বিলাসীপাৰা, ১৫ জুলাই: ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অ-মুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসম আৰক্ষীলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ অসম চৰকাৰৰ তৰফৰ পৰা নতুন সংশোধিত নাগৰিকত্ব আইনৰ নীতিৰ ভিত্তিত সীমান্ত আৰক্ষীয়ে এতিয়াৰে পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্রীষ্টিয়ান শৰণাৰ্থীৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিব নালাগে বুলিও পত্ৰখনত স্পষ্ট কৰি দিছে । ৰাজ্য চৰকাৰৰ কা সন্দৰ্ভত জাৰি কৰা নতুন নিৰ্দেশনাক লৈ ক্ষুব্ধ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ।
ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব বিচৰা কা ৰ বিধি প্ৰণয়নক লৈ চৰকাৰক কঠোৰ সকীয়নি অখিল গগৈৰ । ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চৰকাৰৰ কটু ভাষাৰে সমালোচনা কৰি কয়, "বিজেপি চৰকাৰে চূড়ান্তভাৱে সাম্প্ৰদায়িক মনোভাৱ লৈ অসমক বিভাজন কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰি আছে । স্পষ্ট কথা ১৯৭১ চনৰ পিচত পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা অবৈধভাৱে অহা সকলো লোকক অসমৰ পৰা খেদিব লাগিব । কিন্তু বিদেশীক জাতিৰ নামত, ধৰ্মৰ নামত ভাগ কৰি হিন্দু বিদেশী বাংলাদেশীক ইয়াত ৰাখিব আৰু বাকী কাকো নাৰাখিব, এইটো এটা নিকৃষ্ট কাণ্ড ৷"
বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তাৰ পৰা ১৯৭১ চনৰ পিচত অহা হিন্দু-বাঙালীক অসমত নাগৰিকত্ব দিলে অসমত পুনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব, অসমত পুনৰ তীব্ৰ আন্দোলন হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।