ETV Bharat / state

ৰকিবুল হুছেইন কিয় শংকিত হৈছে ? কাৰণ ব্য়াখ্য়া কৰিলে বিধায়ক জিতু গোস্বামীয়ে - Rakibul Hussain VS Jitu Goswami

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 11:10 AM IST

BJP Vs Congress: কংগ্ৰেছৰ শাসনকালত আৰক্ষী প্ৰশাসনক সৰ্বাধিক ব্যৱহাৰ কৰিছিল কোনে ? ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কোনে বিজেপিৰ প্ৰাৰ্থীলৈ দলিয়াইছিল শিল ? ৰকিবুল হুছেইনলৈ প্ৰশ্ন জিতু গোস্বামীৰ ।

Jitu Goswami
বিধায়ক জিতু গোস্বামী (ETV Bharat Assam)

নগাঁও, ১১ ছেপ্টেম্বৰ: ৰাজনীতিত কোনে কাৰ বিৰুদ্ধে কিমান মন্তব্য় কৰিব পাৰে তাৰ বাবে চলা অঘোষিত প্ৰতিযোগিতাখনিৰ অন্ত নাই । এনে মন্তব্য় কৰিবলৈ গৈ কোনে কাৰ দুৰ্বলতা প্ৰকাশ কৰিব পাৰে তাৰেই যেন অপেক্ষাত থাকে প্ৰতিজন । প্ৰতিপক্ষক আক্ৰমণৰ লক্ষ্য় কৰোতে কেতিয়াবা জিভাও পিচল নোখোৱা নহয় । এইবাৰ নগাঁৱৰ দুই প্ৰভাৱশালী নেতাই পৰস্পৰৰ বিৰুদ্ধে কৰা বাক-যুদ্ধখন উঠিছে তুংগত । নিৰাপত্তাৰক্ষীৰ মাজত থকাৰ পিচতো দুয়োগৰাকী নেতাই নিজকে সুৰক্ষিত নহয় বুলি কিয় ক'লে ?

  • বিধায়কে উভতি ধৰিলে সাংসদক

মঙলবাৰে নগাঁও সদৰ আৰক্ষী থানাত বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক জিতু গোস্বামীয়ে । ২০১৬ চনৰ বিধানসভা নিৰ্বাচত সেই সময়ৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীসহ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাহনত একাংশ কংগ্ৰেছীয়েই আক্ৰমণ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি উল্লেখ কৰি কংগ্ৰেছ শাসনকালত ৰকিবুল হুছেইনেই সৰ্বাধিক আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰা বুলি বিস্ফোৰক মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে ।

  • শাসকৰ কথা শুনিবই আৰক্ষী তথা প্ৰশাসনে

ৰাজ্য়ত যি দলে শাসনভাৰ চলায় সেইদলৰ কথা হেনো আৰক্ষী তথা প্ৰশাসনে শুনিবই লাগিব বুলি ক'লে বিধায়ক জিতু গোস্বামীয়ে । বিধায়কগৰাকীয়ে এই প্ৰসংগত কংগ্ৰেছৰ শাসনৰ সময়ৰ কথা উল্লেখ কৰি কয়, "২০১৬ চনৰ বিধানসভা নিৰ্বাচত মোৰ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাহনত একাংশ কংগ্ৰেছীয়ে আক্ৰমণ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । এতিয়া বিজেপিৰ চৰকাৰ, বিজেপিৰ শাসনকালত আৰক্ষী তথা প্ৰশাসনে বিজেপিৰ কথা মতেই নচলি কংগ্ৰেছৰ মতে চলিব নেকি ?"

মঙলবাৰে নগাঁও সদৰ আৰক্ষী থনাত এজাহাৰ দাখিল কৰি বিধায়ক জিতু গোস্বামীক সমালোচনাৰে থকা সৰকা কৰাৰ পাছত কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনকো ওভতি ধৰি বিধায়ক জিতু গোস্বামীয়ে কয়, "বহু কংগ্ৰেছীৰ ইতিমধ্যে বিজেপিত যোগদানৰ বাবে সোঁত বোৱা আৰম্ভ হোৱাত ৰকিবুল হুছেইন শংকিত হৈ আৰক্ষীৰ কাষ চাপিছে ।"

  • এতিয়া আমাৰ সময়, আমি দেখুৱাইছো

আনকি কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক জিতু গোস্বামীয়ে কয়, "বালীলৈ যি পাত সুগ্ৰীবলৈও একেই পাত । যেতিয়া ৰকিবুল হুছেইনৰ সময় আছিল তেওঁ দেখুৱাইছিল, এতিয়া আমাৰ সময় আমি দেখুৱাইছোঁ আৰু পুনৰ ৰকিবুল হুছেইনৰ সময় আহিলে ৰকিবুলে হুছেইনে পুনৰ দেখুৱাব ।"

কি কৈছিল জিতু গোস্বামীয়ে ?

কেইদিনমান পূৰ্বে নগাঁৱৰ বৰঘাটত আয়োজিত এক দলীয় সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীক উদ্দেশ্যি বিধায়ক জিতু গোস্বামীয়ে প্ৰদান কৰা ভাষণৰ ভিডিঅ' আহি পৰিছে ইটিভি ভাৰতৰ হাতত । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ জয়ী হ'লেও চামগুৰিত কাম কৰিবলৈ নিদিয়ে বুলি ভাষণ প্ৰদান কৰিছিল বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:লগত পুত্ৰ, হাতত পেনড্ৰাইভ লৈ নগাঁও সদৰ থানাত ৰকিবুল হুছেইন - Nagaon Police

উগ্ৰ তিতা-উগ্ৰ মিঠা দুয়োটাই বৰবিহ : কিয় ক'লে সাংসদ ৰকিবুল হুছেইনে ? - MP Rakibul Hussain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.