ETV Bharat / state

নগাঁৱত যোগ দিৱসৰ কাৰ্যসূচীত ভাগ ল'লে বিধায়ক ৰূপক শৰ্মাই - International Yoga Day 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:08 PM IST

Yoga Day 2024 : নগাঁৱত দশম আন্তৰ্জাতিক যোগ দিৱস উদযাপন । ১৫ জুনত আয়োজিত হোৱা যোগাসন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক পুৰষ্কাৰ প্ৰদান । নগাঁৱত যোগ দিৱসত অংশগ্ৰহণ বিধায়ক ৰূপক শৰ্মাৰ ।

MLA Rupak Sharma participates in Yoga Day programme in Nagaon
নগাঁৱত দশম আন্তৰ্জাতিক যোগ দিৱস উদযাপন (ETV Bharat Assam)

নগাঁও,২১ জুন: নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত শুকুৰবাৰে দশম আন্তৰ্জাতিক যোগ দিৱসটি নগাঁও পুলিচ ৰিজাৰ্ভৰ সামূহিক ভৱনত উদযাপন কৰা হয় । জাতীয় সংগীতেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভনি কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । যোগ দিৱসৰ শুভাৰম্ভ কৰি জিলা আয়ুক্তগৰাকীয়ে দিয়া আদৰণি ভাষণত বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধন কৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদ্দেশ্য বুলি উল্লেখ কৰে ।

সুস্বাস্থ্য থাকিলেহে মন সুস্থ হৈ থাকিব আৰু মন সুস্থ হৈ থাকিলেহে সমাজখন সুস্থ হৈ থাকিব বুলিও ভাষণত উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে । নগাঁৱত উদযাপন কৰা যোগ দিৱসত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত শাৰীৰিক ব্যায়াম, যোগাসন বা যোগভ্যাসৰ জৰিয়তে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পৰা যায় বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ।

আনকি যোগৰ জৰিয়তে সুদীৰ্ঘ কাল মন মগজু সজীৱ কৰি ৰাখি শান্তিৰে উশাহ লৈ থাকিব পৰা যায় বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে । যোগ অভ্যাসক দৈনন্দিন জীৱনৰ অংগ হিচাপে ল'বলৈ বিধায়কগৰাকীয়ে নৱ প্ৰজন্মক আহ্বান জনায় । ইয়াৰ পিচতে উপস্থিত সকলোকে যোগাভ্যাস কৰায় নগাঁও, নিৰ্বাণ যোগ কেন্দ্ৰৰ যোগৰ প্ৰশিক্ষক প্ৰভাত বৰা আৰু তেওঁৰ কেন্দ্ৰৰ যোগৰ প্ৰশিক্ষাৰ্থীসকলে । এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে যোৱা ১৫ জুনত আয়োজিত হোৱা যোগাসন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক পুৰষ্কাৰ প্ৰদান কৰা হয় । এইবাৰ দশম আন্তৰ্জাতিক যোগ দিৱসৰ মূল থিম হৈছে নিজৰ আৰু সমাজৰ বাবে যোগাসন ।

নগাঁৱত উদযাপন কৰা যোগ দিৱসৰ কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদৰ প্ৰতিনিধি ড৹ ৰাজীৱ শইকীয়া, জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ কলিতা, জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ফণী পাঠক, জিলা স্বাস্থ্য সমিতি(আয়ুষ)ৰ নডেল বিষয়া ধীৰেন কুমাৰ নাথ, চি আৰ পি আফৰ কামাণ্ডেণ্ট, জিলাৰ সহকাৰী আয়ুক্তসকল,জিলাৰ মুৰব্বী বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আৰক্ষী বিভাগৰ বিষয়া কৰ্মচাৰীসকল, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা অহা বিষয়ববীয়াসকল, জিলা আয়ুষৰ আঁচনি প্ৰবন্ধক প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক যোগ দিৱস পালন - INTERNATION YOGA DAY 2024

তেজপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ - International Yoga Day 2024

তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - International Yoga Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.