কাজিৰঙা, ১ ছেপ্টেম্বৰ : বিধানসভাৰ শৰৎকালীন অধিৱেশন শেষ কৰি কাজিৰঙাত উপস্থিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন । বিধায়ক ফুকনে কাজিৰঙাৰ এন আৰ এল পেট্ৰ’ল পাম্পৰ ৰেষ্টুৰেণ্টত এক সংবাদমেল আয়োজন কৰি বিধানসভাত গৃহীত হোৱা কেইবাখনো আইন সম্বন্ধে উল্লেখ কৰে ।
- মুছলিম বিবাহ আৰু বিচ্ছেদ আইন ১৯৩৫ বাতিল :
মুছলিম বিবাহ আৰু বিচ্ছেদ আইন ১৯৩৫ বাতিল কৰি মুছলমান সমাজৰ মাতৃসকলক সুৰক্ষিত কৰাৰ কামহে চৰকাৰে কৰিছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । লগতে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ বুলি উল্লেখ কৰি নামাজৰ বাবে সুকীয়া সময় আগন্তুক বিধানসভাৰ পৰা নাইকিয়া কৰাৰ কথা তেওঁ স্পষ্ট কৰে । শেহতীয়া বিধানসভাত গৃহীত হোৱা আন কেতবোৰ আইনৰ কথাও দোহাৰে বিধায়ক ফুকনে ।
- অসমত নিবনুৱাৰ সংখ্যা হ্ৰাস পাইছে:
তেওঁ লগতে কয় যে পূৰ্বৰ তুলনাত অসমত নিবনুৱাৰ সংখ্যা হ্ৰাস পাইছে । ইতিমধ্যে ১ লাখ প্ৰদানৰ চৰকাৰী প্ৰতিশ্ৰুতি সমাপন হোৱাৰ দিশে বুলি বিধায়ক ফুকনে কয় যে আগন্তুক সময়ত আৰু ৫০ হাজাৰ চাকৰি নিবনুৱাৰ বাবে মুকলি কৰা হ’ব । আনহাতে, চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে শিক্ষিত নিবনুৱাক সংস্থাপিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও তেখেতে উল্লেখ কৰে ।
- মূল্যবৃদ্ধিয়ে লাভান্বিত কৰিছে কৃষকক :
কাজিৰঙাৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি বিধায়ক বিশ্বজিৎ ফুকনে । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক বিশ্বজিৎ ফুকনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কৃষকসকলক লাভান্বিত কৰিছে বুলিহে উদ্ভট যুক্তি প্ৰদান কৰে । ঔষধৰ মূল্যবৃদ্ধিয়ে দৰিদ্ৰ জনতাক কোনো ধৰণৰ অসুবিধা পেলোৱা নাই বুলিও উল্লেখ কৰে ।
আনহাতে, কোটি কোটি টকাৰ ঋণৰ বোজাৰে অসমৰ জনগণক মাধমাৰ সোধোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণ লোৱাটো অত্যন্ত প্ৰাসংগিক বুলিও উদ্ভট যুক্তি দিয়ে বিধায়ক ফুকনে । ইফালে, এই ঋণে অসমৰ অৰ্থনীতিক টনকিয়াল কৰিছে বুলিও উল্লেখ কৰে ।