গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ বাজেট অধিবেশনৰ বুধবাৰৰ দিনা গৰুখুঁটিৰ প্ৰসংগক লৈ সদন উত্তপ্ত হৈ পৰে । এআইআইডিএফৰ এগৰাকী বিধায়কে গৰুখুঁটিৰ উচ্ছেদিত লোকৰ প্ৰসংগটো সদনত উত্থাপন কৰে । ইয়াৰ পাছতে শাসক-বিৰোধীৰ মাজত বিষয়টোক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হয় ।
আনহাতে, বিধায়ক অখিল গগৈয়ে চিঞৰি চিঞৰি কয় যে গৰুখুঁটিৰ মডেল চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ইয়াৰ উপৰি বিৰোধী দলৰ কেইবাজনো বিধায়কে গৰুখুঁটিৰ নামত পুঁজি আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে । এইক্ষেত্রত তদন্তৰ বাবে সদন কমিটী গঠনৰো দাবী উত্থাপন হয় ।
ইফালে মন্ত্রী পীযূষ হাজৰিকাই কয় যে ভূমি বেদখলকাৰীৰ প্ৰতি চৰকাৰৰ কোনো মমতা নাই । লগতে বিৰোধীৰ হুলস্থূলীয়া পৰিৱেশক নাটক আখ্যা দি শাসকীয় দলৰ বিধায়কে বিধায়ক অখিল গগৈক ভ্ৰাম্যমাণ নাটক বুলি কটাক্ষ কৰে । ইফালে গৰুখুঁটিৰ প্ৰসংগক লৈ বিধানসভাত সৃষ্টি হোৱা পৰিস্থিতি প্ৰসংগত বিধায়ক অখিল গগৈয়ে বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে গৰুখুঁটি প্ৰকল্পত এতিয়া গৰু নাই, কেৱল খুঁটিডালহে আছে । গৰুখুঁটি প্ৰকল্পটো বিজেপিৰ উন্নয়নৰ ডাঙৰ মডেল আছিল বুলি সদৰী কৰি তেওঁ কয় যে বৰ্তমান গৰুখুঁটিত গৰুৰ পৰিৱৰ্তে কেৱল খুঁটিডালহে আছে আৰু ৰছাও শুকাই গৈছে । ১৭ কোটি টকা খৰচ কৰি ২ কোটি আয় কৰা প্ৰকল্পটোত ১৫ কোটি টকা লোকচান হৈছে । গতিকে ইয়াৰ তদন্ত হ'ব লাগে বুলি দাবী কৰি তেওঁ সদন কমিটী গঠন কৰি তদন্তৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰে ।
আনহাতে, গৰুখুঁটিৰ কেলেংকাৰী উন্মোচিত নোহোৱা পৰ্যন্ত বিৰোধীপক্ষই প্ৰতিবাদ সাব্যস্ত কৰি থাকিব লাগে বুলিও তেওঁ কয় । লগতে সাহস থাকিলে চৰকাৰে সদন কমিটী গঠন কৰক বুলি তেওঁ প্ৰত্যাহ্বান জনায় । অখিল গগৈয়ে গৰুখুঁটি প্ৰকল্পটোক সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা বুলি সদৰি কৰী কয় যে এইটোৱেই হৈছে বিজেপিৰ উন্নয়নৰ মডেল ।
লগতে পঢ়ক : গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ