ETV Bharat / state

বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সাত বছৰ পিচত কটনে লাভ কৰিলে NAAC ৰ A গ্ৰেড - Cotton University

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 12:56 PM IST

Cotton College : ১৯০১ চনতে প্ৰতিষ্ঠা হৈছিল কটন কলেজ । অসমৰ শৈক্ষিক ক্ষেত্ৰত এই কলেজখনৰ অৱদান অতুলনীয় । ইয়াৰ বুকুতেই প্ৰতিষ্ঠা হৈছে ইতিহাস । ২০১৩ চনত কটন বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল । ২০১৭ চনত কলেজ আৰু বিশ্ববিদ্যালয়ক একেলগ কৰা হয় । ইয়াৰ পিচতেই আৰম্ভ হয় বিত্তীয় সংকট । এই সংকটৰ মাজতেই কটনলৈ আহিল সু-খবৰ ।

Cotton University
কটন বিশ্ববিদ্যালয় (ETV Bharat Assam)

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : বিত্তীয় সংকট আৰু প্ৰত্য়াহ্বানৰ মাজতো পুনৰ উজলিল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱৰ অন্য়তম কটন বিশ্ববিদ্যালয় । 'নাক'ৰ মূল্যায়নত 'এ' গ্রেড লাভ কৰাৰ পিচতেই উচাহৰ ঢল বৈছে কটন বিশ্ববিদ্যালয়ত । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহাবিদ্য়ালয় আছিল ১৯০১ চনত স্থাপিত কটন কলেজ । ঐতিহ্যমণ্ডিত এই কটন কলেজখন কটন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পিচত বিশ্ববিদ্যালয়খনলৈ আহিছে প্ৰথমটো সফলতা । 'নাক’ৰ প্ৰথমটো পৰিদৰ্শনতে লাভ কৰিলে এই সাফল্য় ।

উল্লেখ্য যে ২০১৭ চনত বিধানসভাত আইন গৃহীত কৰি কলেজ আৰু বিশ্ববিদ্যালয়ক একেলগ কৰা হৈছিল ৷ কটন কলেজ আৰু বিশ্ববিদ্যালয় একত্ৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মূল্যায়নৰ কাৰণে কটন বিশ্ববিদ্যালয়ে আমন্ত্ৰণ কৰিছিল বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনৰ নেশ্যনেল এছেচমেন্ট এন্ড এক্রিডেছন কাউন্সিল চমুকৈ 'নাক’ক ৷

সেই অনুসৰি যোৱা ২৮ ৰ পৰা ৩০ আগষ্টলৈ কটন বিশ্ববিদ্যালয়ত মূল্যায়নৰ বাবে উপস্থিত হয় এটা শিক্ষাবিদৰ দল । 'নাক'ৰ এই পাঁচজনীয়া শিক্ষাবিদৰ দলটোৰ নেতৃত্বত আছিল ওড়িশাৰ ফকীৰ মোহন সেনাপতি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য, বিশিষ্ট শিক্ষাবিদ ড৹ মধুমিতা দাস ৷

বিশ্ববিদ্যালয় ৰূপে প্ৰতিষ্ঠা লাভৰ সাত বছৰৰ পিছত হোৱা নাকৰ মূল্যায়নত কটন বিশ্ববিদ্যালয়ে 'এ'গ্রেড লাভ কৰা বুলি 'নাকে’ বৃহস্পতিবাৰে ঘোষণা কৰে ৷ স্বাভাৱিকতে প্ৰথমবাৰ 'নাক’ৰ পৰিদৰ্শনতে 'এ' গ্ৰেড লাভ কৰাত বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰু, শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি হয় । বিশ্ববিদ্যালয় ৰূপে ঘোষিত হোৱাৰ পিছত 'নাক’ৰ প্ৰথমটো পৰিদৰ্শনতে এ-গ্ৰেড লাভ কৰা কটন বিশ্ববিদ্যালয় হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী বিশ্ববিদ্যালয় ।

কটন বিশ্ববিদ্যালয়ৰ উপাচার্য, বিশিষ্ট শিক্ষাবিদ অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই এই সাফল্য়ৰ বাবে শিক্ষক, শিক্ষার্থী, গৱেষককে ধৰি বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷ উপাচাৰ্য গৰাকীয়ে লগতে কয়, "এই সন্মান লাভ কৰাত বিশ্ববিদ্যালয়ৰ প্ৰতিজনৰে অৱদান আছে ।" যোৱা ২৮ ৰ পৰা ৩০ আগষ্টলৈ কটন পৰিদৰ্শন কৰা 'নাক’ৰ পাঁচজনীয়া শিক্ষাবিদৰ দলটোৱে ২০১৭ চনৰ পৰা ২০২২ চনলৈ বিশ্ববিদ্যালয়খনৰ প্ৰগতিৰ বিভিন্ন দিশৰ মূল্যায়ণ কৰে ৷

এই দলটোৱে কটনৰ এই ৫ বছৰৰ গৱেষণামূলক কার্য, শৈক্ষিক কার্যসূচী, আন্তঃগাঁথনি উন্নয়নকে ধৰি সকলো দিশ বিশদভাৱে মূল্যায়ন কৰি গৈছিল । তাৰ পাচত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত 'নাক'ৰ মূল্যায়নৰ ফলাফলৰ ঘোষিত হয় ৷ কটন পৰিয়ালৰ বাবে আহে সু-খবৰটো । অৱশ্যে এয়া কেৱল কটন পৰিয়ালৰ বাবেই নহয় ১৯০১ চনতে কলেজ ৰূপে প্ৰতিষ্ঠা হোৱা বৰ্তমানৰ বিশ্ববিদ্যালয়খন অসমৰ এক ঐতিহ্য জ্ঞান কৰি আহিছে অসমবাসীয়ে ।

  • 'নাক’ মূল্যায়ন নোহোৱাৰ বাবে কটনে ভুগিছিল আৰ্থিক সংকটত

২০১৩চনত কটন বিশ্ববিদ্যালয় গঠিত হৈছিল যদিও কটন কলেজ আৰু কটন বিশ্ববিদ্যালয় দুয়োখন পৃথকভাৱে আছিল । যাৰ ফলত একেটা চৌহদতে দুটা শিক্ষা প্ৰতিষ্ঠান হোৱাত শিক্ষানুষ্ঠানটো পৰিচালনাত বেমেজালিৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত, ২০১৭ চনত ৰাজ্য চৰকাৰৰ বিশেষ উদ্যোগত কটন কলেজ আৰু কটন বিশ্ববিদ্যালয় একত্ৰিকৰণ কৰা হৈছিল ৷ সেই সময়ত একত্ৰিকৰণত বিশেষ ভূমিকা লৈছিল তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

  • আর্থিক সংকটত ভুগিছিল কটনে

একত্ৰিকৰণ কৰিলে ঠিকেই, কিন্তু পৰৱৰ্তী সময় বিশ্ববিদ্যালয়খনে লাভ নকৰিলে বিশেষ কোনো চৰকাৰী বিত্তীয় অনুদান ৷ যাৰ ফলত বাৰুকৈয়ে আর্থিক সংকটত ভুগিছিল কটনে । সেয়ে সমালোচিত হৈছিল যে কটন বিশ্ববিদ্যালয় হোৱাৰ পিচতো অতি সীমিত সা-সুবিধাৰে বিশ্বিদ্যালয়খনে শিক্ষাদান কৰিবলগীয়া হৈছিল ।

এতিয়া 'নাক’ৰ এ-গ্ৰেড লাভ কৰাৰ পিচত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অনুদানকে ধৰি আন বিত্তীয় পুঁজিৰ বাট বিশ্ববিদ্যালয়খনলৈ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক:চেতনা আহিল কটন কৰ্তৃপক্ষৰ; অৱশেষত কটন বিশ্ববিদ্যালয়ৰ মাটি ভাৰাত দিয়াৰ সিদ্ধান্ত বাতিল - lease out cotton university land

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী - International Museum Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.