কৰিমগঞ্জ, 29 ফেব্ৰুৱাৰী : ‘‘যিখন নাৱত বেছি মানুহে ভৰি দিয়ে, শেষত সেই নাওখন ডুব যায় ৷ বিজেপিৰো একে অৱস্থা হ’বলৈ গৈ আছে ৷ কংগ্ৰেছত নহয়, প্ৰকৃততে খহনীয়া হৈছে বিজেপি দলৰ ভিতৰত ৷ বিজেপি দলৰ পুৰণি নেতাসকলক মই দেখাই নাই ৷ আমাৰ দিনত যিসকল মন্ত্ৰী-বিধায়ক আছিল সেইসকলকহে আমি দেখা পাওঁ ৷’’ বুধবাৰে বৰাকত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷
লগতে তেওঁ কয়, ‘‘বৰ্তমান বিজেপি দলত ৰাজেন গোঁহাই, ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজয়া চক্ৰৱৰ্তী ক’ত আছে ? যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰি চুই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিছিল, এতিয়া সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অৱস্থা নাই ৷ প্ৰকৃততে বিজেপি দলত পুৰণি বিজেপি হাতাও চলি আছে’’ ৷
উল্লেখ্য যে, আগন্তুক নিৰ্বাচনক লৈ কি বিজেপি, কি কংগ্ৰেছ নাইবা অন্যান্য ৰাজনৈতিক দলসমূহ সকলো তৎপৰ হৈছে ৷ ’24 ৰ নিৰ্বাচনত মাৰ বান্ধি থিয় হ’বলৈ সকলো একপ্ৰকাৰে সাজু হৈছে ৷ সেই অনুসৰিয়েই আগন্তুক লোকসভাৰ নিৰ্বাচনৰ ৰণডংকা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হয় কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ ৷
প্ৰথম কাৰ্যসূচী অনুসৰি, হাইলাকান্দি জিলাৰ মনাচৰা গাঁৱত আয়োজিত এখন কৰ্মশালাত অংশগ্ৰহণ কৰে সাংসদ গগৈয়ে ৷ এই অনুষ্ঠানতে কংগ্ৰেছ এৰি যোৱা নেতাসকলক উদ্দেশ্যি তেওঁ কয়, ‘‘15 বছৰীয়া শাসন কালত বাবে কংগ্ৰেছ দল মেদবহুল হৈ পৰিছিল । এতিয়া এই মেদবহুলতাৰ বাবেই এজন এজনকৈ বিধায়ক, নেতাই দল ত্যাগ কৰিছে । ডায়েবেটিছ আৰু মেদবহুলতা থকা নেতাসকলেহে এতিয়া কংগ্ৰেছ ত্যাগ কৰিছে’’ ৷
ইয়াৰ পাচত তেওঁ উপস্থিত হয় বদৰপুৰৰ এংলাবজাৰ এলেকাত । য’ত অনুষ্ঠিত এখন কৰ্মী সম্মিলনত তেওঁ অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে নিজৰ ভাষণ প্ৰসংগত তেওঁ পিতৃ প্ৰয়াত তৰুণ গগৈৰ পথ প্ৰদৰ্শন কৰিবলৈ সকলো কৰ্মীক আহ্বান জনায় ।
লগতে পঢ়ক : ৰাণা গোস্বামীয়ে দলত্যাগৰ কাৰণ ৰাজহুৱা কৰক: দেৱব্ৰত শইকীয়া