ETV Bharat / state

নগাঁৱত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আটক - Minority leader detained

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 1:01 PM IST

Minority leader detained: গৰিয়া জনগোষ্ঠীক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত আটক কৰা হয় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মোছাব্বিৰ আহমেদক । জেৰাৰ অন্তত আৰক্ষীয়ে নেতাগৰাকীক মুকলি কৰি দিয়ে ।

Minority leader detained
নগাঁৱত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আটক (ETV Bharat)

নগাঁও,২৭ আগষ্ট : নগাঁৱৰ ধিঙত কিশোৰী ধর্ষণৰ ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ভুক্তভোগীৰ ন্যায় বিচাৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদো অব্যাহত ৰাখিছে । এনে প্ৰতিবাদৰ মাজতে একাংশ সংগঠনৰ বিৰুদ্ধে সমাজত হিংসা বিয়পোৱাৰ অভিযোগো উত্থাপন হৈছে । এফালে উজনি অসমত যদি মিঞা মুছলমানক খেদা প্ৰক্ৰিয়া আৰম্ভ হৈছে আনফালে মধ্য অসমৰ পৰা উজনিলৈ মৎস্য ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ দিয়া হৈছে । এনেবোৰ ঘটনাৰ মাজতে আকৌ সংখ্যালঘু সংগঠন আৰু গৰিয়া জনগোষ্ঠীৰ মাজত আৰম্ভ হৈছে নতুন সংঘাতৰ !

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আটক

এইবাৰ গৰিয়া জনগোষ্ঠীক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত আটক হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী নেতা । সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আহমেদক সোমবাৰে নিশা আটক কৰে নগাঁও আৰক্ষীয়ে । সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আহমেদৰ বিৰুদ্ধে গৰিয়া জনগোষ্ঠীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম গৰিয়া জাতীয় পৰিষদে জাজৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সোমবাৰে নিশা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আহমেদক নগাঁও আৰক্ষীয়ে আটক কৰে ।

আৰক্ষীয়ে মুকলি কৰি দিয়ে আটকাধীন নেতাক

অৱশ্যে প্ৰায় ৩-৪ ঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত নিশাই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকীক মুকলি কৰি দিয়া । এই কথা সংখ্যালঘু সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা আবু বক্কৰ ছিদ্দিকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে । নিশাই আৰক্ষীয়ে আটক কৰি মোকলাই দিয়াৰ পিচত সংখ্যালঘু সংগঠনটোৰ বহু নেতা-কৰ্মী আৰক্ষী থানাত উপস্থিত হৈ সংখ্যালঘু নেতা মোছাব্বিৰ আহমেদক আদৰণি জনায় ।

লগতে পঢ়ক :তিনি বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যাহ্বান মাজত থাকি কাম কৰিছে : ৰূপজ্যোতি কুৰ্মী - MLA Rupjyoti Kurmi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.