ETV Bharat / state

ভূৰবন্ধাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক নুৰুল হুদাৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:55 AM IST

Assam Flood 2024: নগাঁও জিলাৰ ভূৰবন্ধাত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই আতংকৰ সৃষ্টি কৰিছে । বুধবাৰে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই । অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী স্থানীয় বিধায়ক তথা ৰাইজৰ ।

Assam Flood 2024
ভূৰবন্ধাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক নুৰুল হুদাৰ (ETV Bharat)

নগাঁও,২০ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিবছৰৰ দৰে এইবাৰো নগাঁও জিলাৰ লাওখোৱাৰ ভূৰবন্ধাত ব্ৰহ্মপুত্ৰ নৈত খহনীয়া আৰম্ভ হৈছে । বিগত কেইবা বছৰে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত শ শ পৰিয়ালে এই পৰ্যন্ত ঘৰ-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈছে । ইফালে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হোৱা খহনীয়াই চিন্তিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ।

লুইতৰ খহনীয়াক লৈ অঞ্চলবাসী আতংকিত হৈ থকাৰ সময়তে বুধবাৰে অঞ্চলটোৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই । দলীয় কৰ্মীক লগত লৈ ভূৰবন্ধাত উপস্থিত হৈ খহনীয়াৰ বুজ লয় কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । ভূৰবন্ধাত হৈ থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লৈ বছৰ বছৰ ধৰি অব্যাহত থকা এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে বিধায়ক হুদাই ।

তেওঁ উল্লেখ কৰা মতে ২০১৯ চনতেই বিধানসভা অধিবেশনত ভূৰবন্ধাৰ খহনীয়াৰ বিষয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত সেই সময়ৰ বিভাগীয় মন্ত্ৰীয়ে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পৰৱৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে বিধায়ক নুৰুল হুদাই । ভূৰবন্ধা অঞ্চলত অব্যাহত থকা খহনীয়াই বহু পৰিয়ালক গৃহহীন কৰাৰ উপৰিও সম্প্ৰতি এসময়ৰ বিশ্ব বিখ্যাত লাওখোৱা অভয়াৰণ্যলৈয়ো ভাবুকিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰে বিধায়ক নুৰুল হুদাই ।

ব্ৰহ্মপুত্ৰৰ খহনীয়া এইদৰে অব্যাহত থাকিলে ব্ৰহ্মপুত্ৰৰ বুকুত বহু ৰাজহ গাঁও নিচিহ্ন হৈ পৰাৰো আশংকা কৰে বিধায়ক নুৰুল হুদাই । ইফালে লুইতৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে লাওখোৱা অভয়াৰণ্যও লুইতৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হোৱা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে । এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বিভাগীয় মন্ত্ৰী আৰু চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক :ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল - ASSAM FLOOD 2024

লগতে পঢ়ক:বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.