ETV Bharat / state

ৰাজনৈতিক অঘটন : নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: অৱশেষত খাৰিজ হ'ল নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ । জাতিগত প্ৰমাণ পত্ৰক লৈ বিতৰ্ক চলি থকাৰ মাজতে দেওবাৰে এই কথা ঘোষণা কৰে কোকৰাঝাৰৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে ।

Lok Sabha Election 2024
নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 2:10 PM IST

নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ

কোকৰাঝাৰ, ২১ এপ্ৰিল : শেহতীয়াকৈ জাতিগত প্ৰমাণ পত্ৰক লৈ বিতৰ্কত থকা কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বাবে আন এক হতাশাজনক খবৰ । তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ সপোন পূৰণ নোহোৱাৰ দিশে নৱ কুমাৰ শৰণীয়াৰ ! দেওবাৰে নিৰ্বাচনী বিষয়াই খাৰিজ কৰিলে নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই কথা প্ৰকাশ কৰে । লগে লগে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা বুলি এক ৰায়দানত উল্লেখ কৰিছিল । তেওঁ বড়ো-কছাৰী নহয় বুলি প্ৰমাণিত হৈছিল । অসম চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ জাতিগত নিৰীক্ষণ কমিটীয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন যোৱা ১২ জানুৱাৰীত বাতিল কৰিছিল । নৱ শৰণীয়াই অসম চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । তাৰ পিচত কমিটীখনেও আদালতৰ‌ কাষ চাপিছিল ।

ইফালে আদালতৰ ৰায়ৰ পিচত নৱ কুমাৰ শৰণীয়াই মনোনয়নৰ সৈতে ৰাভা জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল । কিন্তু অৱশেষত পুনৰীক্ষণৰ পিচত খাৰিজ হ'ল শৰণীয়াৰ মনোনয়ন ।

লক্ষণীয়ভাৱে জনজাতি প্ৰমাণ পত্ৰৰ আধাৰতে নৱ কুমাৰ শৰণীয়াই জনজাতিসকলৰ বাবে সংৰক্ষিত ২ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা ২০১৪ আৰু ২০১৯ত দুবাৰকৈ নিৰ্বাচনত জয়লাভ কৰি সাংসদ হ'বলৈ সক্ষম হৈছিল ৷

ইফালে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে মুঠ ১৬ গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ৷ তাৰ ভিতৰত দেওবাৰে নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ কৰাত ১৫ গৰাকীৰ মনোনয়ন বৈধ হিচাপে গণ্য কৰা হৈছে ৷ ইফালে সোমবাৰে ৩ বজাৰ পূৰ্বে ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন ।

লগতে পঢ়ক :নৱ কুমাৰ শৰণীয়াক অবৈধভাৱে নিৰ্বাচন খেলাৰ পৰা বঞ্চিত কৰিলে প্ৰত্যাহ্বান জনাম : অধিবক্তা - Naba Sarania St Certificate

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.