ETV Bharat / state

লাহৰীঘাটৰ চৰত আৱদ্ধ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ ল’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে - Assam flood 2024

Flood in Morigaon: বন্যাৰ্তৰ কাষত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰাৰ লগতে বানত আবদ্ধ হৈ পৰা চৰবাসীৰ সৈতে মত বিনিময়ত ভাগ লয় সাংসদগৰাকীয়ে ৷ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 7:27 AM IST

MP Pradyut Bordoloi visited flood affected areas
বন্যাৰ্তৰ কাষত সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV Bharat ASSAM)

ধিং, 8 জুলাই: প্ৰলয়ংকৰী বানত ককবকাইছে ৰাজ্যবাসীয়ে ৷ আহাৰমহীয়া বানে ধাৰণ কৰা সংহাৰী ৰূপে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ৰাইজক জুৰুলা কৰিছে ৷ বানৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰশাসন ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ উপৰিও প্ৰশাসনিক বিষয়াসকলেও বানাক্ৰান্ত এলেকাবোৰ পৰিদৰ্শন কৰিছে আৰু সংশ্লিষ্ট বিভাগক প্ৰদান কৰিছে যাৱতীয় নিৰ্দেশনা ৷

বন্যাৰ্তৰ কাষত সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)

দ্বিতীয়বাৰলৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পাচত দেওবাৰে লাহৰীঘাট বিধানসভা সমষ্টিত উপস্থিত হয় সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদগৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰে ৷

সাংসদ বৰদলৈয়ে লাহৰীঘাট সমষ্টিৰ চিতলমাৰী, ৰংৰাচাপৰি, আৰিমাৰী, ভজাইখাইতি চৰকে ধৰি কেইবাটাও চৰ এলেকাৰ বান পৰিস্থিতিৰ বুজ লয় ৷ লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজাৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক এমদাদ হুছেইনকে ধৰি প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰথমে চিতলমাৰী চৰত আৱদ্ধ হৈ থকা বানাক্ৰান্ত চৰবাসীৰ সৈতে মত বিনিময় কৰি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ।

লগতে পঢ়ক: অসমত যেন বিশেষ একোৱেই হোৱা নাই ! বানৰ সন্দৰ্ভত অমিত শ্বাহৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া - Assam Flood 2024

উল্লেখ্য যে, সাংসদগৰাকীয়ে পৰিদৰ্শন কৰা চৰটোৰ লোকসকল বিগত এসপ্তাহৰো অধিক দিন ধৰি বানত আৱদ্ধ হৈ আছে ৷ ঘৰ-বাৰীৰ লগতে খেতিপথাৰ পৰ্যন্ত বানত ডুব যোৱাত বৰ্তমান চৰবাসীয়ে অনিশ্চিত ভৱিষ্যতৰ চিন্তাত দিন কটাবলগীয়াত পৰিছে । বানাক্ৰান্ত চৰবাসীয়ে চৰত ওখ ভেঁটি নিৰ্মাণ কৰি দি বানৰ পৰা কিছু সকাহ প্ৰদান কৰিবলৈ সাংসদগৰাকীক দাবী জনাইছে ।

উল্লেখযোগ্য যে, এই বান পৰিস্থিতিয়ে চৰত থকা শ শ শিশুৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে । বৰ্তমান সমগ্ৰ অঞ্চলটো বানত আৱদ্ধ হৈ পৰাত শিশুসকলে প্ৰয়োজনীয় খাদ্য লাভৰ পৰা বঞ্চিত হৈ আহিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিৰোধীয়ে দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে: পবিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024

বলিয়া বানে বিঘাই বিঘাই নষ্ট কৰিলে ভোট জলকীয়াৰ খেতি - Assam flood 2024

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰিলে বিদেশী পৰ্যটক নহা হ’ব : মুখ্যমন্ত্ৰীৰ মন্তব্য - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.