ETV Bharat / state

যৌতুকৰ দাবী পূৰণ নকৰাৰ বাবেই গৰ্ভৱতী মহিলাক হত্যা : গোচৰ ৰুজু স্বামী পৰিয়ালৰ বিৰুদ্ধে - WOMAN MYSTERIOUS DEATH IN CACHAR - WOMAN MYSTERIOUS DEATH IN CACHAR

Crime against daughter in law: অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ হত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ । স্বামীসহ 6 অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু ।

crime against daughter in law
অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 2:24 PM IST

শিলচৰ, 13 আগষ্ট: ৰাজ্যত পুনৰ অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যু । স্বামী তথা পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ ৷ চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে অসম-মিজোৰাম সীমান্তৰ কাছাৰৰ লায়লাপুৰ ফ্ৰেঞ্চনগৰত ৷ মৃত অন্তঃসত্ত্বা বোৱাৰীগৰাকী মিনাৰা বেগম বুলি জানিব পৰা গৈছে ।

অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক মৃত্যু (ETV Bharat Assam)

জানিব পৰা মতে, বিগত শুকুৰবাৰৰ দিনা মিনাৰা বেগম নামৰ বোৱাৰীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে স্বামীগৃহত । এই খবৰ পাই পিতৃ পৰিয়ালৰ লোকসকল স্বামীগৃহত উপস্থিত হয় ৷ স্বামীৰ পৰিয়ালে মিনাৰাই আত্মহত্যা কৰিছে বুলি পিতৃগৃহৰ লোকক অৱগত কৰে যদিও এই কথা মানি ল’ব পৰা নাই মিনাৰাৰ পিতৃগৃহই । পিতৃগৃহৰ লোকসকলে মিনাৰাক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰি সংশ্লিষ্ট আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

মৃত বোৱাৰীগৰাকীৰ পৰিয়ালে জনোৱা অনুসৰি, এবছৰ পূৰ্বে মিনাৰা বেগমৰ বিবাহ হৈছিল লায়লাপুৰ ফ্ৰেঞ্চনগৰৰ ৰিয়াজুল আলীৰ সৈতে । বৰ্তমান বোৱাৰীগৰাকী 8 মাহৰ অন্তঃসত্ত্বা আছিল বুলিও জনায় পৰিয়ালৰ লোকে । বিবাহৰ পিছৰে পৰা মিনাৰা বেগমক স্বামী ৰিয়াজুলসহ শহুৰেকৰ ঘৰৰ লোকসকলে যৌতুকৰ দাবী দি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলিও সংবাদ মাধ্যমৰ আগত জনায় পৰিয়ালৰ লোকে । এয়া লৈ পূৰ্বেও বহু বিচাৰসভা হৈছিল ।

যৌতুকৰ দাবী পূৰণ নকৰাৰ বাবেই 8 মাহৰ অন্তঃসত্ত্বা মিনাৰাক স্বামীসহ শহুৰেক পৰিয়ালৰ লোকসকলে পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি অভিযোগ তোলে মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকসকলে । হত্যাৰ অভিযোগ তুলি স্বামী ৰিয়াজুল আলীসহ মুঠ ছয়জনৰ বিৰুদ্ধে মৃত বোৱাৰীগৰাকীৰ মাতৃয়ে লায়লাপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: নিজৰে বৌৱেকৰ সৈতে পৰকীয়া প্ৰেম: পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ - crime against daughter in law

ইমান অত্যাচাৰ কেনেকৈ সহিম বুলি চিকিৎসাৰ মাজতে আঁতৰি গ’ল বেবী

মহানগৰীৰ দক্ষিণগাঁও বালিজানত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.