ETV Bharat / state

মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ? - Heavy rain in assam - HEAVY RAIN IN ASSAM

Minor Boy Drowns In Drain: মহানগৰীৰ ৰাজপথৰ এটি উন্মুক্ত নলাত উটি গ’ল এটি 8 বছৰীয়া শিশু ৷ উদ্ধাৰ অভিযান অব্যাহত ৷ কাৰ ভুলৰ বাবে নলাত উটি যাবলগীয়া হ’ল শিশুটি ?

Minor Boy Missing After Drowning in drain in guwahati, Rescue operations continue
কাৰ ভুলৰ বাবে নলাত উটি গ’ল এটি শিশু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:43 AM IST

গুৱাহাটী, 5 জুলাই: ৰাজ্যজুৰি প্ৰলয়ংকাৰী বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে মহানগৰীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ মুষলধাৰ বৰষুণৰ মাজতে উন্মুক্ত নলাত উটি গ’ল এটি শিশু ৷ জ্যোতিনগৰত সংঘটিত হৈছে এই মৰ্মন্তুদ ঘটনাটো ৷

কাৰ ভুলৰ বাবে নলাত উটি গ’ল এটি শিশু (ETV Bharat Assam)

মহানগৰীৰ জ্যোতিনগৰৰ শনি মন্দিৰৰ সমীপত স্কুটীৰ পৰা পিচলি নলাত পৰি উটি যায় নুনমাটি ভৱানীপুৰৰ অবিনাশ সৰকাৰ নামৰ শিশুটি । পুৱতি নিশালৈ SDRF আৰু চানমাৰি আৰক্ষীয়ে অভিযান চলাই যদিও বাতৰি লিখাৰ পৰলৈকে আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই শিশুটিৰ ।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো

জানিব পৰা মতে, পিতৃৰ সৈতে স্কুটিত আহি থাকোতেই পিছলি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনা । বৃহস্পতিবাৰে নিশা 11 মান বজাত পিতৃৰ সৈতে এখন স্কুটীত আহি আছিল শিশুটি । দোকানৰ পৰা পিতৃ আৰু আন এজন যুৱকৰ সৈতে এখন স্কুটাৰত আহি আছিল ঘৰ অভিমুখে আহি আছিল 8 বছৰীয়া শিশুটি ।

লগতে পঢ়ক: নেৰানেপেৰা বৰষুণ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ; ব্যাহত যাতায়ত ব্যৱস্থা

সেই সময়ত ধাৰাষাৰ বৰষুণ দি থকাৰ ফলত হঠাৎ স্কুটাৰখন পিছলি নলাত বাগৰি পৰে আৰু স্কুটাৰখনৰ মাজত বহি অহা শিশুটি নলাত পৰি যায় । নলাৰ তীব্ৰ সোঁতে চকুৰ পলকতে উটুৱাই লৈ যায় শিশুটিক । সন্তানক উদ্ধাৰ কৰিবলৈ দেউতাকে নলাত জাপ দিছিল, যদিও সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ।

ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত চান্দমাৰী থানাত দেউতাকে অৱগত কৰে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক: এজাক বৰষুণৰ পিচতেই গুৱাহাটী মহানগৰীত কৃত্ৰিম বান - Artificial flood in Guwahati

স্থানীয় লোকে জনোৱা অনুসৰি, শিশুটিৰ বৃহস্পতিবাৰে পৰীক্ষা শেষ হৈছিল ৷ দিনটো দেউতাকৰ লগত দোকানত থকাৰ পাচত মাকে সন্ধিয়া সময়ত ঘৰলৈ যাবলৈ লগ ধৰিছিল যদিও দেউতাকৰ লগত যাম বুলি কৈছিল অবিনাশে । আৰু সেয়াই যেন কাল হৈ পৰিল শিশুটিৰ বাবে ৷

প্ৰশাসনৰ গাফিলতিয়েই কাল হ’ল নেকি অবিনাশৰ বাবে

কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ’ল । কিয়নো 4/5 বছৰ পূৰ্বেও সেই স্থানৰ এটা নলাত এখন স্কুল ভেন পৰি গৈছিল । কিন্তু তাৰ পিচতো গা নলৰিল বিভাগ তথা প্ৰশাসনৰ । নলাটো উন্মুক্ত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হ’ল । বৰষুণ দিলেই এতিয়া স্মাৰ্ট চিটি গুৱাহাটীৰ ৰাজপথ মৃত্যুদূতত পৰিণত হৈছে ।

লগতে পঢ়ক: ঘৰৰ সমীপৰ পুখুৰীত পৰি কৰুণ মৃত্যু 9 বছৰীয়া কিশোৰৰ

মাছৰ বাবেই অকালতে প্ৰাণ হেৰুৱালে 22 বছৰীয়া আনোৱাৰে - Youth dies by drowning

খেলি থাকোতেই ভৰি পিছল খাই পৰিল নৈত ! - 3 YR CHILD DIES BY DROWNING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.