ETV Bharat / state

বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে : ৰেকিবুদ্দিন আহমেদ - Assam State Transport Corporation

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 8:41 AM IST

Rekibuddin Ahmed on ASTC and wine shop : পৰিবহণ নিগমৰ দুৰৱস্থা আৰু পাইকাৰী হাৰত সুৰাৰ বিপণি মুকলি কৰাকলৈ সৰৱ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ পৰিবহণ নিগমৰ বৰ্তমান নিজস্ব বহু বাহন থকাৰ পাচতো মৃত্যুঘণ্টা বাজিছে বুলি মন্তব্য কৰে বিধায়ক আহমেদে ।

MLA Rekibuddin Ahmed reacts on ASTC and wine shop
পৰিবহণ নিগমৰ দুৰৱস্থা আৰু পাইকাৰী হাৰত সুৰাৰ বিপণি মুকলি কৰাকলৈ সৰৱ বিধায়ক ৰেকিবুদ্দিন আহমেদ (ETV Bharat)

গুৱাহাটী, 31 আগষ্ট : ‘‘বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে । নিগমৰ বৰ্তমান 646 খন নিজস্ব বাহন চলি আছে । মুঠ 486 খন বাহন বৰ্তমান পথত চলি থকা অৱস্থাত নাই । ইয়াৰ ভিতৰত মেৰামতি সম্ভৱ হোৱা বাহনৰ সংখ্যা ৮৮ খন আৰু মেৰামতি সম্ভৱ নোহোৱা বাহনৰ সংখ্যা 172 খন । এই 172 খন বাছ নিগমে নিলাম কৰিব । আনহাতে, 226 খন অচল হৈ থকা বাছ লিজত দিব ।’’ এই মন্তব্য বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ।

বিশাল সম্পত্তি থকাৰ পাচতো অসম ৰাজ্যিক পৰিবহণ নিগমত বৰ্তমান মৃত্যুঘণ্টা বাজিছে : ৰেকিবুদ্দিন আহমেদ (ETV Bharat)

বিধানসভাত উত্থাপন কৰা প্ৰশ্নৰ বিপৰীতে লাভ কৰা তথ্য দাঙি ধৰি এইদৰে কয় বিধায়ক আহমেদে । বিধায়কগৰাকীয়ে লগতে কয়, ‘‘ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল সম্পত্তি থকাৰ পাচতো পৰিবহন নিগমে বাহন নিলাম কৰিবলগীয় হৈছে । এই অৱস্থা হৈছে নিগমৰ । কি অৱস্থালৈ গৈ আছে পৰিবহণ নিগম । বিশাল সম্পত্তি থকা পৰিবহণ নিগমক পুনৰুজ্জীবিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিব লাগে । নিগমৰ সম্পত্তি যাতে বেলেগৰ হাতলৈ নাযায় তাৰ ব্যৱস্থা কৰিব লাগে ।’’

লগতে পঢ়ক : বৰগাঙৰ পৰা চলাচল কৰা একমাত্ৰ ৰঙা বাছখনো বন্ধ কৰিলে পৰিবহণ নিগমে - Assam State Transport Corporation

  • আৱকাৰী ৰাজহৰ নামত ভৱিষ্যত প্ৰজন্মক ধ্বংস নকৰিব :

আৱকাৰী ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে সুৰাৰ বিপণি মুকলি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে । বিধায়ক আহমেদে কয়, "চৰকাৰৰ বাবে আবকাৰী ৰাজহ গুৰুত্বপূৰ্ণ । কিন্তু ৰাজহৰ নামত ভৱিষ্যৎ প্ৰজন্মক ধ্বংস কৰিবলৈ দিব নোৱাৰি । ৰাজহ বৃদ্ধি কৰিব লাগে যদিও পাইকাৰী হাৰত সুৰাৰ বিপণী মুকলি কৰি দিলে পৰিণাম কি হ'ব উপলব্ধি কৰা উচিত । ৰাজহ লাগিব কিন্তু সেই বুলি স্কুল-কলেজৰ ওচৰত খুলিব নালাগে । ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অন্যথা পৰিণতি বিষম হ'ব ।"

লগতে পঢ়ক : অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.