ETV Bharat / state

সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বান-খহনীয়াৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অখিল গগৈৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 4:21 PM IST

Assam Flood Situation : বিলাসীপাৰাত বান আৰু গৰাখহনীয়া পৰিদৰ্শন বিধায়ক অখিল গগৈৰ ৷ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবী বিধায়ক অখিল গগৈৰ ৷

FLOOD SITUATION IN BILASIPARA
বিলাসীপাৰাত বিধায়ক অখিল গগৈ (ETV BHARAT ASSAM)

বিলাসীপাৰা, 15 জুলাই : "বিজেপি এটা সাম্প্ৰদায়িক দল, চৰকাৰখন এখন সাম্প্ৰদায়িক চৰকাৰ ৷ সেয়েহে তেওঁলোকে নামনি অসমৰ সংখ্যালঘু প্ৰধান অঞ্চলৰ বান আৰু গৰাখহনীয়াক গুৰুত্ব নিদিয়ে ৷" এই অভিযোগ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ ধুবুৰীৰ বিলাসীপাৰাত বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈ এই মন্তব্য বিধায়কগৰাকীৰ ৷

বিলাসীপাৰাত বান আৰু গৰাখহনীয়া পৰিদৰ্শন অখিল গগৈৰ (ETV BHARAT ASSAM)

সোমবাৰে বিলাসীপাৰাত বান আৰু গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ ৰাইজৰ দলৰ এটি সজাতি দলৰ সৈতে উপস্থিত হয় বিধায়ক অখিল গগৈ ৷ বিৰছিং জৰুৱা সমষ্টিৰ বান-খহনীয়া অধ্যুষিত কেবাখনো গাঁও যন্ত্ৰচালিত নাৱেৰে পৰিদৰ্শন কৰে অখিল গগৈয়ে ৷ বান পৰিস্থিতি পৰিদৰ্শন কৰি অখিল গগৈয়ে কয় যে, বানমুক্ত অসমৰ কথা কোৱা এইখন চৰকাৰে কিন্তু প্ৰকৃততে বানমুক্ত অসম গঢ়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বিজেপি এটা সাম্প্ৰদায়িক দল আৰু চৰকাৰখন এখন সাম্প্ৰদায়িক চৰকাৰ ৷ যাৰ বাবে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বান আৰু গৰাখহনীয়াৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অখিল গগৈৰ ৷

তেওঁ কয় যে, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বান অসমত হয় আৰু অসমৰ প্ৰায় আঠ হেজাৰ হেক্টৰ মাটি গৰাখহনীয়াত প্ৰতিবছৰে জাহ যায় ৷ যদি অসম চৰকাৰে ভাবিছে কেৱল কেইটামান মথাউৰি বনাই বান ৰোধ কৰিব তেনেহ’লে এয়া অসম্ভৱ ৷ অসমৰ বান সমস্যা সমাধান সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্য উল্লেখ কৰি বিধায়ক গগৈয়ে কয় যে 50 টা পুখুৰী নহয়, অসমৰ বান ৰোধ কৰিবলৈ হ’লে প্ৰথমে বৈজ্ঞানিকভাৱে নদীৰ ওপৰত বিশেষভাৱে গৱেষণা হ'ব লাগিব ৷ লগতে অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ বাবে আহ্বান জনায় বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক : নিৰ্বিকাৰ চৰকাৰ : সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া - Poor Road in Tihu

বিধায়কগৰাকীয়ে পুনৰ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2017 চনত অসমত আহি কৈছিল ব্ৰক্ষ্মপুত্ৰৰ ওপৰত গৱেষণা কৰিবলৈ 100 কোটি টকা প্ৰদান কৰিব ৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকী গুচি যোৱাৰ পিচত নদী গৱেষণাৰ কেন্দ্ৰৰ বাবে থকা গুৱাহাটী বশিষ্ঠৰ ভূমিডোখৰত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় নিৰ্মাণ কৰা হ’ল ৷ প্ৰকৃততে যদি অসম চৰকাৰ তথা বিজেপি দলে অসমৰ বান সমস্যাৰ সমাধান বিচাৰে তেন্তে অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগিব বুলি কয় তেওঁ ৷ আনহাতে উপ-নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ একেলগে থাকি ঐক্যবদ্ধভাবে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে তেওঁ ৷

লগতে পঢ়ক : বিজেপিত ছিণ্ডিকেট কৰা দগাবাজ কেইটাহে থাকিব : অখিল গগৈ - Raijor Dal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.