ETV Bharat / state

বিজুলী ভৱনৰ পৰাই সকলো নিয়ন্ত্ৰণ হয়, মিটাৰৰ ৰিডিঙো নিয়ন্ত্ৰণ কৰিব পাৰিব চৰকাৰে : অখিল গগৈ - Smart electric meters in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 4:21 PM IST

Updated : Aug 23, 2024, 9:42 PM IST

Akhil Gogoi on smart meter : স্মাৰ্ট মিটাৰৰ বিসংগতি পৰীক্ষা কৰিবলৈ এইবাৰ APDCL এ বাছি ল'লে অখিল গগৈৰ ঘৰ ৷ বিধানসভাৰ চৌহদত স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ প্ৰতিবাদ কৰাৰ পাচতে APDCL ৰ কৰ্মচাৰীয়ে গগৈৰ নিজৰাপাৰৰ বাসগৃহত দুটা মিটাৰ সংযোগ কৰে ৷

Smart electric meters in Assam
স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ প্ৰতিবাদ (ETV Bharat)

গুৱাহাটী, ২৩ আগষ্ট : বিধানসভাৰ চৌহদত স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ প্ৰতিবাদ কৰিছিল বিধায়ক অখিল গগৈয়ে ৷ এই প্ৰতিবাদৰ পাছতে স্মাৰ্ট মিটাৰৰ বিসংগতি পৰীক্ষা কৰিবলৈ APDCL এ বাছি ল'লে অখিল গগৈৰ ঘৰখন । আনকি শুকুৰবাৰে দিনৰ ভাগত অখিল গগৈৰ নিজৰাপাৰৰ বাসগৃহত শক্তি বিভাগৰ কৰ্মচাৰী উপস্থিত হয় ৷ তাৰ পাছত বিধায়কগৰাকীৰ ঘৰত দুটা মিটাৰ সংযোগ কৰে APDCL ৰ কৰ্মচাৰীয়ে ।

স্মাৰ্ট মিটাৰৰ প্ৰসংগক লৈ প্ৰতিবাদ (ETV Bharat Assam)

এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত বিধায়ক গগৈয়ে কয়, ‘‘কালি বিধানসভাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে মোক চাপত ৰাখিবলৈ চৰকাৰে এই পদক্ষেপ লৈছে । চৰকাৰক প্ৰশ্ন কৰিলেই তেওঁলোকে এনে পদক্ষেপ লয় । সাংবাদিকে প্ৰশ্ন সুধিলে সাংবাদিকৰ ঘৰতো স্মাৰ্ট মিটাৰ লগাব বিচাৰে মুখ্যমন্ত্ৰী । স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে লগাব দিছো, মই চাই লওঁ ।’’

লগতে পঢ়ক : স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত বিধানসভা: সদন ত্যাগ কৰি বিৰোধীৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

তেওঁ আৰু কয়, ‘‘ধনী ৰাজ্যবোৰেই স্মাৰ্ট মিটাৰ লগোৱা নাই । কিন্তু অসমত ৩৬% ডিজিটেল মিটাৰ লগোৱা হৈছে । ৰাজ্যখনত ২৫ লাখ ডিজিটেল মিটাৰ লগাইছে । এতিয়া দুখীয়া মানুহে বিদ্যুৎ এৰি মিঠাতেলৰ চাকি জ্বলাব লাগিব ।’’

বিধায়ক গগৈয়ে আৰু কয়, ‘‘যিহেতু ডিজিটেল মিটাৰ বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে ৷ যদি সকলো বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে মিটাৰৰ সকলো ৰিডিঙো তাৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰিব ৷’’

উল্লেখ্য যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাটোতে বিধানসভা চৌহদত স্মাৰ্ট মিটাৰক লৈ সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ । হাতত স্মাৰ্ট মিটাৰ আৰু লেম্প লৈ বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিধায়ক অখিল গগৈয়ে বিভিন্ন উদাহৰণসহ স্মাৰ্ট মিটাৰৰ অত্যাধিক মাচুলৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে । লগতে বিধায়কগৰাকীয়ে স্মাৰ্ট মিটাৰৰ যোগেদি এ পি ডি চি এলৰ ৰাজহ বৃদ্ধিৰ প্ৰসংগৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক : স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন: হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

Last Updated : Aug 23, 2024, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.