ETV Bharat / state

চোৰাং গো-মাংসৰ ঘাটিৰ বিৰুদ্ধে অভিযানত নামিল বিধায়ক - Beef smuggling in Naharkatia - BEEF SMUGGLING IN NAHARKATIA

Beef smuggling: অবাধে চলিছে গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় । নাহৰকটীয়াৰ ভূঞা পট্টীত বিধায়কৰ তৎপৰতাত চোৰাং গো-মাংসৰ ঘাটি উৎখাত ।

Tarang Gogoi drive against smuggled beef trade in Naharkatia
চোৰাং গো-মাংসৰ ঘাটিৰ বিৰুদ্ধে অভিযানত নামিল বিধায়ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2024, 8:05 PM IST

ডিব্ৰুগড়, ৪ অক্টোবৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে গৰুৰ বজাৰ বন্ধ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যখনৰ কোনো ৰাজহুৱা স্থানত আৰু হিন্দু ধৰ্মৰ লোকৰ বসতি এলেকাত গো-মাংস বিক্ৰী কৰাটো নিষিদ্ধ কৰিছিল চৰকাৰে । শেহতীয়াকৈ ৰাজ্যৰ ভিতৰত গৰু কিনা বেচাৰ ক্ষেত্ৰত শিথিলতা আনিছিল ৰাজ্য চৰকাৰে । ইয়াৰ পাছতে গৰুৰ চোৰাং ব্যৱসায় বৃদ্ধি পাবলৈ ধৰিছে ।

একাংশই চৰকাৰৰ নিৰ্দেশনাক অমান্য কৰি হিন্দু ধৰ্মৰ লোকৰ বসতি এলেকাত গো-নিধন কৰি গো-মাংসৰ গোপন ব্যৱসায় চলাই আছে । তেনে সময়ত শুকুৰবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়াত চোৰাং গো-মাংসৰ ঘাটিৰ বিৰুদ্ধে অভিযানত নামিল বিধায়ক । নাহৰকটীয়াৰ ভূঞা পট্টীত উৎখাত কৰা হ'ল চোৰাং গো-মাংসৰ ঘাটি । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু নাহৰকটীয়া থানা কমিটিৰ প্ৰচেষ্টাত উৎখাত কৰা হয় চোৰাং গো-মাংসৰ এই ঘাটি ।

চোৰাং গো-মাংসৰ ঘাটিৰ বিৰুদ্ধে অভিযানত নামিল বিধায়ক (ETV Bharat Assam)

নিশা ৰাজপথৰ পৰা চুৰি কৰি আনি চাৰিটাকৈ গৰু নিধন কৰি গো-মাংসৰূপে বিক্ৰীৰ চেষ্টা চলাওঁতেই এই অবৈধ মাংসৰ ঘাটিটো উৎখাত কৰা হয় । ৰফিউল হুছেইন ভূঞা আৰু ছফিউল হুছেইন ভূঞাৰ নেতৃত্বত দীৰ্ঘদিন ধৰি এই অবৈধ গৰু চুৰি আৰু গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ ৰাইজৰ । আজি আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে দুই গো-মাংসৰ ব্যৱসায়ীয়ে ।

আৰক্ষীয়ে গো-মাংসসমূহ জব্দ কৰি আৰম্ভ কৰিছে তদন্ত । আনহাতে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাই বিধায়ক তৰংগ গগৈয়ে । বিধায়কগৰাকীয়ে কয়,"কোনো ৰাজহুৱা স্থানত আৰু হিন্দু ধৰ্মৰ লোকৰ বসতি এলেকাত গৰু নিধন কৰা নিষিদ্ধ আছে । কিন্তু নাহৰকটীয়া নগৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হোৱাটো নিন্দনীয় । যিহেতু পূজাৰ বতৰত নগৰৰ মাজমজিয়াত এই ঘটনা হৈছে, গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গোটেই বছৰ ইয়াত এই কাৰ্য সংঘটিত হৈ থাকে । এই ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰিছো ।"

লগতে পঢ়ক: মন্দিৰৰ সমীপৰে গো-মাংস কঢ়িওৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইছলাম ধৰ্মাৱলম্বী যুৱক - TENSE SITUATION AT NOONMATI

ডবকাত আৰক্ষীৰ গুলীত আহত গো-মাংস ব্যৱসায়ী, আটক ৭ - Encounter in Doboka

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.