ETV Bharat / state

চানডুবিৰ পাৰত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ! ৰহস্য কি ?

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 10:51 AM IST

Updated : Feb 17, 2024, 11:21 AM IST

Mock drill of plane crash: এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! শিহৰণকাৰী অভিজ্ঞতাৰ সাক্ষী হৈ ৰ'ল চানডুবি পাৰৰ বহু লোক । উদ্ধাৰ অভিযানত ব্যৱহাৰ হ'ল হেলিকপ্টাৰ, ড্ৰোণ, অগ্নিনিৰ্বাক বাহিনীৰ লগতে বহুতো বিভাগ । হেলিকপ্টাৰ দুৰ্ঘটনাত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত উত্তৰ-পূবৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এই বৃহৎ মকড্ৰিল ।

Mock drill of plane crash for the first time in Chandubi
চানডুবিত বিমান দুৰ্ঘটনাৰ মকড্ৰিল

চানডুবিত বিমান দুৰ্ঘটনাৰ মকড্ৰিল

মিৰ্জা,১৭ ফেব্ৰুৱাৰী: এক শিহৰণকাৰী দুৰ্ঘটনা ! অসমৰ আকাশত সন্ধানহীন এখন যাত্ৰীবাহী হেলিকপ্টাৰ । মাজ আকাশতে সন্ধানহীন হেলিকপ্টাৰখনক লৈ হাহাকাৰ লাগিল সৰ্বত্ৰে । চাৰ্জ অপাৰেচনত আহিল দুঃসংবাদটো । Air Traffic Controller এ খবৰ দিলে চানডুবি বিলৰ সমীপতে ভূপতিত হোৱা যাত্ৰীবাহী হেলিকপ্টাৰখনৰ । দুভাগত বিভক্ত হৈ জ্বলি উঠিল হেলিকপ্টাৰখন ।

হেলিকপ্টাৰখনৰ চৌপাশে পৰি আছে হতাহত লোক । খবৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হ'ল কামৰূপ আৰক্ষীৰ দল । আহতকেইজনক ততাতৈয়াকৈ আৰক্ষীৰ বাহনতে লৈ যোৱা হ'ল চিকিৎসালয় অভিমুখে । আৰক্ষীয়ে খবৰ দিলে চিকিৎসা, অগ্নিনিৰ্বাপক বাহিনীক । আনহাতে হেলিকপ্টাৰখনৰ ATC য়ে Airport Authority ক খবৰ দিয়াৰ পিছতে বায়ুসেনাৰ হেলিকপ্তাৰযোগে সন্ধান কৰিলে হেলিকপ্টাৰৰ ।

বায়ুসেনাৰ হেলিকপ্তাৰে Airport Authority, ATC, দুৰ্যোগ প্ৰশমনৰ SDRF, NDRFক দিলে হেলিকপ্টাৰ ভূপতিত হোৱাৰ Conformation । ঘটনাস্থলীত উপস্থিত হ'ল অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেঞ্চৰ কেইবাখনো বাহন । অগ্নিনিৰ্বাপক বাহিনী জুই নিৰ্বাপন কৰিলে জুই আৰু উদ্ধাৰ কৰিলে কেইবাজনো লোকক । এইবাৰ উপস্থিত হ'ল NDRF । NDRF এ মেচিনৰ সহায়েৰে জীৱন্তে আৰু মৃত অৱস্থাত উদ্ধাৰ কৰিল পাইলট, কেবিন ক্ৰুসহ কেইবাজনো লোকক । জীৱন্ত সকলক ততাতৈয়াকৈ দুৰ্ঘটনাস্থলীৰ সমীপতে চিকিৎসা শিবিৰ পাতি আগবঢ়ালে চিকিৎসা সেৱা । উদ্ধাৰ হ'ল বিমানৰ BlackBox ও ।

এয়া আচলতে এক মকড্ৰিলহে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে বিমান দুৰ্ঘটনাৰ মকড্ৰিল চানডুবিত অনুষ্ঠিত হৈছে । ভাৰতীয় বিমান সেৱা প্ৰাধিকৰণ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই আখৰা উদ্ধাৰ অভিযানত হেলিকপ্টাৰ, ড্ৰোণ, আদিৰ ব্যৱহাৰ কৰা হয় ।

এই মলড্ৰিলত Airport Authority of India, অসামৰিক বিমান পৰিবহণ সংস্থা, ভাৰতীয় বায়ুসেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ, ভাৰতীয় সেনাবাহিনী, ভাৰতীয় নৌসেনা, কামৰূপ জিলা প্ৰশাসন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, স্বাস্থ্যসেৱা সঞ্চালকালয়, অগ্নি আৰু জৰুৰীকালীন সেৱা, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লিমিটেড , ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী , ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, অসামৰিক বিমান নিৰাপত্তা ব্যুৰো, ভাৰতীয় অভিযান নিয়ন্ত্ৰণ কেন্দ্ৰ আদিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে । বিমান দুৰ্ঘটনাত ল'বলগীয়া সকলো পদক্ষেপ এই মকড্ৰিলত প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক: ভূৰাগাঁৱৰ বানমুৰীৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন বিধায়ক ৰমাকান্ত দেউৰীৰ

Last Updated : Feb 17, 2024, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.