ETV Bharat / state

ধুবুৰীৰ গৌৰীপুৰত গ্ৰাহকৰ ধন লৈ উধাও পোষ্ট মাষ্টৰ - Protest in Gouripur

Money embezzlement: ধুবুৰীৰ গৌৰীপুৰ খুদিমাৰীত গ্ৰাহকৰ ধন লৈ এইবাৰ উধাও হ'ল পোষ্ট মাষ্টৰ । ঘটনাৰ তদন্ত কৰিবলৈ যোৱা পোষ্টেল কৰ্মচাৰীক জবাবদিহি কৰিলে উত্তেজিত ৰাইজে । পোষ্ট মাষ্টৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰ্তৃপক্ষৰ ।

Money embezzlement by post master in Dhubri
ধুবুৰীৰ গৌৰীপুৰত গ্ৰাহকৰ ধন লৈ উধাও পোষ্ট মাষ্টৰ
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:26 PM IST

ধুবুৰীৰ গৌৰীপুৰত গ্ৰাহকৰ ধন লৈ উধাও পোষ্ট মাষ্টৰ

ধুবুৰী,২১ ফেব্ৰুৱাৰী: ধুবুৰীৰ গৌৰীপুৰত পোষ্ট মাষ্টৰে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি উধাও হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । অভিযোগ অনুসৰি গৌৰীপুৰ ডাকঘৰৰ অধীনস্থ খুদিমাৰী উপ-ডাকঘৰ কাৰ্যালয়ত ভেলাকোৱা, খুদিমাৰী, চাপগড়, মধুশৌলমাৰী আদি কেৱাখনো গাঁৱৰ অঞ্চলৰ প্ৰায় ৭ শতাধিক পুৰুষ মহিলা উক্ত ডাকঘৰত নিজৰ একাউণ্ট খুলি ধন জমা ৰাখে ।

অশেষ কষ্টোপাৰ্জিত ধন ৰাইজে উপ-ডাকঘৰত জমা কৰে যদিও যোৱা প্ৰায় এমাহ ধৰি উপ-ডাকঘৰৰ পোষ্ট মাষ্টৰ মহিবুল ইছলাম অন্তৰ্ধান হৈ থকাৰ অভিযোগ উঠিছে । প্ৰসেনজিৎ চক্ৰৱৰ্তী, নুৰেন খাতুন, আলমা খাতুন, আবেয়া বিবি, আজিজুৰ ৰহমান আদিকে শ শ গ্ৰাহকে নিজৰ একাউণ্টত জমা থকা টকা উঠোৱাৰ বাবে যায় । যদিও পোষ্ট মাষ্টৰ কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে টকা উঠাব নোৱাৰাত ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ।

আনহাতে উপ-ডাকঘৰৰ একাংশ গ্ৰাহকৰ পৰা পোষ্ট মাষ্টৰ মহিবুল ইছলামে নিয়মিতভাৱে ধন সংগ্ৰহ কৰে যদিও একাউণ্ট জমা নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ৰাইজৰ পৰা পোষ্ট মাষ্টৰগৰাকীয়ে প্ৰায় ত্ৰিশ লক্ষাধিক টকা সংগ্ৰহ কৰি আত্মগোপন কৰা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী গ্ৰাহকে । ইপিনে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰোৱাত ডাকঘৰৰ ধুবুৰী সংমণ্ডলৰ পৰিদৰ্শকে গৌৰীপুৰ থানাত মহিবুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ।

ইপিনে ঘটনাৰ তদন্ত কৰিবলৈ যোৱা ডাক বিভাগৰ দুই তদন্তকাৰী বিষয়াক মঙলবাৰে উত্তেজিত গ্ৰাহক ৰাইজে উপ-ডাক ঘৰত আবদ্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ আনে দুই তদন্তকাৰী বিষয়াক ।

লগতে পঢ়ক: মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰীক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.