ETV Bharat / state

গিবন আমাৰ হৃদয়ত আছে: ৰূপজ্যোতি কুৰ্মী - Hoollongapar Gibbon Sanctuary - HOOLLONGAPAR GIBBON SANCTUARY

Oil mining in Gibbon Sanctuary: গিবন অভয়াৰণ্যত নহয়, গিবনৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বতহে বেদান্ত গ্ৰুপক তেল খননৰ বাবে অনুমতি দিয়া হৈছে । ৰূপজ্যোতি কুৰ্মীৰ নোম এডালো ছিঙিব নোৱাৰে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলক সকীয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

MLA Rupjyoti Kurmi reacts to oil and natural gas mining in Hollongapar Gibbon Sanctuary
খং উঠিল ৰূপজ্যোতি কুৰ্মীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 7:08 PM IST

যোৰহাট,২০ ছেপ্টেম্বৰ: হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ খননে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আনিব বুলি প্ৰকাশিত হোৱা এক খবৰৰ পাছতে জাঙুৰ খাই উঠিছে দল-সংগঠন । বৃহস্পতিবাৰৰ দিনটোত মৰিয়নীত কেইবাটাও দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ইয়াৰ পাছতে এই প্ৰসংগত সৰৱ হৈ পৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

খঙত অগ্নিশৰ্মা হৈ প্ৰতিবাদকাৰীসকলক তীব্ৰ সমালোচনা কৰে বিধায়ক কুৰ্মীয়ে । নীতি বহিৰ্ভূতভাৱে গিবনত বেদান্ত কোম্পানীক তেল খনন কৰিবলৈ দিয়া হোৱা নাই বুলি তথ্য দাঙি ধৰি বিধায়কগৰাকীয়ে কয়,"প্ৰথমে গিবনত ফুলৰ পুলি এটা ৰোৱক, তাৰ পিছতহে গিবনক লৈ ৰাজনীতি কৰিব । ৰোহিত চৌধুৰী নামৰ আৰ টি আই কৰ্মীজনক মই কমিচন কৰ্মী বুলিহে কও, তেওঁ আৰ টি আই কৰি বিভিন্ন কোম্পানীক ভয়-ভাবুকি দি আহিছে ।"

গিবন আমাৰ হৃদয়ত আছে: ৰূপজ্যোতিকুৰ্মী (ETV Bharat Assam)

লগতে কুৰ্মীয়ে কয়,"ৰোহিত চৌধুৰীয়ে গিবনৰ ইক'চেঞ্চিটিভ জ'নক লৈ যি তথ্য দিছে সেয়া সম্পূৰ্ণ অসত্য । গিবনক লৈ ৭ মে' ২০১৮ ত ড্ৰাফ্ট নটিফিকেচন ওলাইছিল । ইয়াত ষ্পষ্টভাৱে কৈছে গিবনত যিকোনো কাম কৰিব নোৱাৰিব । কি কি কাম কৰিব নোৱাৰিব এই ড্ৰাফ্টত উল্লেখ আছে । ইয়াত ব্যৱসায়িক ভিত্তিত খনন হ'ব নোৱাৰে, ব্যৱসায়িক প্ৰতিষ্ঠান, ইটাভাটা এইবোৰ হ'ব নোৱাৰে বুলি ড্ৰাফ্ট নটিফিকেচনত লিখাতো হয় ।"

ৰূপজ্যোতি কুৰ্মীয়ে কয়,"ড্ৰাফ্ট নটিফিকেচন ওলোৱাৰ পাছত ৬০ দিনৰ সময়সীমা থাকে । জনসাধাৰণৰ ওজৰ-আপত্তি আছে নেকি জনাবলৈ কোৱা হয় । কিন্তু সেই ৬০ দিনত কোনোৱে একো দাবী নকৰিলে । ইয়াৰ ১৬ মাহৰ পিছত অন্তিম নটিফিকেচন ওলাইছে । ফাইনেল ন'টিফিকেচনতো পূৰ্বৰ নিৰ্দেশাৱলীয়েই বাহাল আছে । কিন্তু ৬০ দিনৰ সময়সীমাৰ ভিতৰত এদিনো গছপুলি নোৰোৱা প্ৰকৃতিপ্ৰেমী তথা আন্দোলন কৰা ৰাইজৰ দলৰ নেতাসকলে একো দাবী নকৰিলে ।"

প্ৰতিবাদকাৰীসকলক সমালোচনা কৰি তেওঁ কয়,"যিটো সময়ত ট্ৰেডিঙক লৈ শাসকীয় দলৰ বিৰুদ্ধে কোনো তথ্য নোলাল, কিন্তু ৰাইজৰ দলৰ নেতা, শুভাকাংক্ষীসকলৰ নাম সাঙোৰ খাই পৰাৰ পিছত এই বিষবোৰ ঢাকিবলৈ এনে প্ৰতিবাদ আৰম্ভ কৰিছে ।"

ইফালে বৃহস্পতিবাৰে প্ৰতিবাদকাৰীসকলে কটু মন্তব্যৰ প্ৰত্যুতৰ দিবলৈ গৈ খঙত অগ্নিশৰ্মা হৈ বিধায়ক কুৰ্মীয়ে কয়,"ৰূপজ্যোতি কুৰ্মীৰ নোম এডালো ছিঙিব নোৱাৰে । ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট । কোনোবাই যদি মাৰিবলৈ আহে একে ঘোঁচাই নাক-মুখ ভাঙি দিম, শ্বেপ বদলি কৰি দিম । মোৰ লগত লাগি লাভ নাই । গিবন আমাৰ হৃদয়ত আছে । গিবনৰ গছপুলি উভালি পেলোৱাৰ আগত আমাৰ ঘৰৰ খুঁটা এটা ভাঙিব লাগিব ।"

লগতে পঢ়ক: হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতিৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ - Hoollongapar Gibbon Sanctuary

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.