ধুবুৰী: ‘‘ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন নিৰুদ্দেশ হৈছে ।’’ সমষ্টিটোৰ ঠায়ে ঠায়ে এটা চক্ৰই এইদৰে আঁৰিলে পোষ্টাৰ । পিছে সেই সময়ত সাংসদ ৰকিবুল হুছেইন আছিল পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰত । এতিয়া নিৰ্বাচনৰ অন্ত হোৱাত পোষ্টাৰ লগোৱা ব্য়ক্তিৰ সন্ধানত নামি পৰিছে সাংসদগৰাকী ।
সদ্য় সমাপ্ত উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত পুত্ৰৰ নিৰ্বাচনী সভাত ব্য়স্ত থকা বাবে কোনে এই কাৰ্য সংঘটিত কৰিছে সেয়া জানিব পৰা নাছিল । পিছে উপ-নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগেই পুনৰ ঢাপলি মেলিছে সমষ্টিটোলৈ । ধুবুৰী লোকসভা সমষ্টিত উপস্থিত হৈয়ে কোনে তেওঁ নিৰুদ্দেশ হোৱা বুলি পোষ্টাৰ আঁৰিছিল তেওঁলোকৰ সন্ধানত নামি পৰিছে সাংসদ ৰকিবুল হুছেইন ।
গৌৰীপুৰত সাংসদ ৰকিবুল হুছেইনে বিচাৰি ফুৰিছে বিশেষে কেইগৰাকীমান ব্যক্তিক । উপ-নিৰ্বাচনৰ অন্ত পৰাত সাংসদগৰাকীয়ে উভতিছে নিজৰ সমষ্টিলৈ । কিছুদিন পূৰ্বে ঠাইয়ে ঠাইয়ে পোষ্টাৰ লগোৱা হৈছিল ধুবুৰীৰ সাংসদ নিৰুদ্দেশ হৈছে বুলি । গুৱাহাটীৰ পৰা কোকৰাঝাৰ ৰে'লষ্টেচন হৈ ধুবুৰীত উপস্থিত হোৱা ৰকিবুল হুছেইনে কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰাৰ পিচতেই বিশেষে কেইগৰাকীমান ব্যক্তি সন্ধান উলিওৱাৰ চেষ্টা কৰে ।
গৌৰীপুৰ মাটিয়াবাগ ৰাজহুৱা ইদগাহৰ ৫ লাখ টকাৰ চাৰিবেৰৰ ৱালৰ কামৰ আধাৰশিলা স্থাপন কৰি সাংসদগৰাকীয়ে কয়, "মই সেই ব্যক্তিসকলক বিচাৰি ফুৰিছো যিসকলে মোক নিৰুদ্দেশ বুলি কৈছে । এয়া হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ দ্বাৰা পৰিচালিত এটা ঘটনা । উপ-নিৰ্বাচনত মই ব্যস্ত আছিলো বাবে চামগুৰিত থাকিবলগীয়া হৈছে । এতিয়া মই মোৰ সমষ্টিত উপস্থিত হৈছো আৰু সমষ্টিৰ উন্নয়নৰ বাবে বিভিন্ন কাম আৰম্ভ কৰিছো । কিন্তু যিসকল ব্যক্তিয়ে নিৰুদ্দেশৰ পোষ্টাৰ আঁৰি মোৰ বদনাম কৰিছিল সেই সকলক মই আজি বিচাৰি ফুৰিছো যদিও তেওঁলোক আজি নিৰুদ্দেশ হৈছে ।"
সাংসদগৰাকীয়ে পুনৰ কয়, "কাইলে মই দক্ষিণ শালমাৰাৰ চৰ অঞ্চললৈ যাম আৰু গোৱালপাৰাত কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰিম । মই মোৰ সমষ্টিক লৈ সদায় সজাগ আৰু সচেতন হৈ সমষ্টিৰ উন্নয়ন কৰিম ।"