ETV Bharat / state

চৰকাৰক মথাউৰি মেৰামতি-নিৰ্মাণৰ হিচাপ বিচাৰিলে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi

Flood relief in Assam: বানাক্ৰান্ত ৰাইজক চৰকাৰে মিঠাতেল কিয় দিয়া নাই বুলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ । অসমত স্মাৰ্ট চিটি দিয়াৰ নামত ঝুমলা দিয়া বুলি কটাক্ষ সাংসদগৰাকীৰ ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:56 PM IST

Flood in Assam
সাংসদ গৌৰৱ গগৈ (ETV BHARAT ASSAM)

শিৱসাগৰ, ৭ জুলাই: ৰাজ্য়ৰ বিভিন্ন ঠাইত বানপানী শুকাবলৈ লৈছে যদিও কিছুমানত পৰিস্থিতি জটিল হৈয়ে আছে । সেয়েহে ৰাজ্য়খনৰ প্ৰায়ভাগ সমষ্টিতেই সাংসদ,মন্ত্ৰী-বিধায়কসকলে বানাক্ৰান্তৰ খৱৰ লোৱাৰ লগতে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । চৰকাৰে বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰা বুলি দাবী কৰাৰ বিপৰীতে বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । ইয়াৰ মাজতেই আজি শিৱসাগৰত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । সাংসদগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ বানপীড়িতই উপযুক্ত সাহাৰ্য লাভ নকৰা বুলি অভিযোগ কৰে ।

সাংসদ গৌৰৱ গগৈ (ETV BHARAT ASSAM)

সাংসদ গৌৰৱ গগৈয়ে অসমত বিগত ৮ বছৰত চৰকাৰে মথাউৰি মেৰামতি তথা নিৰ্মাণত ব্য়ৰ্থ হোৱা বুলি মন্তব্য় কৰি কয়, "অসমত বিগত ৮ বছৰত কিমান মথাউৰি নিৰ্মাণ কৰিলে, মেৰামতি কৰিলে আৰু কিমান সৱলীকৰণ কৰিলে তাৰ হিচাপ দিয়ক বিজেপি চৰকাৰে ।" ৰাইজে টোল কৰ দিয়াৰ পিচতো সেই পইচাসমূহ ক'ত গ'ল বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যৰ কোনো গুৰুত্ব নাই : সাংসদ গৌৰৱ গগৈ - MP Gaurav gogoi

শিৱসাগৰ জিলাৰ দিচাংমুখ, শৰাগুৰি চাপৰি আদি ভিন্ন প্ৰান্তত বান-খহনীয়া পৰিদৰ্শন কৰি আজি এইদৰে মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে । বানাক্ৰান্ত ৰাইজক চৰকাৰে কিয় মিঠাতেল নাই দিয়া বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । আনহাতে, বিজেপি চৰকাৰে অসমত স্মাৰ্ট চিটি দিয়াৰ নামত ঝুমলা দিয়া বুলি কটাক্ষ কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে," ক‘ত আছে স্মাৰ্ট চিটি ?" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগে বুলি তেওঁ দাবী কৰি কয়, "এনে ধৰণৰ ডাবল ইঞ্জিন নালাগে । ৰাইজে দুবছৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ দিব ।"

ইপিনে, গুৱাহাটী মহানগৰীত নলাত পৰি শিশুৰ মৃত্যু হোৱা সন্দৰ্ভতো সাংসদগৰাকীয়ে মন্তব্য় কৰে । তেওঁ নলাত পৰি শিশুৰ মৃত্যু হোৱা সন্দৰ্ভত চৰকাৰক জগৰীয়া কৰাৰ লগতে ভুক্তভোগী পৰিয়ালটোৰ ওচৰত ক্ষমা খোজাৰো দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:বানাক্ৰান্তৰ খবৰ লৈ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্য়মন্ত্ৰীক : চৰকাৰে দুৰ্নীতি-ছিণ্ডিকেট চলাইছে - MP Gaurav Gogoi in Charaideo

প্ৰধানমন্ত্ৰীয়ে য'তেই হাত দিছে তাতেই অথন্তৰ হৈছে : গৌৰৱ গগৈ - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.