ETV Bharat / state

নগৰ উন্নয়ন মন্ত্ৰীক অস্তিত্বহীন আখ্যা বিধায়ক অখিল গগৈৰ - MLA Akhil Gogoi

Artificial Flood in Dibrugarh : সোমবাৰে ডিব্ৰুগড় চহৰত কৃত্ৰিম বান পৰিদৰ্শন কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ ঐতিহাসিক চহৰখনক কৃত্ৰিম বানৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰাটোত চৰকাৰৰ চৰম ব্যৰ্থতা প্ৰকাশ পাইছে বুলি কয় তেওঁ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:20 PM IST

Artificial Flood in Dibrugarh
ডিব্ৰুগড়ত বিধায়ক অখিল গগৈ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 8 জুলাই : "11 দিনে যদি এখন নগৰৰ মানুহৰ ঘৰত পানী সোমাই থাকে, নামঘৰ, ক্লাবত যদি থাকে, ৰাস্তাৰ ওপৰত যদি পানী থাকে তাৰ পিচত সেইখন চৰকাৰক নিন্দা কৰাৰ আৰু ভাষা নাথাকে ৷ ডিব্ৰুগড়ৰ পৰিস্থিতি বিজেপি চৰকাৰৰ অকৰ্মণ্যতা, দায়িত্বজ্ঞানহীনতাৰ পৰিচয় ৷" ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিদৰ্শন কৰি এই মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷

ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান পৰিদৰ্শন অখিল গগৈৰ (ETV BHARAT ASSAM)

উল্লেখ্য যে, ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়াৰ পাচতে প্ৰায় দুটা সপ্তাহ পানীৰ তলত ডিব্ৰুগড় চহৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ভয়ংকৰ কৃত্ৰিম বানৰ কবলত সমগ্ৰ ডিব্ৰুগড় চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চল ৷ কৃত্ৰিম বানৰ পাচতে ডিব্ৰুগড় চহৰত জনজীৱন ব্যাহত হৈ পৰিছে ৷ ইয়াৰ মাজতে আজি ডিব্ৰুগড় চহৰত কৃত্ৰিম বান পৰিদৰ্শন কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ বাণীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লয় বিধায়কজনে ৷

কৃত্ৰিম বান পৰিদৰ্শন কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে ৷ তেওঁ কয় যে, ডিব্ৰুগড়ৰ দৰে ঐতিহাসিক চহৰখনক কৃত্ৰিম বানৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱৰাটোত চৰকাৰৰ চৰম ব্যৰ্থতা প্ৰকাশ পাইছে ৷ লগতে নগৰ উন্নয়ন মন্ত্ৰীক অস্তিত্বহীন বুলি কৈ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগৰ দাবী জনাই অখিল গগৈয়ে ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে আহি ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিদৰ্শন কৰাতকৈ ভুক্তভোগীৰ বৰ্তমানৰ অৱস্থা বুজ ল'বলৈ দাবী জনাই বিধায়কগৰাকীয়ে ৷ লগতে গুৱাহাটীত যিদৰে পানী হৈছে, যিদৰে 8 বছৰীয়া শিশু নলাত উটি গৈছে তাৰ পিচত মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ কৰাৰ বাহিৰে আন কোনো ৰাস্তা নাই বুলি কয় তেওঁ ৷

লগতে পঢ়ক : গৃহমন্ত্ৰীয়ে অসমবাসীক চৰম অপমান কৰিছে : অখিল গগৈ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.