ETV Bharat / state

উপ-নিৰ্বাচনত কংগ্ৰেছে আসনৰ সংখ্য়া চিন্তা কৰা নাই - Gaurav Gogoi On By Election

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 10:34 PM IST

ADRE 2024 : ৰাজ্যত চলিছে ৰজাৰ শাসন ৷ জনসাধাৰণৰ সমস্যাক লৈ পিঠি দিয়া চৰকাৰে এটা পৰীক্ষা নামত কাটিলে ইন্টাৰনেট সেৱা । এইদৰে কোনগৰাকী সাংসদে কৰিলে মন্তব্য় ?

Congress Press Meet
MP Gaurav Gogoi (MP Gaurav Gogoi)

ধেমাজি, ১৫ ছেপ্টেম্বৰ: "ৰজাই শাসন চলাইছে ৷ অসমত সেৱকৰ চৰকাৰ নহয় ৷ এতিয়া চলিছে ৰজাৰ শাসন ৷ দুখীয়া ৰাইজে এয়া বুজি পাইছে । অহংকাৰী ৰজাৰ এই শাসন ৰাইজে আগন্তুক দিনত ওফৰাই পেলাব ।" এই মন্তব্য় সাংসদ গৌৰৱ গগৈৰ । ধেমাজিৰ ইন্দিৰা ভৱনত দেওবাৰে আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "ক্ষমতা মুখ্যমন্ত্ৰীৰ চকীত নহয়, ক্ষমতা ৰাইজৰ । ৰাইজে ২০২৬ চনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ৷"

MP Gaurav Gogoi (MP Gaurav Gogoi)

উপ-নিৰ্বাচনত আসনৰ সংখ্য়া চিন্তা কৰা নাই কংগ্ৰেছে

সাংসদগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়,"বৰ্তমান ৰাজ্যত শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে ৰাইজৰ আশা-আকাংক্ষাক গুৰুত্ব প্ৰদান কৰা নাই ।" ৰাজ্যত হ'বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, "আসনৰ চিন্তা কৰা নাই, ৰাইজৰ ওচৰলৈ কেনেকৈ যাব পাৰি তাতহে গুৰুত্ব প্ৰদান কৰা হৈছে ৷"

  • চৰকাৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন

ইপিনে, আজি ৰাজ্যত অনুষ্ঠিত অসম চৰকাৰৰ তৃতীয় বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সময়ত ইন্টাৰনেট বন্ধ ৰখা সন্দৰ্ভত মন্তব্য় কৰি কয়, "পৰীক্ষাৰ বাবে ইন্টাৰনেট বন্ধ কৰি জনসাধাৰণক হাৰাশাস্তি কৰা হৈছে । ইয়াৰ বিপৰীতে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন ৷ অসমৰ বাহিৰে আন ৰাজ্যত এনেকুৱা ক'তো পৰীক্ষাৰ বাবে এনে কৰা হোৱা নাই ।"

  • ঢোলে দগৰে আদৰিলে গৌৰৱ গগৈক

ধেমাজিত দেওবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে ধেমাজিত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ প্ৰথমে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত জ্যেষ্ঠ নাগৰিকৰ মতবিনিময় অনুষ্ঠানলৈ ঢোলে দগৰে আদৰি আনে । ইয়াৰ পিছতে ধেমাজিৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকৰ সৈতে মতবিনিময় কৰে সাংসদগৰাকীয়ে ।

এই অনুষ্ঠানতেই ধেমাজিৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, প্ৰাক্তন কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিচতে সাংসদগৰাকীয়ে দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱাৰ অন্তত বিয়লি ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত এখন সংবাদমেল সম্বোধন কৰি কেইবাটাও বিষয়ত মন্তব্য কৰে ।

লগতে পঢ়ক:গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক, এদিনতে ছিণ্ডিকেট-ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰি দিম : গৌৰৱ গগৈ - Gaurav Gogoi on trading scam

মূল সমস্যাবোৰ ডাইভাৰ্ট কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে উচ্ছেদৰ বিৰ্তক আনিছে: ৰিপুণ বৰা - Sonapur Eviction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.