ETV Bharat / state

বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি মিঞা পৰিষদৰ - Miya Muslims Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 11:47 AM IST

Miya Muslims Controversy: ৰাজ্যত মিঞা মুছলমান বিতৰ্ক অব্যাহত থকাৰ মাজতে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সতৰ্ক কৰি দিলে মিঞা পৰিষদে । বিধায়কগৰাকীক যিকোনো মন্তব্য কৰাৰ পূৰ্বে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান । শৃংখল চলিহাকো বিশেষ আহ্বান মিঞা পৰিষদৰ সভাপতিৰ ।

Miya Muslims controversy
বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি মিঞা পৰিষদৰ (ETV Bharat)

ধুবুৰী,২৬ আগষ্ট : শেহতীয়াকৈ ৰাজ্যত মিঞা মুছলমান বিতৰ্ক আৰম্ভ হৈছে । ধিং কাণ্ডৰ পিচতে ৰাজ্যত বিভিন্ন সংগঠনে মিঞাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । ইফালে একাংশ সংগঠনে মিঞাক উজনি অসম ত্যাগ কৰিবলৈ সময়সীমাও বান্ধি দিছে । ইয়াৰ মাজতে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে উজনি অসমৰ পৰা অবৈধ মিঞাক খেদিব নোৱাৰে বুলি প্ৰত্যাহ্বান জনোৱাৰ পিচতে পুনৰ এবাৰ সংগঠনসমূহ উত্তেজিত হৈ পৰিছে ।

আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি

বিধায়কগৰাকীৰ মন্তব্যক বিভিন্নজনে সমালোচনাও কৰা দেখা গৈছে । বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক সকীয়নি প্ৰদান কৰিলে মিঞা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে । ৰাজ্যত ধৰ্ষণ কাণ্ডক লৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিল মিঞা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা ধুবুৰী বি এন কলেজৰ প্ৰাক্তন অধ্যাপক আব্দুল বাতেন ।

আব্দুৰ ৰছিদ মণ্ডলক জ্ঞানহীন বিধায়ক আখ্যা

আব্দুল বাতেনে কয়, "আব্দুৰ ৰছিদ মণ্ডল এজন জ্ঞানহীন বিধায়ক । ক'ত কি কথা ক'ব লাগে আব্দুৰ ৰছিদ মণ্ডলে নাজানে, উজনি অসমত মিঞা শ্ৰমিকৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'লে দায়ী হ’ব আব্দুৰ ৰছিদ মণ্ডল ।" তেওঁ লগতে কয়, "আব্দুৰ ৰছিদ মণ্ডলে প্ৰত্যাহ্বান জনোৱা কাৰ্যই সৃষ্টি কৰিব পাৰে ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ । এগৰাকী বিধায়ক হিচাপে তেওঁ এই কথা জানিব লাগে । কেৱল ৰাজনৈতিক লাভালাভৰ বাবে কৰা এই মন্তব্যক তীব্ৰ গৰিহণা দিছো ।" ভৱিষ্যতে এই ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ বিধায়কগৰাকীক সকীয়নীও প্ৰদান কৰে মিঞা পৰিষদৰ সভাপতিয়ে ।

শৃংখল চলিহাক আহ্বান

ইফালে আব্দুৰ ৰছিদ মণ্ডলৰ দৰে বিতৰ্কিত নেতাৰ চেলেঞ্জ শৃংখল চলিহাৰ দৰে জাতীয় সংগঠনক প্ৰতিনিধিত্ব কৰা নেতাই গ্ৰহণ কৰাটো ভুল বুলিও তেওঁ উল্লেখ কৰে । জ্ঞানহীন বিধায়কৰ কথাত নিৰীহ মিঞাৰ ওপৰত শক্তি প্ৰয়োগ নকৰিবলৈ শৃংখল চলিহা আৰু ৩০ টা জাতীয় সংগঠনৰ প্ৰতিনিধিক মিঞা পৰিষদৰ সভাপতিগৰাকীয়ে অনুৰোধ জনায় । লগতে শৃংখল চলিহাক শ্ৰীমন্ত শংকৰদেৱৰ নীতিৰে কাম কৰাৰো আহ্বান জনায় ।

লগতে পঢ়ক :ডিব্ৰুগড়ত আটাছুৰ মিঞা বিৰোধী অভিযান - Miya Muslims controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.