ETV Bharat / state

অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ আহিব মীৰাবাঈ চানু - WEIGHTLIFTER MIRABAI CHANU

লক্ষ্য় ২০২৮ আৰু ২০৩২ চনৰ অলিম্পিকৰ ভাৰোত্তোলনৰ খেলুৱৈ নিৰ্বাচন । সুযোগ পাব অসমৰ খেলুৱৈয়ে ।

Sports Academy of Uttar Pradesh
শিৱসাগৰত ৰাজ্যিক পৰ্যায়ৰ প্রতিভা সন্ধানী বাছনি শিবিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 1:32 PM IST

আমগুৰি: ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সু-খবৰ । অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ পোন প্ৰথমবাৰৰ বাবে আহিব অলিম্পিক পদক বিজয়ী পদ্মশ্ৰী মীৰাবাঈ চানু । ২০২৮ আৰু ২০৩২ চনৰ অলিম্পিকৰ ভাৰোত্তোলনৰ খেলুৱৈ নিৰ্বাচন হ'ব শিৱসাগৰৰ নামতিত ।

নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ব্যায়ামাগাৰত অহা ১৬ আৰু ১৭ নবেম্বৰত হ'ব লগা বাচনিৰ বাবে প্ৰস্তুতি চলাইছে অসমৰ খেলুৱৈসকলে । অসমৰ প্ৰতিখন জিলাৰ ৮ ৰ পৰা ১৩ বছৰৰ ভাৰোত্তোলন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব উক্ত বাচনি প্ৰক্ৰিয়াত ।

শিৱসাগৰত ৰাজ্যিক পৰ্যায়ৰ প্রতিভা সন্ধানী বাছনি শিবিৰ (ETV Bharat Assam)

ৰাজ্যৰ পৰা প্রতিভাৱান ভাৰোত্তোলক চিনাক্ত কৰিবলৈ উত্তৰ প্ৰদেশৰ স্প'ৰ্টছ একাডেমীৰ সহযোগিতাত সন্থাই শিৱসাগৰত ৰাজ্যিক পৰ্যায়ৰ প্রতিভা সন্ধানী বাছনি শিবিৰৰ আয়োজনৰ যো-জা চলাইছে ।

  • প্রতিভা সন্ধানী বাছনি শিবিৰ

উল্লেখ্য যে অসম ভৰোত্তোলন সন্থাই ৰাজ্যৰ সকলো প্ৰান্তৰপৰা প্রতিভা বিকাশ কৰাৰ লক্ষ্যৰে এক অভিলাষী আঁচনি লৈছে । ৰাজ্যৰ পৰা প্রতিভাৱান ভাৰোত্তোলক চিনাক্ত কৰিবলৈ উত্তৰ প্ৰদেশৰ স্প'ৰ্টছ একাডেমীৰ সহযোগিতাত সন্থাই শিৱসাগৰত ৰাজ্যিক পৰ্যায়ৰ প্রতিভা সন্ধানী বাছনি শিবিৰৰ আয়োজন কৰিছে ।

অহা ১৫ ৰ পৰা ১৭ নৱেম্বৰলৈ শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ সহযোগত নামতিৰ শ্বহীদ পিয়লি ফুকন কলেজত এই শিবিৰ অনুষ্ঠিত হ'ব । উল্লেখ্য যে তিনিদিনীয়া এই শিবিৰত উপস্থিত থাকিব টকিঅ' অলিম্পিকৰ ৰূপৰ পদক জয়ী ভাৰোত্তোলক মীৰাবাঈ চানু, দ্রোনাচাৰ্য সম্মান লাভ কৰা ছাইৰ হাইপাৰফমেঞ্চ সঞ্চালক বিজয় শর্মা আৰু আন্তঃৰাষ্ট্ৰীয় প্রশিক্ষক লগতে ছাইৰ হাইপাৰফমেঞ্চ মেনেজাৰ অলকেশ বৰুৱা ।

শিবিৰলৈ ৮ ৰ পৰা ১৩ বছৰৰ ল'ৰা-ছোৱালীক প্ৰেৰণ কৰিবলৈ আয়োজক দুলজিৎ বৰুৱা আৰু অসীম দত্তই আহ্বান জনাইছে ।

লগতে পঢ়ক:৬ বছৰ বয়সতে ৮০ কেজি ভাৰোত্তোলন; চুৰাটৰ বিস্ময় বালক য়েতিৰ চমক

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৩ টাকৈ সোণৰ পদকেৰে উজলিল পূৰ্বাশ্ৰী - NATIONAL WEIGHTLIFTING COMPETITION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.