ETV Bharat / state

চামগুৰিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী দামামা; একালৰ বন্ধু ৰকিবুল হুছেইন বহিল প্ৰতিবাদত - PROTEST IN KALIABOR

বাজিছে ৰণডংকা, সকলো নামিছে উপ-নিৰ্বাচনী যুঁজত ৷ একেদিনাই এফালে মুখ্যমন্ত্ৰীয়ে বজাইছে ৰণডংকা, আনফালে মুখ্যমন্ত্ৰীৰ একালৰ বন্ধু বহিছে প্ৰতিবাদ ৷

MP Rakibul Hussain protest against Four lane highways in Kaliabor
বাজিছে ৰণডংকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 11:23 AM IST

কলিয়াবৰ: উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত ৷ দিল্লীমুখী হোৱাৰ পাচত নিজৰ দুৰ্গ ৰক্ষাৰ ভাৰ পুত্ৰক দিয়াৰ বাবে আসন্ন উপ-নিৰ্বাচনত উঠি-পৰি লাগিছে সাংসদ ৰকিবুল হুছেইন ৷ যিকোনো প্ৰকাৰে চামগুৰিৰ পৰা পুত্ৰ তাঞ্জিলক জয়ী কৰাই সমষ্টিটোত নিজৰ আধিপত্য ৰক্ষা কৰাৰ কুচকাৱাজত ব্যস্ত সাংসদৰগৰাকী ৷

বৃহস্পতিবাৰে ৰকিবুল হুছেইনৰ দুৰ্গত ভোটযুদ্ধ দামামা বজাবলৈ গৈছিল একালৰ নলেগলে লগা বন্ধু তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নিজৰ সমষ্টিতে ৰকিবুল হুছেইনৰ শাৰীৰিক অৱয়বক লৈ তীব্ৰ কটাক্ষ কৰা দেখা গ’ল মুখ্যমন্ত্ৰীয়ে ৷ আওপকীয়াকৈ বলদ গৰুৰ সৈতেও কৰিবুল হুছেইনক তুলনা কৰিবলৈ নাপাহৰিলে ড৹ শৰ্মাই ৷

চামগুৰিত হিমন্ত বিশ্ব শৰ্মাই উচ্চ স্বৰেৰে ৰকিবুল হুছেইনক সমালোচনা কৰি থকাৰ সময়ত তেওঁ ক’ত ব্যস্ত আছিল জানেনে ? কলিয়াবৰত চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিকল্প চিন্তা কৰা বিষয়টোক লৈ প্ৰতিবাদ কৰিবলৈ বৃহস্পতিবাৰেহে যেন সময় ওলাল ৰকিবুল হুছেইনৰ ৷

বাজিছে ৰণডংকা (ETV Bharat Assam)
লগতে পঢ়ক : 'ককা, পুত্ৰ নাতি এমএলএ হ’ব, বাকীবোৰে আমুল গাখীৰ খাই থাকিব লাগিব ৷' কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ স্বাৰ্থত সলনি কৰাৰ অভিযোগ হুছেইনৰ । জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত ঘাইপথৰ সম্প্ৰসাৰণ নকৰি কলিয়াবৰ তিনিআলিৰ পৰা আন দিশৰে নিবলৈ পৰিকল্পনা কৰা কাৰ্যৰ বিৰুদ্ধে কলিয়াবৰত প্ৰতিবাদত বহিল সাংসদ হুছেইন ।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি আৰু ৰিজ'ৰ্টৰ কাষৰে চাৰিলেন পথ নিৰ্মাণ কৰি কুঁৱৰীটোল, হাটবৰ, জখলাবন্ধা আদি বৃহত্তৰ অঞ্চলৰ ৰাইজক সুবিধাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে । আনহাতে, ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদন্তক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ঘৰত বহুৱাই অনিয়মৰে প্ৰাৰ্থীক চাকৰি দিছে বুলিও তেওঁ কয় ৷

লগতে পঢ়ক : ৰকিবুল হুছেইনৰ সংবাদমেলত বাজিল ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’...এয়া কিহৰ ইংগিত ?

উল্লেখ্য যে, কলিয়াবৰ তিনিআলিৰ পৰা এক নতুন দিশেৰে এই ফ’ৰলেন নিৰ্মাণৰ বিৰোধিতাৰে কলিয়াবৰৰ ৬৫ গৰাকী বিশিষ্ট নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৮/২০২৪ নম্বৰত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে ৷ বিৰোধী দল কংগ্ৰেছে চাৰিলেনযুক্ত প্ৰসংগক লৈ মুকলিকৈ সমৰ্থন জনোৱাত আদৰণি জনাইছে কলিয়াবৰ চাৰিলেনযুক্ত দাবী সমিতিয়ে ।

আনহাতে, জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণ দাবী সমিতিৰ প্ৰতিনিধিও সাংসদগৰাকীৰ সৈতে এক বৈঠকত মিলিত হয় । সাংসদ ৰকিবুল হুছেইনৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া তথা কলিয়াবৰ দলীয় নেতা-কৰ্মীসকলেও ।

লগতে পঢ়ক : ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.