ETV Bharat / state

জলসম্পদ মন্ত্ৰীৰ পদত্যাগ দাবী চিপিআই এম নেতা সুপ্ৰকাশ তালুকদাৰৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 9:24 PM IST

MLA Manoranjan Talukdar in bokakhat: "ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা বান প্ৰতিৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ মুখ্যমন্ত্ৰী" দেওবাৰে বোকাখাতৰ বংকোৱালত উপস্থিত হৈ এই মন্তব্য সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পদত্যাগ দাবী কৰে CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ।

Assam Flood 2024
জলসম্পদ মন্ত্ৰীৰ পদত্যাগ দাবী চিপিআই এম নেতা সুপ্ৰকাশ তালুকদাৰৰ (ETV Bharat Assam)

বোকাখাত, 14 জুলাই: বোকাখাতৰ বান বিধস্ত বংকোৱালত উপস্থিত সৰভোগ সমষ্টিৰ CPI M বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ বোকাখাতৰ বংকোৱালৰ মথাউৰি এলেকাৰ লগতে বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক্ষোভ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বোকাখাতৰ বংকোৱালৰ মথাউৰি ভাঙি পেলায় ৷ ফলত বোকাখাতত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ ৷ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল বংকোৱালবাসীয়ে ৷ বংকোৱাল-নেঘেৰিটিং সংযোগী ছিন্ন মথাউৰি পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয়, " মুখ্যমন্ত্ৰীয়ে বান বিধস্ত এলেকা পৰিদৰ্শন কৰি ফুৰিছে সেয়া নিশ্চয়কৈ আদৰণীয় । কিন্ত তেওঁ এই পৰিস্থিতি ৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে ? বানত ইতিমধ্যে ৰাজ্যবাসীৰ দুখ-দুৰ্দশাৰ অন্ত নোহোৱা হৈছে ৷ বৰ্তমানলৈকে 76 জনে প্ৰাণ হেৰুৱালে ৷"

বংকোৱালৰ বান পৰিস্থিতিক সজোৰে বিধানসভাত উপস্থাপন কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে।

বিধায়কগৰাকীৰ লগত মথাউৰি পৰিদৰ্শন কৰে CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰেও । অসমৰ জলসম্পদ মন্ত্ৰীগৰাকীক সম্পূৰ্ণ ব্যৰ্থ বুলি উল্লেখ কৰি তালুকদাৰে হাজৰীকাৰ পদত্যাগ দাবী কৰে ৷

আনহাতে, "অসমত বান সদৃশ পৰিৱেশ" সৃষ্টি হৈছে বুলি গৃহমন্ত্ৰী অমৃত শ্বাহে আগবঢ়োৱা বক্তব্যক কটাক্ষ কৰি বংকোৱালৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি অসমত বান সদৃশ নে সঁচাকৈয়ে বান হৈছে আৰু এয়া ৰাষ্ট্ৰীয় সমস্যা হয়নে নহয় সেয়া গমি চাবলৈ দাবী জনায় CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ৷

আনহাতে, মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিশ্ৰুতি অনুসৰি 12 দিনৰ পাছতো উক্ত ঠাইত বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত উদ্বেগ প্ৰকাশ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে । বানাক্ৰান্তৰ বিকল্প যাতায়তৰ বাবে উক্ত অঞ্চলত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এখন নাও প্ৰদানৰ দাবী জনায় ।

এই পৰিদৰ্শন কালত বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ লগতে নিৰংকুশ নাথ, জীপাল কৃষক সংঘৰ সোণেশ্বৰ নৰহৰ লগতে বহু স্থানীয় লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: বংকোৱালবাসীৰ দুখ-দুৰ্দশাৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুৱে - Assam Flood 2024

বোকাখাতৰ বান বিধস্ত বংকোৱালবাসীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা - Assam Flood 2024

বোকাখাতত বান সাহায্যত দুৰ্নীতি ! ৬ বছৰ ধৰি গুদামত পৰি আছে ৫০০ কুইণ্টল চাউল - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.