ETV Bharat / state

দুষ্টচক্ৰই পুখুৰীত ঢালিলে ৰাসায়নিক দ্ৰব্য; পানীত ওপঙি উঠিল হাজাৰ হাজাৰ মৃত মাছ - Miscreants pour chemicals into pond

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 2:20 PM IST

Miscreants pour chemicals into pond : নগাঁৱৰ মাছ ৰপ্তানি বিতৰ্ক চলি থকাৰ মাজতে শিৱসাগৰত এগৰাকী মৎস্য পালকৰ পুখুৰীত দুষ্টচক্ৰই ঢালিলে বিষাক্ত দ্ৰব্য । লক্ষাধিক টকাৰ সৰু-বৰ মাছৰ মৃত্যু । দোষীক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী স্থানীয় লোকৰ ।

Miscreants pour chemicals into pond
দুষ্টচক্ৰই পুখুৰীত ঢালিলে ৰাসায়নিক দ্ৰব্য (ETV Bharat)

শিৱসাগৰ, ৩০ আগষ্ট : উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰা বিষয়ক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । এনে পৰিস্থিতিত উজনি অসমৰ বহু যুৱকে মৎস্য উৎপাদনৰ জৰিয়তে বজাৰ দখল কৰাৰ প্ৰয়াসো আৰম্ভ কৰিছে । কিন্তু তেনে সময়তে শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা । দিগন্ত ফুকন নামৰ এগৰাকী মৎস্য পালকৰ পুখুৰীত হঠাৎ উপঙি উঠিল হাজাৰ হাজাৰ সৰু-বৰ মাছ । নিজৰ পুখুৰীত এনেদৰে কুইণ্টলে কুইণ্টলে মাছৰ মৃত্যু হোৱা দেখি মূৰে-কপালে হাত দিছে দিগন্ত ফুকন নামৰ কৃষকজনে ।

  • পুখুৰীত ঢালিলে বিষাক্ত দ্ৰব্য

পুখুৰীটোত দুষ্টচক্ৰই বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰাৰ সন্দেহ কৰিছে মৎস্য পালকৰ লগতে স্থানীয় লোকসকলে । যাৰ বাবে নিশাটোৰ ভিতৰতে পুখুৰীত থকা বৃহৎ আকাৰৰ বৰালি, ৰৌ, ভকুৱা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছৰ মৃত্যু হয় । বিগত প্ৰায় ১৫ বছৰ ধৰি মৎস্য পালনেৰে পৰিয়াল পোহপাল দিয়া দিগন্ত ফুকন এতিয়া সমস্যাত পৰিছে ।

জানিব পৰা মতে, তেওঁৰ নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ কেইবাটাও পৰিয়াল ভৰসা আছিল এই পুখুৰীৰ মাছ । যাৰ বাবে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে । ঘটনাটোৱে কেৱল বানমুখ মটক গোঁহাই নামৰ গাঁওখনতে নহয় সমগ্ৰ শিৱসাগৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যক গৰিহণাও দিছে । লগতে দোষীক চিনাক্ত কৰি শীঘ্ৰে শাস্তি প্ৰদানৰো দাবী জনাইছে স্থানীয় লোকসকলে ।

  • মাছ ৰপ্তানি বিতৰ্ক

উল্লেখ্য যে, শেহতীয়াকৈ উজনি অসমত মিঞা-মুছলিম খেদা অভিযান আৰম্ভ কৰিছে বিভিন্ন জাতীয় সংগঠনে । ইতিমধ্যে শিৱসাগৰকে ধৰি উজনি অসমৰ কেইবাখনো জিলাৰ পৰা সন্দেহজনক লোকে পলায়নো কৰিছে । এনে পৰিস্থিতিত নগাঁৱৰ পৰা উজনি অসমলৈ মাছ ৰপ্তানি কৰা নহ'ব বুলি একাংশ ব্যৱসায়ীয়ে হুংকাৰো দিছে ।

লগতে পঢ়ক :ডকাইতিৰ পৰিকল্পনা : মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত তিনি ডকাইত - Nagaon Crime

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.