ETV Bharat / state

সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

Mother killed son: মাৰ্ঘেৰিটাত মাতৃৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ । অভিযুক্ত মাতৃক আটক ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Mother charged with murder of son in Margherita
সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক (ETV Bharat Assam)

তিনিচুকীয়া : যিকোনো সন্তানৰ বাবে সকলোতকৈ সুৰক্ষিত স্থান হ’ল মাতৃৰ কোলা । কিন্তু, সেয়া ভুল হিচাপে যেন পৰিগণিত কৰিব বিচাৰিছে এগৰাকী মাতৃয়ে । মাৰ্ঘেৰিটা নগৰৰ ১ নং লাজুম অঞ্চলৰ পাঁচ বছৰীয়া এটি শিশুৰ মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চল জোকাৰি গৈছে । শেহতীয়াকৈ এই ঘটনাত শিশুটোৰ মাতৃ জড়িত থকা অভিযোগে ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অভিযুক্ত মাতৃয়ে পুত্ৰক বেটাৰী ৰিক্সাত লগত লৈ গৈছিল নদীৰ পাৰলৈ আৰু ঘূৰি আহোতে কাপোৰত বোকা লাগি আহিছিল । সেই বুঢ়িদিহিং নদীৰ পাৰতেই পুত্ৰক পানীত পানীত ডুবাই হত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে । পৰৱৰ্তী সময়ত ১১ অক্টোবৰত অভিযুক্ত মাতৃয়ে পুত্ৰ নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে সৰ্বত্ৰে শিশুটিক বিচাৰি চলাথ কৰিছিল ।

সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ? (ETV Bharat Assam)

শেহতীয়াকৈ ১৪ অক্টোবৰ সোমবাৰে শিশুটিৰ মৃতদেহ নৈৰ পাৰত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা ঘটনাই সকলোকে আচম্বিত কৰি তোলে । স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখে তদন্ত । ইতিমধ্যে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে শিশুটিৰ হত্যাৰ অভিযোগত মাতৃ জনৈক চক্ৰৱৰ্তীক আটক কৰি অব্যাহত ৰাখিছে মাৰাথন জেৰা ।

ইফালে, শুকুৰবাৰে সন্ধিয়া ১ নং লাজুম অঞ্চলত স্থানীয় ৰাইজে এক প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে শিশুটিৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে, জনৈক চক্ৰৱৰ্তী নামৰ পাঁচ বছৰীয়া শিশুটিৰ হত্যাৰ সন্দেহত নাম সাঙোৰ খোৱা মাতৃ আৰু পৰিয়ালটোক এমাহৰ ভিতৰত সেই স্থান ত্যাগ কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে । পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে মাৰ্ঘেৰিটা আৰক্ষীক শিশুটিৰ হত্যাকাণ্ডৰ তদন্ত খৰতকীয়া কৰাৰ আহ্বান জনাই এখন ৰাজহুৱা পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যা গোচৰ; পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা অমৰ সিঙক

গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.