ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত বাৰ্ণ ইউনিট স্থাপনৰ বাবে অ'এন জি চিৰে বুজাবুজি চুক্তি - MoU for Burn Unit in JMCH - MOU FOR BURN UNIT IN JMCH

Jorhat medical college: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১১.৮৩ কোটি টকা ব্যয়ৰে স্থাপন হ'ব বাৰ্ণ ইউনিট । অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিটটো দুবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব । এক সংবাদমেলত এইবিষয়ে সদৰী কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষগৰাকীয়ে ।

JMCH
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:39 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্থাপন হ'ব বাৰ্ণ ইউনিট (ETV BHARAT ASSAM)

যোৰহাট, ১৪ মে’: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুবছৰৰ ভিতৰত স্থাপন কৰা হ'ব অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিট । এই অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিটটো স্থাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব চিনামৰা অ' এন জি চি কৰ্তৃপক্ষই । এইবিষয়ে সদৰী কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে ।

মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এক সংবাদমেলত এইবিষয়ে সদৰী কৰিছে অধ্যক্ষগৰাকীয়ে । অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিটটো স্থাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা চিনামৰা অ'এন জি চি কৰ্তৃপক্ষ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদন হোৱাৰ বিষয়ে উক্ত সংবাদমেলত ঘোষণা কৰে অধ্যক্ষগৰাকীয়ে ।

আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিনামৰা অ'এন জি চি কৰ্তৃপক্ষৰ মাজত এই সম্পৰ্কত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় । অত্যাধুনিক সা-সুবিধাযুক্ত আৰু উন্নত প্ৰযুক্তি বাৰ্ণ ইউনিটটোৰ আই চি ইউটোত উপলব্ধ হ'ব । চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰে কয় যে ইয়াৰ বাবে ১১.৮৩ কোটি টকা ধাৰ্য কৰা হৈছে । অহা দুবছৰৰ ভিতৰত উক্ত বাৰ্ণ ইউনিটটো ৰাইজৰ সেৱাৰ্থে মুকলি কৰা হ'ব বুলিও কয় অধ্যক্ষগৰাকীয়ে ।

উল্লখ্য় যে জুইয়ে পোৰা ৰোগীৰ বাবে চৰকাৰী চিকিৎসা খণ্ডত অত্যাধিক সা-সুৱিধাযুক্ত এইটো হ'ব অন্য়তম ইউনিট । আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰ, অধীক্ষক মানৱ গোহাঁই, যোৰহাট চিনামৰা অ'এন জি চি কৰ্তৃপক্ষ আৰু যোৰহাট জিলা প্ৰশাসনৰ লোকৰ উপস্থিত এই বুজাবুজি চুক্তি সম্পাদন কৰা হয় ।

উল্লখ্য যে যোৰহাটস্থিত চিনামৰা অ'এন জি চি কৰ্তৃপক্ষই ক'ভিড মহামাৰীৰ সময়তো এই ৰোগীৰ বাবে প্ৰয়োজনীয় আহিলাপাতি আৰু আচবাব যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ যোগান ধৰাৰ লগত বৰ্তমানেও প্ৰয়োজনীয় বিভিন্ন আনুসংগিক সুৱিধা প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক:MBBS চূড়ান্ত পৰীক্ষাত উজলিল জে এম চি এইচ - Assam Mbbs Final Exam

গুৱাহাটীৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হ’ব বিশেষজ্ঞ চিকিৎসক-স্বাস্থ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.