ETV Bharat / state

এতিয়াও অসম আৰক্ষীৰ হাত কোনে বান্ধি ৰাখিছে ? : গৌৰৱ গগৈ - Online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:59 AM IST

MP Gaurav Gogoi: অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত আছে নেকি বিজেপিৰ বাঘা বাঘা নেতা ? অসম আৰক্ষীৰ হাত বান্ধি ৰাখিছে কোনে ? অনলাইন ট্ৰেডিং কেলেংকাৰীৰ চিবিআই তদন্ত দাবী কৰি চৰকাৰলৈ কেতবোৰ প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ ।

MP GAURAV GOGOI SLAMS BJP
অনলাইন ট্ৰেডিং কেলেংকাৰী প্ৰসংগত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ডিব্ৰুগড়, ৮ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা ঘটনাই সচেতন ৰাইজৰ চকু কঁপালত তুলিছে । অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে । কিয়নো একাংশক অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভ দেখুৱাই প্ৰৱঞ্চনা কৰিলে অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডে । কোটি কোটি টকা লুণ্ঠন কৰি আত্মগোপন বহু প্ৰৱঞ্চকৰ ।

এইবাৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ সৰৱ হ'ল সাংসদ গৌৰৱ গগৈ । শনিবাৰে বিয়লি মৰাণৰ তিলৈজান চাহ বাগিচাত অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি অনলাইন ট্ৰেডিঙৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে লোকসভাৰ বিৰোধী দলৰ উপ-সভাপতি, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।

গগৈয়ে কয়, "বিজেপি নেতাসকল সাৰদা কেলেংকাৰীৰ সৈতে জড়িত আছে, বিজেপি নেতাসকল ৰ'জ ভেলী কেলেংকাৰীৰ সৈতে জড়িত আছে । বৰ্তমান অসমত যি বৃহৎ অনলাইন ট্ৰেডিং কেলেংকাৰী চলি আছে তাতো বিজেপি দলৰ বাঘা বাঘা নেতা জড়িত আছে ।" তেওঁ লগতে কয়, "ইমান ডাঙৰ ডাঙৰ কেলেংকাৰী সংঘটিত হৈ থকা সময়ত অসম আৰক্ষী ক'ত শুই থাকে ?"

এতিয়াও অসম আৰক্ষীৰ হাত কোনে বান্ধি ৰাখিছে বুলি প্ৰশ্ন কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে কোন বিজেপি নেতাৰ নিৰ্দেশত এই অপৰাধত জড়িতসকল পলাই যাবলৈ সুবিধা পাইছে । লগতে সমগ্ৰ বিষয়ত চিবিআইৰ তদন্তৰ দাবী কৰে গৌৰৱ গগৈয়ে । উল্লেখ্য উক্ত সম্বৰ্ধনা সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, প্ৰণতি ফুকনকে আদি কৰি উপস্থিত থাকে কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মী ।

লগতে পঢ়ক: জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে - Demand for Tribal status

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.