰে ৷ কুচকাৱাজত অংশগ্ৰহণ কৰা দলসমূহক ভালদৰে লঘু আহাৰ প্ৰদান কৰিবলৈ দায়িত্ব অৰ্পণ কৰা বিভাগসমূহক আয়ুক্তগৰাকীয়ে আহ্বান জনায় ৷

সোমবাৰে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী, মুনমী কলিতা, জিলা আৰক্ষীৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, জিলা ব্যৱসায়ী সন্থা, জিলা পেঞ্চনাৰ সন্থা, জিলাখনৰ সকলো মহাবিদ্যালয়, বিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে জিলা মুক্তি যুঁজাৰু সন্থা আৰু জিলাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: নগাঁৱৰ বন্যাৰ্তলৈ প্ৰশাসনৰ বান সাহাৰ্য - Relief Aid Distributed in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.