ETV Bharat / state

জন্মদিনত পিতৃ তৰুণ গগৈক স্মৰণ গৌৰৱ গগৈৰ; পূজাৰ বতৰত গৌৰৱ গগৈয়ে সোৱাদ লোৱা নাই জিলাপিৰ !

MP Gaurav Gogoi: দুৰ্গা পূজা উপলক্ষে পুৱাই ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত উপস্থিত সাংসদ গৌৰৱ গগৈ ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 2:27 PM IST

MP Gaurav Gogoi
পূজাৰ বতৰত গৌৰৱ গগৈয়ে কিয় খোৱা নাই জিলাপি (ETV Bharat)

যোৰহাট, ১১ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ ব্যস্ত ভক্তসকল । আজি ভক্তসকলে একেলগে পালন কৰিছে অষ্টমী আৰু নৱমী পূজা । যাৰ বাবে ৰাজ্যৰ বিভিন্ন শক্তিপীঠ, মন্দিৰ আৰু পূজা মণ্ডপত অসংখ্য ভক্তই ভিৰ কৰিছে । দুৰ্গা পূজাক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈকো ব্যস্ত দেখা গৈছে । যোৰহাটৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ মা দুৰ্গাক প্ৰাৰ্থনা জনালে গৌৰৱ গগৈয়ে । পুৱাই জিলাখনৰ ঐতিহাসিক জাগ্ৰত শক্তিপীঠ হিচাপে জনাজাত বুঢ়ী গোঁসানী দেৱালয়ত উপস্থিত হয় গৌৰৱ গগৈ ।

আজি গৌৰৱ গগৈৰ পিতৃ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন ৷ পূজাৰ মাজতে প্ৰয়াত পিতৃক জন্মদিনত স্মৰণ কৰে গৌৰৱ গগৈয়ে ৷

ৰাজ্যবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা

দেৱী দুৰ্গাক পূজা অৰ্চনা কৰি অসমৰ ৰাইজক শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনালে সাংসদগৰাকীয়ে । ইফালে জনপ্ৰিয় সাংসদগৰাকীক ওচৰত পাই ভক্ত আৰু তেওঁৰ অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গ'ল । বহুতে সাংসদগৰাকীৰ সৈতে ছেলফিও তুলিলে ।

সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে কয়,"মা দুৰ্গাই সকলোকে শক্তি দিয়ক আৰু আশীৰ্বাদ কৰক, বিপদৰ পৰা সকলোকে ৰক্ষা কৰক আৰু সমাজৰ পৰা অশান্তি দূৰ কৰক তাৰে কামনা কৰিছোঁ । যোৰহাটৰ ৰাইজ আজি বুঢ়ী গোঁসানী দেৱালয়ত একগোট হৈছে, ফলত শান্তি-সম্প্ৰীতি, মৰমৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে । এইয়া হৈছে অসমীয়া, অসমৰ সম্পদ আৰু ভাৰতীয় সংস্কৃতি ।"

আনহাতে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তথা তেওঁৰ পিতৃ তৰুণ গগৈৰ জন্মজয়ন্তী । এই বিশেষ দিনটো পিতৃয়ে বুঢ়ী গোঁসানী দেৱালয় দৰ্শন কৰাৰ কথাও স্মৰণ কৰে গৌৰৱ গগৈয়ে । লগতে পিতৃৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইফালে দুৰ্গা পূজা বুলিলেই জিলাপিৰ এক সুকীয়া স্থান আছে । জিলাপি বহুতৰে প্ৰিয় যদিও গৌৰৱ গগৈয়ে আজি ইয়াৰ সোৱাদ লোৱা নাই বুলি আমোদজনকভাৱে উত্তৰ দিয়ে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয়, "জিলাপি আজি খোৱা নাই । এইকেইদিন ইমান জিলাপি খুৱাইছে আজি পেটতো অলপ খালী ৰাখিছো ।"

উল্লেখ্য যে গৌৰৱ গগৈয়ে ইতিমধ্যে যোৰহাট জিলাৰ কেইবাখনো মণ্ডপত উপস্থিত হৈছে । একেদৰে সন্ধিয়াও তেওঁ কেইবাখনো পূজা মণ্ডপলৈ যাব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.