ETV Bharat / state

ছমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব শিৱসাগৰৰ আধৰুৱা পানী যোগান প্ৰকল্পৰ কাম : অখিল গগৈ - MLA Akhil Gogoi

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 3:58 PM IST

Water supply project in Sivasagar : শিৱসাগৰ নগৰৰ আধৰুৱা পানী যোগান প্ৰকল্প পৰিদৰ্শন বিধায়ক অখিল গগৈৰ ৷ 2008 চনতে আৰম্ভ হোৱা এই আঁচনিৰ কাম আজিকোপতি সম্পূৰ্ণ নহ'ল ৷ আগন্তুক ছমাহৰ ভিতৰত বাকী ৰোৱা 27 কিলোমিটাৰ পাইপ সংস্থাপিত কৰি শিৱসাগৰৰ ৰাইজক খোৱাপানী যোগান ধৰা হ'ব বুলি বিধায়ক গগৈয়ে সদৰী কৰে ৷

WATER SUPPLY PROJECT IN SIVASAGAR
আধৰুৱা পানী যোগান প্ৰকল্প পৰিদৰ্শন বিধায়ক অখিল গগৈৰ (ETV BHARAT ASSAM)

শিৱসাগৰ, 24 জুন : 2007 চনতে শিৱসাগৰ নগৰত খোৱাপানী যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এন এল চি পি আৰ পুঁজিৰ অধীনত 1639.34 লাখ টকাৰ আৱণ্টন দিয়া হৈছিল ৷ নগৰীয়া পানী যোগান আৰু পয়-প্ৰণালী ব’ৰ্ডৰ তত্বাৱধানত এই পানী যোগান আঁচনিৰ কাম 2008 চনতে আৰম্ভ হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ'ল আঁচনিৰ কাম ৷ এই আঁচনিৰ অধীনত শিৱসাগৰ নগৰৰ প্ৰায় 12,000 পৰিয়ালক পানী যোগান ধৰাৰ বাবে দিখৌ নদীৰ পৰা পানী উঠাই নগৰৰ থানামুখস্থিত পানীযোগান প্ৰকল্পত শোধন,পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ঘৰে ঘৰে বিতৰণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল ৷ কিন্তু পানী শোধন, পৰিষ্কাৰ, বীজাণুমুক্ত কৰাৰ আন্তঃগাঁঠনি সম্পূৰ্ণ নোহোৱাকৈ আৰু পানী যোগানৰ বাবে দৰকাৰী 41 কিলোমিটাৰ পাইপ লাইনৰ মাত্ৰ 14 কিলোমিটাৰ সংস্থাপিত কৰি এই আঁচনি বছৰ বছৰ ধৰি অসম্পূৰ্ণ কৰি ৰাখে বিভাগে ৷

শিৱসাগৰ নগৰৰ পানী যোগান প্ৰকল্প পৰিদৰ্শন বিধায়ক অখিল গগৈৰ (ETV BHARAT ASSAM)

ইয়াৰ পিচতে সোমবাৰে বিধায়ক অখিল গগৈয়ে এই আধৰুৱা প্ৰকল্প পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত প্ৰকল্প সম্পূৰ্ণ কৰিবৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰায় দুই কোটিৰো অধিক ধনৰ আৱণ্টন আৰু হস্তান্তৰকৰণ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে বিধায়ক অখিল গগৈয়ে ৷ এই আঁচনিৰ ঠিকাদাৰ, পয়-প্ৰণালী বিভাগৰ অভিযন্তা আদিৰ উপস্থিতিত আগন্তুক ছমাহৰ ভিতৰত বাকী ৰোৱা 27 কিলোমিটাৰ পাইপ সংস্থাপিত কৰি শিৱসাগৰ নগৰৰ ৰাইজক খোৱাপানী যোগান ধৰা হ'ব বুলি বিভাগৰ লগতে বিধায়ক গগৈয়ে সদৰী কৰে ৷

লগতে পঢ়ক : সৰুপথাৰত বাতৰি প্ৰকাশৰ পিছতহে গা লৰিল জল জীৱন আঁচনিৰ দায়িত্বত থকা ঠিকাদাৰৰ - Jal Jeevan Mission Assam

আনহাতে এই কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিধায়কগৰাকীৰ উদ্যোগত, জিলা প্ৰশাসন,পয়-প্ৰণালী বিভাগ, লোক নিৰ্মাণ বিভাগ, শিৱসাগৰ পৌৰসভা আৰু অসম গেছ কোম্পানী লিমিটেডৰ বৰমূৰীয়া সকলক লৈ এখন পৰ্যৱেক্ষক সমিতি গঠন কৰা হ'ব বুলি অখিল গগৈয়ে উল্লেখ কৰে ৷ উল্লেখযোগ্য যে 1639.34 লাখ টকাৰ এই প্ৰকল্পৰ ইতিমধ্যে 13 কোটিতকৈ অধিক ধন ব্যয় কৰি 87 শতাংশ কামৰ অগ্ৰগতি প্ৰদৰ্শন কৰা হৈছে যদিও বাস্তৱ ক্ষেত্ৰত এই অগ্ৰগতি 50 শতাংশও সম্পূৰ্ণ হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ লগতে দিখৌ নদীৰ পৰা উত্তোলিত পানী পৰিষ্কাৰ কৰাৰ পাচত সৃষ্টি হোৱা বোকা, আৱৰ্জনা কিদৰে নিষ্কাষণ কৰিব সেই বিষয়ক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : শিৱসাগৰত মোবাইল চুৰিৰ সন্দেহত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আহত আন এজন - Moral Policing In Sivasagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.